নগাঁৱত লোকসেৱক হলধৰ ভূঞাৰ সোঁৱৰণী অনুষ্ঠান...

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নাম হলধৰ ভূঞাৰ নামত ৰাখিবলৈ চৰকাৰক আহ্বান

author-image
Asomiya Pratidin
New Update
নগাঁৱত লোকসেৱক হলধৰ ভূঞাৰ সোঁৱৰণী অনুষ্ঠান...

HALADHAR BHUYAN

ডিজিটেল সংবাদ,নগাঁওঃ ভাৰতীয় গণনাট্য সংঘৰ, নগাঁও জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে সন্ধিয়া লোকসেৱক হলধৰ ভূঞাৰ ১৩২ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। হলধৰ ভূঞাৰ পুত্ৰ তথা প্ৰবীণ চিত্ৰ সাংবাদিক মুকুট ভূঞাৰ বাসগৃহৰ চৌহদত এই উপলক্ষে এক সোঁৱৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Advertisment

সভাত নগাঁৱৰ লগতে দাতিকাষৰীয়া কেইবাখনো জিলাৰ ভালে সংখ্যক সমাজ কৰ্মীৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ গণ্য মান্য লোক উপস্থিত থাকে ।

গৌৰী বল্লভ গোস্বামী, মুনীন মহন্ত, মুকুট ভূঞা, দেবেন মুক্তিয়াৰ, শিবানন্দ কাকতি, অমৰেন্দ্ৰ শৰ্মা, জয়ন্ত বৰা ,কনক হাজৰিকা, খগেন শইকীয়া ,ৰাতুল বৰা , বুবুল শৰ্মা , ঈশান কোচৰাজবংশী , মনোজ সিংহ ৰাজা, বিৰিঞ্চি বৰা আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে । ডা০ কমল লস্কৰে হলধৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু চন্দনা বৰুৱা হাজৰিকাই এটি বৰগীতৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।অনুষ্ঠানটো আঁত ধৰে নিজৰা শইকীয়াই ।

মোলান লস্কৰে সভাপতিত্বত কৰা সভাত বহুকেইজন বক্তাই হলধৰ ভূঞাৰ কৰ্মৰাজিৰ সমাজ জীৱনলৈ মহান আৱদানৰ ওপৰত আলোকপাত কৰে । সভাত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নাম হলধৰ ভূঞাৰ নামত ৰাখিবলৈ চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

nagaon