/asomiyapratidin/media/media_files/2025/05/02/lK9LuyMcpdO3T2IJ6EYZ.jpg)
ডিজিটেল ডেস্কঃ আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি।
অহা ২ আৰু ৭ মে'ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই নিৰ্বাচনৰ ফলাফল ১১মে ঘোষণা কৰিব ৷ প্ৰায় ১.৮কোটি ভোটাৰে ভোটদান কৰিব লগা এই নিৰ্বাচন এক প্ৰকাৰে প্ৰায় ১১ মাহৰ পিছত ২০২৬চনত হ’ব লগা বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ চেমি ফাইনেল বুলি ক’ব পাৰি ৷
অহা ২মে'ত ১৪খন আৰু ৭মেত ১৩খন জিলাৰ পঞ্চায়ত ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য,২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ২১৯২০জন নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যৰ মাজৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচন কৰিব ৷ ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।
এই বাৰ নিৰ্বাচনত প্ৰতীকত ৰাজনৈতিক দলৰ প্ৰতীক নাই ৷ তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য ২১৯২জন আৰু জিলা পৰিষদৰ ৩৯৭জনহে ৰাজনৈতিক দলৰ প্ৰতীকত নিৰ্বাচন খেলিব ৷ প্ৰায় ৯০.৭১লাখ পুৰুষ,৮৯.৬৫লাখ মহিলা ভোটাৰে ভোটদান কৰিব লগা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷
ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে এন ডি এ প্ৰাৰ্থী। ইয়াৰে ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খন অগপৰ দখললৈ গৈছে। এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে।
দ্বিতীয় পৰ্যায়ত ৭ মে’ত অনুষ্ঠিত হ’ব ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলা কেইখন ক্ৰমে ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।
এই নিৰ্বাচনৰ অধিসূচনা ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছিল ২ এপ্ৰিল ২০২৫ ত। দুয়োটা পৰ্যায়তে ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব। অনুষ্ঠিত হ’বলগীয়া এই পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৮০৩৬৬৮২ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯০৭১২৬৪ গৰাকী। মহিলা ভোটাৰৰ সংখ্যা ৮৯৬৫০১০ গৰাকী। তৃতীয় লীংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী।
-
May 02, 2025 17:28 IST
পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্ন
সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। বিয়লি ৪.৩০ বজাৰ লগে লগে সামৰণি পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ। দুই-এক স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কেবাখনো জিলাত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ভোটগ্ৰহণ।
-
May 02, 2025 16:27 IST
বিয়লী ৪ বজালৈকে হোৱা ভোটদানৰ হাৰৰ সবিশেষ
আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। বিয়লি ৪ বজালৈ উল্লেখিত জিলা কেইখনত হোৱা ভোটদানৰ হাৰৰ সবিশেষ...
ধেমাজী- ৫৪.২১
কাছাৰ- ৫৫.০৪
তিনিচুকীয়া- ৫৩.৮৬
শ্ৰীভূমি- ৫৫.৩৬
শিৱসাগৰ- ৫৫.২৪
হাইলাকান্দি- ৫৮.২২
ডিব্ৰুগড়- ৫৬.৪০
শোণিতপুৰ- ৫৩.৮০
লখিমপুৰ- ৫৪.৫৫
মাজুলী- ৫৪.৩০
গোলাঘাট- ৫৬.৫০
বিশ্বনাথ- ৫০.২৬
চৰাইদেউ- ৫৭.৪০ -
May 02, 2025 15:36 IST
সৰুপথাৰত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান প্ৰক্ৰিয়া...
