/asomiyapratidin/media/media_files/2025/07/27/ap-for-web-rly-2025-07-27-23-20-40.jpg)
ডিজিটেল সংবাদ, চিৰাং : ৰে'ল বিভাগত নিযুক্তিৰ ক্ষেত্রত থলুৱাবিৰোধী বহিৰাগত বিষয়াৰ এটা চক্র সদায়েই সক্ৰিয় থকাৰ অভিযোগ প্ৰায়ে উত্থাপিত হয় । এইবেলি ৰঙিয়া ৰে'ল মাণ্ডলিকৰ অধীনস্থ ৪৭ গৰাকী থলুৱা ৰে'ল কৰ্মচাৰীয়ে চাকৰিৰ পদোন্নতি লাভ কৰাৰ পিছতো প্ৰায় ৩ বছৰ ধৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অধিকাংশ থলুৱা ৰে'ল কৰ্মচাৰীৰ পদোন্নতিৰ বাবেই বিভিন্ন ধৰনৰ অজুহাত দেখুৱাই বিগত প্ৰায় ৩ বছৰ ধৰি ফাইলৰ ৰঙাফিতাৰ মেৰপেচত ওলোমাই ৰাখিছে থলুৱা ৰে'ল কৰ্মচাৰীসকলৰ পদোন্নতিৰ তালিকা। ইয়াকে লৈ বঞ্চিত ৰে'ল কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ ।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ যুটীয়া সম্পাদক কুন্তল বোসে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি কয় যে ৰঙিয়া মাণ্ডলিকৰ অধীনস্থ এলেকাত কৰ্মৰত ১০২ ট্রেকমেন পদোন্নতিৰ বাবে ২৬-০৯-২০২২ ৰ ১৯-১০-২০২২ ভিতৰত পৰ্যায়ক্ৰমে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ২৭ জানুৱাৰী, ২০২৩ ত পৰীক্ষাৰ ঘোষিত ফলাত ৬৩ গৰাকী পদোন্নতিৰ বাবে বাছনি হৈছিল ।
ইয়াৰে কাৰিকৰী শাখাৰ ৩২ পদ আৰু ইলেক্ট্রিকেল শাখাৰ ৩১টা পদ মুঠ ৬৩ টা পদৰ প্ৰাৰ্থীক ৰেলবিভাগৰ নীতি নিয়ম অনুসৰি নিউ বঙাইগাঁওস্থিত ৰে'লৱে ৱার্কশ্বপত যোগদান কৰাৰ কথা আছিল । কিন্তু দুৰ্ভাগ্যজনক কথা যে পদোন্নতি লাভ কৰা ট্রেকমেন সকলক নিউ বঙাইগাঁওস্থিত ৰে'লৱে ৱার্কশ্বপৰ কাৰিকৰী বা ইলেক্ট্রিকেল পদত নিযুক্তিৰ ক্ষেত্রত থলুৱা বিৰোধী চক্ৰটোয়ে ষড়যন্ত্র কৰি বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে ।
তাৰ মাজতেই ইউনিয়নৰ পৰা বিভিন্ন ধৰনে হেচাঁ প্ৰয়োগ অব্যাহত থাকে । ইয়াৰ পিছত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘ ফালৰ পৰা ৰঙিয়া ৰে'ল মণ্ডল মাণ্ডলিক বিষয়া ঋতুৰাজ দাসক এই সমগ্ৰ ঘটনা সন্দৰ্ভত লিখিত ভাবে অৱগত কৰা হয়। তেতিয়াৰ ৰঙিয়া ৰেলমণ্ডলৰ মাণ্ডলিক বিষয়া ঋতুৰাজ দাসে ২৭ জুন ২০২৩ ইং তাৰিখে পদোন্নতি লাভ কৰা ৰে'ল কৰ্মচাৰী সকলক নিউ বঙাইগাঁওস্থিত ৰে'লৱে ৱার্কশ্বপত মকলৰ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনা দিয়াৰ পিছতো বিভিন্ন ধৰনৰ অজুহাত দেখুৱাই প্ৰায় ৭ মাহৰ অন্তত একপ্ৰকাৰ বাধ্য হৈ ৩ জানুৱাৰী, ২০২৪ ইং তাৰিখে ৰে'ল বিভাগে ৬৩ গৰাকীৰ ভিতৰত মেকানিকেল শাখাত ৫ জন আৰু ইলেক্ট্রিকেল শাখাত ৫ জন মুঠ ১০ জনক মকৰল কৰে ।
