/asomiyapratidin/media/media_files/2025/08/05/1-2025-08-05-22-41-53.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে সমগ্ৰ অসমৰ লগতে আজি গোলাঘাট জিলাৰ জিলা পুথিভঁৰালটো, গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হয়।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আৰম্ভ হোৱা আজিৰ এই সভাত বিত্ত মন্ত্ৰী তথা অজন্তা নেওঁগ, মন্ত্ৰী অতুল বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলাখনৰ অসম গণপৰিষদ দলৰ সভাপতি ড° নৃপেন বৰুৱা উপস্থিত থাকি অনুষ্ঠানটোৰ শোভাৱৰ্দ্ধন কৰে ।
আজিৰ এই অনুষ্ঠানটোত গোলাঘাট জিলাৰ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতিসকল, জিলা প্ৰশাসনৰ লগতে বিভাগীয় বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসল, সাংবাদিকসকল লগতে আন জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ সত্বা আৰু আদৰ্শ সকলোৱে স্মৰণ কৰে ।
প্ৰতিজন বিশিষ্ট অতিথিয়ে নিজৰ ভাষণত অসমীয়া সত্বা, সুৰক্ষা, আদৰ্শগত ৰাজনীতি, খিলঞ্জীয়া সত্বাৰ ৰক্ষা কৱচ নিৰ্মাণ, ভূমি সংস্কাৰ ,উচ্চ শিক্ষাৰ অসমত প্ৰাসংগিকতাৰ অৱলোকন আদি ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান আৰু বৰ্তমান সময়তো সেই প্ৰৱাহমান ধাৰাৰ প্ৰতিচ্ছবি যে প্ৰতিফলিত হোৱাতো জৰুৰী তাক লৈ আলোকপাত কৰে আৰু অসমৰ এই মহান মনিষীগৰাকীক সোৱঁৰে।
উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানটোত জিলাখনৰ চাৰিজন নিৰ্বাচিত কৰ্মচাৰীক তেওঁলোকৰ নিঃস্বাৰ্থ আৰু উৎকৃষ্ট সেৱাৰ বাবে লোক সেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই কৰ্মচাৰী সকল হৈছে গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিমান পাথৰী, দক্ষিণ গোলাঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী দিল বাহাদুৰ ছেত্ৰী, জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্য্যালযৰ কৰ্মচাৰী দিগন্ত গগৈ আৰু দেৰগাঁৱ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী কৰুণা কান্ত ৰাজবংশী।
নিজৰ কৰ্তব্য আৰু সেৱা সোৱঁৰাই দিয়া আজিৰ এই দিনটোৰ অনুষ্ঠানটোত প্ৰতিজন অতিথি আৰু উপস্থিত ৰাইজে একেমুখে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ কৰ্মৰাজি স্মৰণ কৰে আৰু সেৱা মনোভাৱ বৰ্তাই ৰাখি নিজৰ নিজৰ কামত নিয়োজিত হোৱাৰ প্ৰয়োজনীয়তা একেমুখে স্বীকাৰ কৰে