সৰুপথাৰত পুৱাৰে পৰা প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাইজৰ শাৰীপাতি ধোন্দাচাম গাড়ী গাঁও মধ্য ইংৰাজী বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে।
-
May 02, 2025 15:33 IST
জিলা কংগ্ৰেছৰ সভাপতিৰ বাৱেই নদুৱাৰত বিগ জিৰ' হ'ল কংগ্ৰেছ: ভাস্কৰ শইকীয়া
ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী গৰম বতাহ চলি থকা মাজতে নদুৱাৰ সমষ্টিত শোকত ভাগৰি পৰিছে একাংশ কংগ্ৰেছৰ নেতা কৰ্মী ৷ নদুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ শইকীয়াই এইবেলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যিক সভাপতি ভূপেন বৰাক আজিৰ দিনটোত নদুৱাৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলৰ মনৰ বুজ ল'বলৈ এপাক হ'লেও নদুৱাৰ সমষ্টিত আহিবলৈ অনুৰোধ জনাই যুৱ কংগ্ৰেছী ভাস্কৰ শইকীয়াই ৷
-
May 02, 2025 14:02 IST
দিনৰ ১-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰৰ সবিশেষ
ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭-৩০ বজাৰ পৰা ভোটকেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব। বিয়লি ৪-৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
দিনৰ ১-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ এনেধৰণৰ-
তিনিচুকীয়া – ৪৪.৮৭ শতাংশ
ডিব্ৰুগড়- ৪১.৪৫ শতাংশ
শিৱসাগৰ- ৪৩.৩১ শতাংশ
চৰাইদেউ- ৪০.৪৬ শতাংশ
যোৰহাট- ৩৯.৪১ শতাংশ
মাজুলী- ৫০. ৪৭ শতাংশ
গোলাঘাট- ৪৩.৬০ শতাংশ
বিশ্বনাথ- ৪৮. ২১ শতাংশ
শোণিতপুৰ- ৪৪.৮৬ শতাংশ
লখিমপুৰ- ৩৬.৭১ শতাংশ
ধেমাজি- ৫১.২৩ শতাংশ
কাছাৰ- ৫৩. ০৫ শতাংশ
শ্ৰীভূমি- ৫২. ৭৩ শতাংশ
হাইলাকান্দি- ৫৪.৩১ শতাংশ। -
May 02, 2025 11:49 IST
পুৱা ১১-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰৰ সবিশেষ
ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭-৩০ বজাৰ পৰা ভোটকেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।
পুৱা ১১-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ এনেধৰণৰ-
- তিনিচুকীয়া – ৩১.৩৭ শতাংশ
- ডিব্ৰুগড়- ৩০.৪৫ শতাংশ
- শিৱসাগৰ- ৩১.৩১ শতাংশ
- চৰাইদেউ- ৩১.৪৬ শতাংশ
- যোৰহাট- ৩০.৪১ শতাংশ
- মাজুলী- ৩১. ০৭ শতাংশ
- গোলাঘাট- ৩১.৬০ শতাংশ
- বিশ্বনাথ- ৩০. ৯৩ শতাংশ
- শোণিতপুৰ- ৩১.৮৬ শতাংশ
- লখিমপুৰ- ৩০.৭১ শতাংশ
- ধেমাজি- ৩১.২৩ শতাংশ
- কাছাৰ- ৩০. ০৫ শতাংশ
- শ্ৰীভূমি- ৩০. ৭৩ শতাংশ
- হাইলাকান্দি- ৩১.৩১ শতাংশ।
-
May 02, 2025 10:56 IST
পুৱা ১০-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ...
ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭-৩০ বজাৰ পৰা ভোটকেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।
পুৱা ১০-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ এনেধৰণৰ-
- তিনিচুকীয়া – ২৫.৩৭ শতাংশ
- ডিব্ৰুগড়- ২৪.৪৫ শতাংশ
- শিৱসাগৰ- ২৫.৩১ শতাংশ
- চৰাইদেউ- ২৪.৪৬ শতাংশ
- যোৰহাট- ২৫.৪১ শতাংশ
- মাজুলী- ২৬. ০৫ শতাংশ
- গোলাঘাট- ২৪.৬০ শতাংশ
- বিশ্বনাথ- ২৫. ৯৩ শতাংশ
- শোণিতপুৰ- ২৫.৮৬ শতাংশ
- লখিমপুৰ- ২৫.৭১ শতাংশ
- ধেমাজি- ২৫.২৩ শতাংশ
- কাছাৰ- ২৬. ০৫ শতাংশ
- শ্ৰীভূমি- ২৫. ৭৩ শতাংশ
- হাইলাকান্দি- ২৫.৩১ শতাংশ।
-
May 02, 2025 10:32 IST
বৰাকৰ তিনিওখন জিলা পৰিষদ বিজেপিয়ে গঠন কৰিব বুলি দাবী কৌশিক ৰায়ৰ
আজি কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ মুঠ ৪৮৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে ১০ লাখ ৬০ হাজাৰ ১৫৫ গৰাকী ভোটাৰে। কাছাৰ বৰচাংগন ভোটকেন্দ্ৰত সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী কৌশিক ৰায়ে। বৰাকৰ তিনিওখন জিলা পৰিষদ বিজেপিয়ে গঠন কৰিব বুলি দাবী কৌশিক ৰায়ৰ।
-
May 02, 2025 09:32 IST
পুৱা ৯-০০ বজালৈকে পোৱা তথ্য অনুসৰি লখিমপুৰত ভোটদানৰ হাৰ ৭.৬৯ শতাংশ
ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭-৩০ বজাৰ পৰা ভোটকেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব। ইতিমধ্যে বহুকেইটা কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। পুৱা ৯-০০ বজালৈকে পোৱা তথ্য অনুসৰি জিলাকেইখনত ভোটদানৰ হাৰ এনেধৰণৰ -
- তিনিচুকীয়া- ৬.৩৫ শতাংশ
- ডিব্ৰুগড়- ৫.৪৩ শতাংশ
- শিৱসাগৰ- ৬.২৯ শতাংশ
- চৰাইদেউ- ৫.৪৪ শতাংশ
- যোৰহাট- ৬.৩৯ শতাংশ
- ধেমাজি- ৫.৯১ শতাংশ
- কাছাৰ- ৭.৩৬ শতাংশ
- শ্ৰীভূমি- ৭.৭১ শতাংশ
- হাইলাকান্দি- ৭.৬৯ শতাংশ
- মাজুলী- ৭.০৫ শতাংশ
- গোলাঘাট- ৫.৫৮ শতাংশ
- শোণিতপুৰ- ৬.৮৪ শতাংশ
- লখিমপুৰ- ৭.৬৯ শতাংশ
- বিশ্বনাথ- ৬.৯১ শতাংশ।
-
May 02, 2025 09:09 IST
নিৰ্বাচনৰ দিনা ঘৰত বহি থকাটো পাপ : ভূপেন বৰা
বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভোটাধিকাৰ সাৱ্যস্ত। ভোটাধিকাৰ সাৱ্যস্ত কৰি সভাপতি বৰাই কয়- "নিৰ্বাচনৰ দিনা ঘৰত বহি থকাটো পাপ।" সকলো ৰাইজক দহোবন কাটি কৰি ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান বৰাৰ। আমি কেৱল ভোটধিকাৰৰ কথা ক’লেই নহ’ব, এইটো আমাৰ দায়িত্ব। গতিকে সকলোকে ওলাই আহি ভোটদান কৰাৰ বাবে আহ্বান জনাই ভূপেন বৰাই।
-
May 02, 2025 08:27 IST
বিধায়ক মৃণাল শইকীয়া, প্ৰশান্ত ফুকন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাৱ্যস্ত কৰিলে ভোটাধিকাৰ
খুমটাইত বিধায়ক মৃণাল শইকীয়া, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন আৰু বিহপুৰীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভোটাধিকাৰ সাৱ্যস্ত। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।
সকলো ভোটাৰক ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। পঞ্চায়ত নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। কিয়নো এই নিৰ্বাচনত সকলোৱে জড়িত হৈ পৰে বুলি মন্তব্য বিধায়গৰাকীৰ।
-
May 02, 2025 07:33 IST
৭-৩০ বজাৰ লগে লগে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
২মে'ৰ পুৱা ৭-৩০ বজাৰ লগে লগে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হ'ল ভোটদান পৰ্ব। নিৰ্বাচন পৰিচালনা কৰা নিৰ্বাচনী বিষয়া- কৰ্মচাৰীৰ অনুমতি সাপেক্ষে ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আগবাঢ়িছে ভোটাৰসকল।
-
May 02, 2025 02:46 IST
যোৰহাটৰ জিলা আয়ুক্তৰ ভোটকেন্দ্ৰ পৰিদৰ্শন...
