২১ ছেপ্টেম্বৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'লোকমন্থন: ২০২২'...

সংবাদমেলৰ জৰিয়তে অনুষ্ঠানৰ সবিশেষ প্ৰকাশ...
lokmanthan 2022
lokmanthan 2022

ডিজিটেল ডেস্কঃ 'লোকমন্থন' আমাৰ দেশৰ সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদৰ সন্ধানত ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন 'প্রজ্ঞা প্ৰৱাহ'ৰ দ্বাৰা সূচনা কৰা এক যাত্ৰা। অহা ২১, ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'লোক পৰম্পৰাক মুখ্য বিষয়বস্তু হিচাপে লৈ 'লোকমন্থন: ২০২২' ৰ আয়োজন কৰা হৈছে। অসম পর্যটন উন্নয়ন নিগমৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই) এই অনুষ্ঠানৰ স্থানীয় উদ্যোক্তা।

২০১৬ চনত 'ঔপনিৱেশ মুক্ত ভাৰতীয় মন' এই বিষয়বস্তুক গুৰুত্ব দি 'লোকমন্থন'ৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত কৰা হৈছিল। ২০১৮ চনত অনুষ্ঠিত 'লোকমন্থন' দ্বিতীয় সংস্কৰণৰ বিষয়বস্তু আছিল ভাৰত বোধ: জন গণ মন; ভাৰতৰ ধাৰণা: ৰাষ্ট্র-সমাজ-মন।

এই বছৰ গুৱাহাটীত 'লোকমন্থন'ৰ তৃতীয়টো সংস্কৰণৰ আয়োজন কৰা হৈছে। উক্ত বৰ্ষৰ দ্বিবার্ষিক আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে লোকপৰম্পৰা (লোক পৰম্পৰা) আৰু উক্ত আলোচনা চক্ৰত লোক পৰম্পৰাই কেনেদৰে আমাৰ সাংস্কৃতিক চেতনা অক্ষুণ্ণ ৰখাৰ লগতে ৰাষ্ট্ৰীয় স্বাতন্ত্র্যৰ অনুভূতি শক্তিশালী কৰিছে সেই সম্পর্কে আলোচনা কৰা হ'ব।

'লোকমন্থন' এনে এক উপলক্ষ য'ত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, বুদ্ধিজীৱী আৰু শিক্ষাবিদসকল একত্রিত হয় আৰু তেওঁলোকে সমাজক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা সংশয়পূর্ণ প্রশ্নবোৰৰ এক সুমীমাংসা কৰি সৱল নেতৃত্বৰে সভ্যতাৰ প্ৰতিনিধিত্ব কৰিবলৈ সমাজক প্ৰস্তুত কৰা সন্দৰ্ভত গভীৰ চিন্তা-চৰ্চা কৰে। ইয়াৰ উপৰিও তিনিদিনীয়া অনুষ্ঠানত বিভিন্ন আলোচনা, অধ্যয়ন চক্র, সাংস্কৃতিক অনুষ্ঠান আৰু ৰাষ্ট্ৰৰ সমৃদ্ধিশালী বৈচিত্র্যতা প্ৰদৰ্শন কৰা হ'ব।

২২ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটোৰ এক উদ্বোধনী অধিৱেশনৰ আয়োজন কৰা হৈছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। লগতে 'সন্মানীয় অতিথি' হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।

২১ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত প্ৰদর্শনী তথা সাংস্কৃতিক অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ব। সন্ধিয়াৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব অসম চৰকাৰৰ উদ্যোগ আৰু -বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই, মণিপুৰ আৰু ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা চানাজাওবা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্রমুখ তীৰ্থাংক দাস কলিতাই।

আনহাতে 'লোকমন্থনে' আয়োজন কৰা বৌদ্ধিক আলোচনাচক্রসমূহ সম্বোধন কৰিব ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্রী জিষ্ণু দেৱ বাৰ্মাই। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড° ৰানোজ পেগু আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো অনুষ্ঠানত উপস্থিত থাকিব। ২৪ ছেপ্টেম্বৰৰ সামৰণি অধিৱেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান। বিশিষ্ট বুদ্ধিজীৱী, প্রসিদ্ধ শিল্পী আৰু শিক্ষাবিদসকলে বিভিন্ন অধিৱেশনত অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰিও চাৰিদিনীয়া এই অনুষ্ঠানত ৰাষ্ট্ৰৰ সমৃদ্ধিশালী বৈচিত্র্য প্রদর্শন সূচক বিভিন্ন আলোচনা চক্র, সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। ভাৰতৰ হাজাৰ বছৰীয়া পুৰণি সংস্কৃতি, ইতিহাস, ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উক্ত বৰ্ষত 'লোকমন্থনে আমাৰ জনগোষ্ঠীসমূহৰ সাংস্কৃতিক অনুশীলনত সংযুক্ত হৈ থকা পৰম্পৰাগত সম্পদৰ প্ৰদৰ্শনৰ সৈতে লোকপৰম্পৰাৰ সৌন্দৰ্য উপস্থাপন কৰিব।

