LIVE UPDATES- ডেৰ লাখ ভোটত বিজয়ী নৰেন্দ্ৰ মোডী

LIVE UPDATES- ডেৰ লাখ ভোটত বিজয়ী নৰেন্দ্ৰ মোডী

ডেৰ লাখ ভোটত বিজয়ী নৰেন্দ্ৰ মোডী

বাৰানসীৰ পৰা মুঠ ৬১২৯৭০ ভোটত জয়ী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ৰাহুলৰ মুখত হাঁহিঃ ৱায়ানাডত উৰুৱালে বিজয়ৰ নিচান

লোকসভা নিৰ্বাচনত কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা জয়লাভ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ লাভ কৰে মুঠ ৬৪৭৪৪৫ ভোট ।

নতুন দিল্লীত সুষমা তনয়াৰ অগ্ৰগতি...

নতুন দিল্লীত ৭৬৫৩৬ ভোটেৰে অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী বানসুৰী স্বৰাজে। সুষমা স্বৰাজৰ কন্যা বানসুৰী স্বৰাজে এই পৰ্যন্ত লাভ কৰিছে ৪৪৮৫৪০ ভোট।

আমেথিত পিছপৰি আছে স্মৃতি ইৰাণী

আমেথিত ১লাখতকৈও অধিক ভোটত পিছপৰি আছে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণী। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰী লাল ১৫৯২৪০ ভোটত আগবাঢ়ি আছে।

দৰং-ওদালগুৰিত দিলীপ ‌শ‌ইকীয়াৰ অগ্ৰগতি

বিজেপি- ৭,০৪,১৩৯

কংগ্ৰেছ- ৪,৬২,৪৬৮

বিপিএফ- ২,৬৫,৫৬০

সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিলীপ ‌শ‌ইকীয়াই কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ ২,৫৫,০৪১ টা ভোটত আগবাঢ়ি আছে।

ঢকুৱাখনাত প্ৰদান বৰুৱাই পালে ৬৭ হাজাৰ ১৭ভোট

৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ সম্পূৰ্ণ ভোটগণনাৰ অন্তত মুঠ ৬৭ হাজাৰ ১৭ টা ভোট লাভ কৰিলে বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই। সংগৃহীত তথ্য অনুসৰি গেৰুৱা দলৰ প্ৰাৰ্থী বৰুৱাই ৬৭,০১৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই লাভ কৰে ৪৯ হাজাৰ ৭১৩ টা ভোট।

আমেথিত পিছ পৰি আছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

আমেথিত পিছ পৰি আছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।

ডিফুত অমৰ সিং তিছুৰ অগ্ৰগতি

ডিফুত ১৯০০০ ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং তিছু

কৃপানাথ মাল্লাৰ অগ্ৰগতি

কৰিমগঞ্জত ৫০০০ ভোটত কৃপানাথ মাল্লাৰ অগ্ৰগতি

দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শইকীয়াৰ অগ্ৰগতি

দৰং-ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ অগ্ৰগতি।

কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দূৰ্গাদাস বড়োতকৈ আগবাঢ়ি আছে দিলীপ শইকীয়া।

যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ অগ্ৰগতি

৭০০০০ যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি। বিপৰীতে পিছ পৰি আছে বিজেপিৰ তপন কুমাৰ গগৈ।

বৰপেটাত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি

বৰপেটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি লাভ কৰিছে।

নগাঁৱত ২৭ হাজাৰ ভোটত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি

  • নগাঁৱত পুনৰ অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

  • প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে ২৭ হাজাৰ ভোটত।

কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদৰ অগ্ৰগতি

  • কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ অগ্ৰগতি

  • বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ ৮৯৯৪টা ভোটত আগবাঢ়ি আছে তেওঁ।

লখিমপুৰ লোকসভা সমষ্টিত ২০৫৯৩টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা

লখিমপুৰ লোকসভা সমষ্টিত ২০৫৯৩টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা। ডিব্ৰুগড় সমষ্টিত ২০৮৩৮টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।

নগাঁৱত ৭হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে সুৰেশ বৰা...

  • নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আগবাঢ়ি আছে।

  • সুৰেশ বৰাই লাভ কৰিছে ২৭৮৫৫টা ভোট।

  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ২০৭২৬টা ভোট।

ত্ৰিপুৰাৰ দুই সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীৰ বিশাল অগ্ৰগতি

  • ত্ৰিপুৰা ইষ্ট লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী কৃতি দেৱী দেৱবৰ্মন।

  • ৱেষ্ট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাতকৈ বিজেপিৰ প্ৰাৰ্থী বিপ্লৱ কুমাৰ দে ১৩৮১৫৬টা ভোটত আগবাঢ়ি আছে।

বাৰানসীত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বাৰানসী সমষ্টিত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৬২২৩টা ভোটত পিছ পৰি আছে মোডী।

লোকসভা নিৰ্বাচনৰ ফলাফল এন ডি এ আৰু ইণ্ডিয়াৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা

পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছিল লোকসভা নিৰ্বাচনৰ ভোটগণনা। এই মুহূৰ্তলৈকে ২৭৬খন আসনত আগবাঢ়ি আছে এন ডি এ আৰু ২০৬খন আসনত অগ্ৰগতি ইণ্ডয়াৰ।

পোষ্টেল বেলটৰ ভোটগণনাত ৩০০ৰো অধিক ভোটত তপন গগৈৰ অগ্ৰগতি

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰত পোষ্টেল বেলটৰ গণনাত ৩০০ৰো অধিক ভোটত তপন গগৈৰ অগ্ৰগতি।

কোন সমষ্টিত কোন আগবাঢ়ি আছে...

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি, গুৱাহাটীত বিজুলী কলিতা মেধিৰ অগ্ৰগতি, শিলচৰত পৰিমল শুক্লবৈদ্যৰ অগ্ৰগতি। একেদৰে প্ৰদ্যুত বৰদলৈয়ো লাভ কৰিছে অগ্ৰগতি।

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি

অসমৰ অন্যতম সমষ্টি ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি।

পোষ্টেল গণনাত NDAৰ প্ৰাৰ্থীৰ অগ্ৰগতি...

পোষ্টেল গণনাৰ ৩৫২খন আসনৰ তথ্য আহিছে। ১৮৮খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী। ১২৫খন আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী। আৰু বাকী ৯খন অন্যান্য দল আগবাঢ়ি আছে। 

পোষ্টেল গণনাৰ ২২৯খন আসনৰ তথ্য...

পোষ্টেল গণনাৰ ২২৯খন আসনৰ তথ্য আহিছে। ১২৩খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী। ১০০খন আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী। আৰু বাকী ৫খন অন্যান্য দল আগবাঢ়ি আছে। 

ধুবুৰীত পিছপৰি আছে বদৰুদ্দিন আজমল

ধুবুৰী সমষ্টিত পিছপৰি আছে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল।

বাৰাবাণাত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তনুষ পুৰ্ণীয়া

বাৰাবাণাতআগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তনুষ পুৰ্ণীয়া

পোষ্টেল গণনাত ৪১খন আসনত এন ডি এৰ অগ্ৰগতি...

পোষ্টেল গণনাৰ ৬৭খন আসনৰ তথ্য আহিছে। ৪১খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী। ২৬খন আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী।

পোষ্টেল গণনাত ২০খন আসনত এন ডি এৰ অগ্ৰগতি...

পোষ্টেল গণনাৰ ২০খন আসনৰ তথ্য আহিছে। ১৪খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী। ৬খন আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী।

পোষ্টেল বেলটেৰে অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ...

৮বজাৰ লগে লগে পোষ্টেল বেলটেৰে অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ৮.৩০বজালৈকে চলিব এই পোষ্টেল বেলটৰ ভোটগণনা। ৮.৩০বজাৰ পিছতে গণনা হব ই ভি এমৰ ভোটগণনা।

LIVE UPDATES- ডেৰ লাখ ভোটত বিজয়ী নৰেন্দ্ৰ মোডী
ইউৰোপৰ তিনি মহাশক্তি, জি-৭ ৰাষ্ট্ৰক অতিক্ৰমি ভাৰতীয় মহিলাৰ অভিলেখ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in