আজি যোৰহাট জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে ০২ মে' তাৰিখে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন ২০২৫ ৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে ভোটগ্ৰহণকাৰী দলসমূহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত নিৰাপদে উপস্থিত হৈছে নে নাই সেই সম্পৰ্কে বুজ লৈ কেন্দ্ৰসমূহৰ সকলো নূন্যতম সুবিধা নিশ্চিত কৰে। আনহাতে অহা কালিলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে বিষয়াসকলে কৰা প্ৰস্তুতি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে বুজ লয়। -
May 02, 2025 02:42 IST
পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু বিহালী সমজিলা প্ৰশাসন...
ৰাজ্যত ২ মে'ত অনুষ্ঠিত হ'বলগীয়া তিনিতৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সম্পূৰ্ণ সাজু বিহালী সমজিলা প্ৰশাসন৷ বিহালী সমজিলাৰ আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰা অনুসৰি বিহালী বিধান সভা সমষ্টিৰ চাৰি জিলা পৰিষদ এলেকাৰ মুঠ ভোটাৰৰ সংখ্যা ১লাখ ৫১হাজাৰ ৩৬৬ টা৷ ইয়াৰে ভিতৰত বূৰৈ জিলা পৰিষদৰ ৬ টা গাওঁ পঞ্চায়ত এলেকাৰ ৩৬,৩৫৫ গৰাকী ভোটাৰ ভিতৰত পুৰুষ ভোটাৰ ১৮,২২৮ গৰাকী, মহিলা ভোটাৰ-১৮,১২৬ গৰাকী। বাঘমৰা জিলা পৰিষদৰ ৬ গাওঁ পঞ্চায়ত এলেকাৰ মুঠ ৫৩,১৫১ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ২৬,৬৭৩ গৰাকী, মহিলা ভোটাৰ ২৬,৪৭৬ গৰাকী আৰু অন্যান্য-২ গৰাকী। বৰগাং জিলা পৰিষদৰ ৫ গাওঁ পঞ্চায়ত এলেকাৰ মুঠ ৩৪,৭৩৭ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ১৭,২৩৫ গৰাকী, মহিলা ভোটাৰ ১৭৫০১ গৰাকী আৰু অন্যান্য ১ গৰাকী। নিজ বিহালী জিলা পৰিষদৰ ৪ গাওঁ পঞ্চায়তৰ মুঠ ২৭,০৯৪ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ১৩,৭১৯ গৰাকী, মহিলা ভোটাৰ ১১,৩৩৭৫ গৰাকী।
ইয়াৰে ভিতৰত বূৰৈ জিলা পৰিষদ পদত শাসকীয় দলৰ প্ৰাৰ্থী গৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।নসমজিলা প্ৰশাসনৰ তথ্য অনুসৰি মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০ টা আৰু সৰ্বমুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২১০ টা। অতিৰিক্ত ভোট কেন্দ্ৰ ৫ টা স্থাপন কৰা হৈছে৷ ইপিনে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ২১ খন গাওঁ পঞ্চায়ত এলেকাত অনুষ্ঠিতৱ্য ভোট গ্ৰহণ তথা নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ বিহালী সমজিলা প্ৰশাসনে ৪ গৰাকী জ'নেল বিষয়া আৰু ২১ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰিছে৷ তদুপৰি বিহালী সমজিলা আয়ুক্ত তথা প্ৰশাসনে সমষ্টিটোৰ নিৰ্বাচনী কাম-কাজ পৰিচালনাৰ বাবে প্ৰায় ১৫০ ৰো অধিক যান-বাহনৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী সাজু কৰি তুলিছে৷ উল্লেখ্য যে বিহালী বিধান সভা সমষ্টিৰ ৫ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। -
May 02, 2025 02:40 IST
পুৱা ৭.৩০বজাৰ পৰা আৰম্ভ হ;ব ভোটগ্ৰহণ...
ভোটগ্ৰহণ পৰ্ব পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে অনুষ্ঠিত হ’ব। ইফালে পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ভোটগণনা ১১মে’ৰ পুৱা ৮-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বিবৃতিটোত উল্লেখ কৰিছে।