উত্তৰ-পূৰ্বাঞ্চলৰ এটা পৰিয়ালত জীৱনশৈলী অন্বেষণৰ পৰা কলা আৰু শিল্পলৈকে, মাজুলীৰ মুখা নিৰ্মাণৰ পৰা মণিপুৰৰ চাগোল কাংজেইলৈকে, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ পৰা লোক সংগীতলৈকে, উত্তৰ-পূৰ্বাঞ্চলৰ কিংবদন্তীসকলৰ পৰা ঐতিহাসিক ছহিদসকলক পুনৰ দৰ্শন কৰালৈকে, এই বৰ্ষৰ 'লোকমন্থন' আশ্বর্যময় ভাৰতৰ গৌৰৱৰ প্রতি শ্রদ্ধাঞ্জলি।

'লোকমন্থনে আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ তিনিটা সন্ধিয়াও আয়োজন কৰিছে। মেঘালয়ৰ ৱাংগালা নৃত্য, মিজোৰামৰ চেৰাও নৃত্য, সত্ৰীয়া নৃত্য, অসমৰ বিহু নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি নৃত্য, নাগালেণ্ডৰ আও যোদ্ধাৰ নৃত্য, অৰুণাচল প্ৰদেশৰ য়াক নৃত্য আৰু চিংঘি চাম নৃত্য, মণিপুৰৰ ঢোল চলম আৰু থাংটা নৃত্য আদিৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰঙীন লোক-নৃত্যৰ বৰ্ণাঢ্যতা উপৰিও অঞ্চলটোৰ প্ৰতিভাৱান শিল্পীসকলে এই সন্ধিয়াবোৰত নিজস্ব প্রতিভা প্ৰদৰ্শন কৰিব। সাংস্কৃতিক অনুষ্ঠানত সমগ্ৰ ভাৰতৰ বিভিন্ন নৃত্য প্ৰকাৰ যেনে যক্ষগান, জিঝোতি নৃত্য আদিও প্রদর্শিত হ'ব।

২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ, ২০২২ লৈকে প্ৰতি সন্ধিয়া উত্তৰ-পূব ভাৰতৰ কেইজনমান প্রসিদ্ধ সংগীতজ্ঞ যেনে মণিপুৰৰ জনপ্ৰিয় লোক দল মাংকা লাইহুই, নাগালেণ্ডৰ প্রখ্যাত সংগীত ভগ্নীদ্বয় টেটচিও চিষ্টাৰছ, অসমৰ জনপ্ৰিয় সংগীত শিল্পী কল্পনা পাটোৱাৰী, নীল আকাশ, দিক্ষু আৰু ময়ুৰী দত্তই মঞ্চৰ শোভা বৃদ্ধি কৰিব। অনুষ্ঠানৰ প্ৰৱেশ বিনামূলীয়া।

'লোকমন্থন' আমাৰ সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্ন সাধনা অব্যাহত ৰখা বুদ্ধিজীৱী আৰু বৃত্তিধাৰীসকলক সংযোগ কৰাৰ এক প্ৰয়াস। এই কাৰ্যসূচীয়ে উত্তৰ-পূব ভাৰতৰ লোক পৰম্পৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব আৰু ভাৰতৰ মহান ঐতিহাসিক সম্ভাৱনাক উপস্থাপন কৰিব বুলি আশা কৰা হৈছে।

এই সম্পৰ্কে ১৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা সংবাদমেলখনি সম্বোধন কৰে জে নন্দকুমাৰ, ৰাষ্ট্ৰীয় আহ্বায়ক, প্ৰজ্ঞা প্ৰৱাহ, ড০ গার্গী শ‍ইকীয়া মহন্ত, কাৰ্যকৰী সভাপতি লোকমন্থন, ড০ হীৰকজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক, আই এফ এন ই। অনুষ্ঠানটো পৰিচালনাৰ দায়িত্বত আছিল লোকমন্থন, ২০২২ৰ যুটীয়া সম্পাদক সুৰঞ্জন দত্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in