মাজনিশা লোকসভাত পাৰিত হ'ল ৱাকফ (সংশোধনী) বিধেয়ক...

বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক পাৰিত হ'ল লোকসভাত। বুধবাৰে সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল (Waqf Bill in Parliament LIVE Updates) কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা (Kiren Rijiju) মন্ত্ৰী কিৰেন ৰিজিজুৱে।

author-image
Asomiya Pratidin
New Update
kijss

ডিজিটেল ডেস্কঃ বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক পাৰিত হ'ল লোকসভাত। বুধবাৰে সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল (Waqf Bill in Parliament LIVE Updates) কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা (Kiren Rijiju) মন্ত্ৰী কিৰেন ৰিজিজুৱে।  দিনজোৰা বিতৰ্কৰ অন্তত নিশা ১২ বজাৰ পৰাও সংসদত (Loksabha News) আৰম্ভ হয় আলোচনা। সংসদত চলে বিধেয়কখনক লৈ ভোটদান। ভোটদানৰ অন্তত অৱশেষত গৃহীত হয় বিধেয়কখন। বিধেয়কখনৰ পক্ষত ২৮৮টা ভোট পৰিছে। বিপক্ষে পৰিছে ২৩২টা ভোট।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে,   ৱাকফ হৈছে মুছলমানসকলৰ পৰা দানসূত্ৰে সংগ্ৰহ কৰা সম্পত্তি যাক মুছলমান সম্প্ৰদায়ৰ উন্নয়ন আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয় । ভাৰতত মধ্যযুগৰ পৰাই বহু মুছলমানে নিজৰ মাটি সম্পত্তি মুছলিম জনগোষ্ঠীৰ কল্যাণৰ বাবে দান দি গৈছে । ৱাকফ দুই প্ৰকাৰৰ-ৰাজহুৱা ৱাকফ আৰু বংশগতভাৱে কৰা ৱাকফ ।

 ইংৰাজসকলে ভাৰতত ৱাকফ সম্পত্তিক আইগত কৰাৰ ক্ষেত্ৰত মুছলমান ৱাকফ বৈধতা আইন ১৯৩০ প্ৰণয়ন কৰা‌ হৈছিল । পিছলৈ স্বাধীনোত্তৰ ভাৰতত 'ৱাকফ আইন ১৯৫৪ আইন' প্ৰণয়ণ কৰা হৈছিল । এই আইনখন পিছলৈ কেইবাবাৰো সংশোধন কৰা হয় ।

স্বাধীনোত্তৰ ভাৰতত ৱাকফ আইন ১৯৫৪ প্ৰণয়ন কৰি কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু সকলো ৰাজ্যতে ৰাজ্যিক ব’ৰ্ড গঠন কৰা হৈছিল । এই ৰাজ্যিক ব’ৰ্ড ৱাকফ সম্পত্তিৰ নিৰীক্ষণৰ দায়িত্বত আছে । ৱাকফ সম্পত্তিসমূহ সঠিক উদ্দেশ্যেৰে ব্যৱহাৰ হৈছে নে নাই সেয়া নিৰীক্ষণ কৰি আহিছিল। 

লোকসভা