মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিত তলাবন্ধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিত তলাবন্ধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিত তলাবন্ধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিত তলাবন্ধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে। বৃহস্পতিবাৰে মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন ঠিৰাং কৰিছিল প্ৰশাসনে। কিন্তু মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া উপস্থিত হোৱাৰ পূৰ্বে সমবায় সমিতিখনৰ একাংশ অংশীদাৰ উপস্থিত হৈ সমিতি খনত তলা বন্ধ কৰি দিয়ে।

Advertisment

ৰাইজৰ অভিযোগ অনুসৰি বৰঙাবাৰী সমবায় সমিতিত পূৰ্বে প্ৰায় ৪০০০ গৰাকী ১১ টকীয়া অংশীদাৰ আছিল আৰু এই ৪০০০ অংশীদাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে প্ৰতিদ্বন্দিতা কৰিছিল নিৰ্বাচনত। কিন্তু সমবায় সমিতিখনৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰাই মৈমতালিৰে ৮০০ অংশীদাৰক ১০০ টকীয়া অংশীদাৰ হিচাবে সক্ৰিয় কৰি প্ৰায় ৩২০০ অংশীদাৰৰ অংশীদাৰ কৰ্তন কৰে।

ইয়াৰ পিছতেই মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুত হোৱা একাংশ অংশীদাৰে নিজৰ অংশীদায়িত্ব নাপায় এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হোৱা সমবায় সমিতিৰ সম্পাদকজন কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে।

Also Read: মথুৰাপুৰৰ আদৰ্শ শিক্ষক মদন কুৰ্মীক সম্বৰ্ধনা