LMCH নিৰ্মাণৰ বাবে ভূমি দাতাক দিয়া প্ৰতিশ্ৰুতি নাৰাখিলে হিমন্ত বিশ্ব শৰ্মাইঃ ৰাইজৰ তীব্ৰ প্ৰতিবাদ...

ভূমি দাতাৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই..
LMCH PROTEST
LMCH PROTEST
Published on
Updated on

ডিজিটেল ডেস্কঃ বিগত দিন কেইটাত ৰাজ্যত নিযুক্তি কেলেংকাৰীয়ে তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। বিশেষকৈ লখিমপুৰ মেডিকেল কলেজৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা তালিকা প্ৰকাশ পোৱাৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বেমেজালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

নিযুক্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা বেমেজালিৰ স্পষ্ট উদাহৰণ একোজন চাকৰি প্ৰাৰ্থী ১৭ টাকৈ পদত লাভ কৰা নিযুক্তি। মেডিকেল কলেজখনৰ নিযুক্তিত সৃষ্টি হোৱা এনে বেমেজালিৰ বাবে ৰাজ্যজুৰি বিতৰ্ক সূষ্টি হৈ থকাৰ মাজতে এইবাৰ মেডিকেল কলেজখন নিৰ্মাণ কৰিবলৈ যিসকল লোকৰ পৰা ভূমি অধিগ্ৰহণ কৰিছিল সেই লোকসকলে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখ্য যে মেডিকেল কলেজ হাস্পতালখন নিৰ্মাণৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কেৱল স্থানীয় শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱাৰ লগতে স্থানীয় বিধায়ক মানৱ ডেকায়ো স্থানীয় যুৱক-যুৱতীয়েহে নিযুক্তি লাভ কৰিব বুলি স্পষ্টকৈ ৰাজহুৱা ঘোষণা কৰিছিল।

সমান্তৰালকৈ মেডিকেল কলেজ হাস্পতালখন নিৰ্মাণৰ বাবে যিসকল লোকৰ পৰা ভূমি অধিগ্ৰহণ কৰা হৈছিল সেই লোকসকলৰ পৰিয়ালৰ সদস্যক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজ হাস্পতালখনত সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ যিসকলক নিযুক্তি প্ৰদান কৰা হ'ল তাত এজনো ভূমি দাতাৰ পৰিয়ালৰ সদস্যই সংস্থাপন লাভ নকৰিলে।

যাৰ পৰিপ্ৰেক্ষিতত মেডিকেল কলেজ হাস্পতালখন স্থাপন কৰা চৌখাম গাঁৱৰ ৰাইজে আজি লখিমপুৰ মেডিকেল কলেজ হাস্পতালত অসম চৰকাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তিত বিধায়ক মানৱ ডেকাৰ গাড়ী চালক, ৰান্ধনী, পত্নীৰ বান্ধৱীকে ধৰি একাংশ ঘনিষ্ঠই নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে উকা নিযুক্তিৰ পৰীক্ষাত অ' এম শ্বীট জমা দিয়া হিন্দী ভাষী চাকৰি প্ৰাৰ্থীয়েও চাকৰি লাভ কৰাৰ অভিযোগ তথ্যসহকাৰে ফাদিল হৈছে। আনহাতে একোজন প্ৰাৰ্থীয়ে ১৭ টাকৈ পদত নিযুক্তি লাভৰ দৰেও অদ্ভূত ঘটনাৰে নজিৰ সৃষ্টি কৰিছে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি প্ৰক্ৰিয়াই। এনে পৰিস্থিতিত ভূমি দাতাসকলে আজি কৰা এই প্ৰতিবাদে পুনৰ চৰকাৰখনক বিপদ পেলাব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in