ধুবুৰীত উচ্ছেদ অভিযানৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাল শ শ ৰাইজ...

বুধবাৰে বিয়লি ধুবুৰী প্ৰশাসন তথা পৌৰসভাৰ এটি দলে ক্ষেত্ৰ পৰিদৰ্শন কৰি সমগ্ৰ অঞ্চল খালি কৰাৰ নিৰ্দেশ দিয়াত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ......

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ  ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডত উচ্ছেদ তথা বিজেপি চৰকাৰৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত  কৰে শ শ লোকে। সন্ধিয়া চহৰ খনৰ ১১ নং ৱাৰ্ডত থকা মা-কালি মন্দিৰৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাৱস্ত কৰে বহু সংখ্যক লোকে। বিজেপি হায় হায় ধ্বনিৰে প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment

উল্লেখযোগ্য যে,  কালি বিয়লি ধুবুৰী প্ৰশাসন তথা পৌৰসভাৰ এটি দলে ক্ষেত্ৰ পৰিদৰ্শন কৰি সমগ্ৰ অঞ্চল খালি কৰাৰ নিৰ্দেশ দিয়াত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। প্ৰাপ্ত তথ্য মতে, উক্ত অঞ্চলটোত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী দলঙৰ পৰা ধুবুৰী জাহাজ ঘাটলৈকে হ'বলগীয়া লিংক ৰোড নিৰ্মাণ হ'ব।

সেয়ে পথছোৱা নিৰ্মানৰ বাবে ১১ নং ৱাৰ্ড বাহাদুৰটাৰীৰ বহু লোকৰ ঘৰ-বাৰী উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে। ঘৰ ভাঙিব লাগিব বুলি মৌখিক ভাবে প্ৰশাসনৰ ফালৰ পৰা জনোৱাৰ পিছতেই আতংকিত হৈ ৰাজপথলৈ ওলাই আহে শ শ লোক।

ধুবুৰী