ইয়াকে কেন্দ্ৰ কৰি বঞ্চিত ৫৩ গৰাকী পদোন্নতি প্ৰাপ্ত ৰে'ল কৰ্মচাৰী সকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ইয়াৰ পিছত চলিত বৰ্ষৰ ৯ জুলাই তাৰিখে মাত্ৰ ৬ জনক মকলৰ কৰে । দুৰ্ভাগ্যজনক কথা এতিয়াও ৪৭ গৰাকী পদোন্নতি লাভ কৰা ৰে'ল কৰ্মচাৰী বঞ্চিত হৈ আছে ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে পৰিস্থিতিত নিউ বঙাইগাঁওস্থিত ৱার্কশ্বপটোত পদোন্নতি লাভ কৰা প্রার্থী সকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে । ফলত স্বাভাবিকতে ক্ষুব্ধ হৈ পৰিছে পদোন্নতিৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা প্রার্থীসকল।
অসমৰ থলুৱা প্রার্থীয়ে পদোন্নতি লাভ কৰা বাবেই একাংশ বহিৰাগত বিষয়াই অতি ষড়যন্ত্রমূলক ভাবে প্রার্থী তালিকাখন বন্ধ কৰি ৰাখিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে। তালিকাখনত নাম অন্তর্ভুক্ত বেছিভাগেই অসমৰ থলুৱা কৰ্মচাৰী হোৱাৰ বাবেই সমগ্র প্রক্রিয়াটোত কেনা লাগিছে নেকি ।
নিযুক্তি তালিকাখনত নাম থকা একাংশ প্রার্থীয়ে অভিযোগ কৰা অনুসৰি উত্তৰ-পূব সীমান্ত বে'লৰ প্রায় প্রতিটো মাণ্ডলিক কার্যালয়ৰ নেতৃত্বত আছে অনা-অসমীয়া বিষয়া। যিহেতু অসমীয়া প্রার্থীসকলে ৱার্কশ্বপটোত নিযুক্তি লাভ কৰিছে, সেয়ে অনা-অসমীয়া বিষয়াসকলে সমগ্র প্রক্রিয়াটোত বাধাৰ সৃষ্টি কৰিছে।
তাৎপর্যপূর্ণভাৱে ট্রেকমেনত কর্মৰত কর্মীসকলে ৱার্কশ্বপটোত নিযুক্তি লাভ কৰাৰ লগে লগে গ্রেড ওৱান কাৰিকৰী পদলৈ তেওঁলোকৰ পদোন্নতি হ'ব। অসমীয়া প্রার্থীসকলৰ এই পদোন্নতিত বাধা দিয়াৰ বাবেই অনা-অসমীয়া বিষয়াসকলে নিযুক্তিৰ প্রক্রিয়াটো বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰে তালিকাত নাম অন্তর্ভুক্ত একাংশ প্রার্থীয়ে।
এইসকল প্রার্থীৰ মতে অনা-অসমীয়া লবীটোৱে নিযুক্তি প্রক্রিয়াটো এইদৰে মাহৰ পিচত মাহ বন্ধ কৰি ৰখা কার্যত হস্তক্ষেপ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে। অসমীয়া প্রার্থীক বঞ্চিত কৰিবলৈ বহিৰাগত বিষয়াৰ চক্রটোৱে কৰা ষড়যন্ত্রক ওফৰাই থলুৱা যুবক-যুবতীসকলক ন্যায় দিবলৈ নিযুক্তি তালিকাত অন্তর্ভুক্ত প্রার্থীসকলে ৰে'ল বিভাগক আহ্বান জনায়।
এই ৰেল কৰ্মচাৰী সকলৰ সৈতে বিভিন্ন অজুহাত দেখুৱাই কৰি থকা বঞ্চনামূলক আচৰণৰ সুবিচাৰ বিচাৰি পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ যুটীয়া সম্পাদক কুন্তল বোসে দেশৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।