ডিজিটেল ডেস্কঃ ভাৰতলৈ মুক্ত চলাচলত বাধা আৰোপ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ভাৰত ম্যানমাৰ সীমান্তত ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই ঘোষণাৰ ১০ মাহ পাৰ হৈ গ’ল যদিও আজিকোপতি সম্পূৰ্ণ হোৱা নাই এই আঁচনিৰ কাম। দৰাচলতে কেন্দ্ৰই ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ ৰোধ কৰাৰ উদ্দেশ্যে সীমান্তত ফেন্সিং স্থাপনৰ সিদ্ধান্ত লয়।
কিন্তু চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধিতা কৰিছে স্থানীয় জনগোষ্ঠীয়ে। ভাৰত-ম্যানমাৰ সীমান্তত যদি ফেন্সিং স্থাপন কৰা হয়, তেন্তে দুয়োখন দেশৰ সীমান্তত বসবাস কৰা লোকসকলে বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব। সেয়েহে দুয়োখন দেশৰ সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।
বহু লোকৰ ঘৰ-বাৰী, খেতি-বাতি, ব্যৱসায়িক প্ৰতিষ্ঠান, পৰিয়াল সীমান্ত অঞ্চলত আছে। ফেন্সিঙৰ বাবে তেওঁলোকক সীমান্ত পাৰ হ’বলৈ পাছপ’ৰ্ট বা ভিছাৰ দৰে নথি-পত্ৰৰ প্ৰয়োজন হ’ব। এনেবোৰ কাৰণত ঠিকাদাৰে সীমান্তত বেৰ লগোৱাৰ বাবে শ্ৰমিক লাভ কৰা নাই।
ইফালে শ্ৰমিক উপলব্ধ নথকাৰ কাৰণ হৈছে স্থানীয় বিৰোধিতা। আনহাতে এতিয়া ২০১৮ চনৰ মে’ মাহত মুক্ত চলাচল চুক্তি (এফএমআৰ) স্বাক্ষৰিত হোৱাৰ লগে লগে দুয়োখন দেশৰ মানুহে ইখন দেশৰ সীমান্তৰ পৰা ১৬-১৬ কিলোমিটাৰৰ ভিতৰত চলাচল কৰিব পাৰিব।
এই কাৰণেই ভাৰত-ম্যানমাৰ সীমান্তত বেৰ দিয়াৰ কাম অতি লেহেমীয়া গতিত চলি আছে। শেহতীয়া তথ্য অনুসৰি মণিপুৰৰ মৰেহৰ সমীপত ১০ কিলোমিটাৰ বেৰৰ কাম সম্পূৰ্ণ হৈছে আৰু ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম সম্পূৰ্ণ হ’বলৈ ওলাইছে। মণিপুৰৰ সীমান্তত ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈদ্যুতিক বেৰ থাকিব পাৰে।
উল্লেখ্য যে, ১৬৪৩ কিলোমিটাৰ দূৰত্বত বিস্তৃত ভাৰত-ম্যানমাৰ সীমান্তত ৫২০ কিলোমিটাৰ এলেকা অৰুণাচল প্ৰদেশ, ৫১০ কিলোমিটাৰ মিজোৰাম, ৩৯৮ কিলোমিটাৰ মণিপুৰ আৰু ২১৫ কিলোমিটাৰ এলেকা নাগালেণ্ডৰ অন্তৰ্গত বুলি নিৰাপত্তা সংস্থাসমূহে প্ৰকাশ কৰিছে।