ডিজিটেল সংবাদ, চিৰাংঃ বিজেপি নেতৃত্বাধীন বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন ৰাইজৰ। শুকুৰবাৰে তেখেতৰ বাসগৃহৰ সন্মুখতে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
বাসুগাঁও পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ সুভাষনগৰ তথা পৌৰপতি গৰাকীৰ নিজৰ ৱাৰ্ডতে অৰ্দ্ধ শতাধিক পুৰুষ মহিলাই হাতে-হাতে প্লে’-কাৰ্ড লৈ সমদল কৰি বাসুগাঁও পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদকাৰী সকলৰ অভিযোগ যে বাসুগাঁও চহৰৰ ১ নং ৱাৰ্ড সুভাষনগৰৰ পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডল বাসগৃহলৈ যোৱা পথৰ এটা অংশৰ বাসিন্দা সকলে বিগত ৩০ বছৰ ধৰি বাৰিষাৰ বতৰত কৃত্ৰিম বানপানী আৰু কদৰ্যময় বোকাভৰা পথেৰে আৰু খৰালিৰ বতৰত ধূলিময় পথেৰে যাতায়াত কৰিব লগাত পৰিছে ।
বছৰৰ পিছত বছৰ ধৰি ভুক্তভোগী ৰাইজে উক্ত পথছোৱা মেৰামতি কৰি পকীপথলৈ উন্নীতকৰণ কৰিবলৈ বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছিল কিন্তু কাৰ্যক্ষেত্ৰত কোনো ব্যবস্থাই গ্ৰহণ কৰা নাছিল পৌৰসভাই। উপায়ন্তৰ পথছোৱাৰ বাসিন্দা সকলে বিগত বছৰত নিজৰ পকেটৰ ধন খৰচ কৰি শিল-বালি পেলাই পথছোৱা মেৰামতি কৰি খৰালিৰ বতৰত কোনোমতে যাতায়াত কৰি আছে কিন্তু বাৰিষাৰ বতৰত যাতায়াত কৰাৰ পৰিস্থিতি নাথাকে বুলি ৰাইজে অভিযোগ কৰে ।
এই পথৰে এটা অংশৰ বাসিন্দা সাধন চন্দ্ৰ মণ্ডল বাসুগাঁও পৌৰসভাৰ সভাপতি পদ অলংকৃত কৰাৰ পিছত ৰাইজে আশা কৰিছিল যে তেওঁলোকৰ দীৰ্ঘদিনৰ পথৰ সমস্যা দূৰ হ’ব। সেইমৰ্মে বাসুগাঁও পৌৰসভাৰ পৰা উক্ত পথছোৱা পকীপথলৈ উন্নীতকৰণ কৰাৰ বাবে জৰীপ পৰ্যন্ত কৰি লৈ গৈছিল পিছলৈ উক্ত পথছোৱা পকীপথলৈ উন্নীতকৰণৰ বাবে ধন আৱন্টিত হৈছিল । কিন্ত দুৰ্ভাগ্যজনক ভাবে বাসুগাঁও পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডলে অজ্ঞাত কাৰণত উক্ত পথছোৱাৰ কাম কৰাৰ পৰিবৰ্তে তিনিদিন আগৰ পৰা নিজৰ বাসগৃহলৈ যোৱাৰ পুৰণি পকীপথৰ ওপৰতে নতুনকৈ পকীপথ নিৰ্মাণ কাৰ্য চলাই থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰে ।
ইয়াৰ পিছতেই বঞ্চিত পথৰ বাসিন্দা সকলে কাম বন্ধ কৰি দি দুদিন পূৰ্বে পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডলৰ বাসগৃহত উপস্থিত হৈ কি কাৰণত ৰাইজৰ দাবীত ইতিমধ্যেই জৰীপ হৈ আবন্টিত হোৱা পথছোৱাৰ কাম নকৰি নিজৰ বাসগৃহলৈ যোৱাৰ পথছোৱা নিৰ্মাণ কৰি আছে বুলি জানিব বিচাৰে । ইয়াকে লৈ স্থানীয় ৰাইজৰ সৈতে তেখেতৰ তীব্ৰ বাকযুদ্ধ আৰম্ভ হয় ।
ৰাইজৰ অভিযোগ যে, পৌৰপতি সাধন চন্দ্ৰ মণ্ডলে ৰাইজৰ আগত কয় যে, তেওঁ পৌৰপতি থকালৈকে সেই পথটোৰ কাম নকৰে বুলি দম্ভালি মাৰি প্ৰকাশ কৰে।
তাৰ পিছত ৰাইজৰ ওপৰত খৰ্গহস্ত হৈ পৌৰপতি সাধন চন্দ্ৰ মণ্ডলে ৰাইজৰ ওপৰতে তেখেতৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন কৰি বাসুগাঁও থানাত এজাহাৰ দাখিল কৰে । পৌৰপতি সাধন চন্দ্ৰ মণ্ডলৰ এই কাৰ্য্যৰ বিৰুদ্ধে সুভাষনগৰ এলেকাৰ বাসিন্দা সকল ক্ষোভিত হৈ পৰে । প্ৰাক্তন বিজেপি নেতা বিট্টু সৰকাৰে কয় যে তেখেতৰ মইমতালি আৰু ক্ষমতাৰ বলত ইমানেই বলিয়ান হৈছে যে নিজ ৱাৰ্ড তথা তেখেতৰ বাসগৃহৰ সমীপতে সাধাৰণ জনতাৰ সুবিধাৰ্থে এটা পথ নিৰ্মাণৰ নামত ৰাইজৰ সৈতে যি ধৰণৰ ব্যবহাৰ আৰম্ভ কৰিছে সেয়া তেখেতৰ বিজেপি দলৰ আদৰ্শ নহয় ।