/asomiyapratidin/media/media_files/2025/02/05/VUl6EkGNoVtUqOgj7XxM.png)
আৰম্ভ হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই নিৰ্বাচনত আম আদমী পাৰ্টি (AAP), ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ত্ৰিপাক্ষিক যুদ্ধৰ সৃষ্টি হৈছে। দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে যুঁজত নামিছে প্ৰাৰ্
-
Feb 05, 2025 19:16 IST
অন্ত পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব
শান্তিপূৰ্ণভাৱে অন্ত পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব। বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬- বজাত অন্ত পৰে। অৱশ্যে ভোটাৰৰ শাৰী দীঘলীয়া হোৱা হেতু কোনো কোনো ভোটকেন্দ্ৰত এতিয়াও ভোটদান পৰ্ব চলি থকা বুলি ৰাষ্ট্ৰীয় সংবাদ সংস্থাত প্ৰকাশ পাইছে ।
-
Feb 05, 2025 16:18 IST
৩ বজালৈ ভোটদানৰ হাৰ ৪৬.৫৫ শতাংশ
নিৰ্বাচন আয়োগৰ ভোটাৰ টাৰ্ণ আউট এপৰ তথ্য অনুসৰি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ দিনৰ ৩ বজা পৰ্যন্ত ৪৬.৫৫ শতাংশ।
এই পৰ্যন্ত সৰ্বাধিক ভোটদান হৈছে নৰ্থ ইষ্ট দিল্লীত। জিলাখনত এই পৰ্যন্ত ভোটদানৰ হাৰ ৫২.৭৩ শতাংশ। আনহাতে সৰ্বনিম্ন ভোটদানৰ হাৰ নতুন দিল্লীত। ইয়াত ভোটদানৰ হাৰ মাত্ৰ ৪৩.১০ শতাংশ।
সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছে ৬৯ নং মোষ্টাফাবাদ সমষ্টিত। ইয়াত ভোটদানৰ হাৰ ৫৬.১২ শতাংশ। আনহাতে ২৩ নং কাৰোল বাঘ সমষ্টিত ভোটগান হৈছে মাত্ৰ ৩৯.০৫ শতাংশ।
-
Feb 05, 2025 13:47 IST
১ বজালৈকে ভোটদানৰ হাৰ ৩৩.৩১ শতাংশ..
সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলি আছে দিল্লী বিধানসভাৰ নিৰ্বাচন । ৭০ খন আসনযুক্ত দিল্লীৰ বিধানসভা দখলৰ বাবে উঠি পৰি লাগিছে শাসক-বিৰোধীৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থী ।
দিনৰ ১ বজা পৰ্যন্ত দিল্লীত ভোটদানৰ হাৰ- ৩৩.৩১ শতাংশ । ১১ বজালৈ এই হাৰ আছিল ১৯.৯৫ শতাংশ । সমান্তৰালভাৱে পুৱা ৯ বজালৈ ভোটদানৰ হাৰ আছিল ৮.১০ শতাংশ ।
-
Feb 05, 2025 11:53 IST
১১ বজালৈকে ভোটদানৰ হাৰ ১৯.৯৫ শতাংশ...
পুৱা ৭বজাৰে পৰা চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৭০খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি ১.৫০কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা ১১ বজালৈকে দিল্লীত ভোটদানৰ হাৰ হৈছে- ১৯.৯৫শতাংশ। পুৱা ৯ বজালৈ ভোটদানৰ হাৰ আছিল ৮.১০ শতাংশ ।
উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী নিৰ্বাচনত মুঠ ৫টা দলে প্ৰাৰ্থী থিয় কৰাইছে। আম আদমী পাৰ্টি আৰু কংগ্ৰেছে ৭০টা সমষ্টিতে প্ৰাৰ্থিত্ব দিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৬৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে বাকী দুটা সমষ্টি এৰি দিছে সহযোগী দল জে ডি ইউ আৰু এল জে পি আৰক।
-
Feb 05, 2025 09:45 IST
পুৱা ৯ বজালৈ প্ৰায় ৮.১০ শতাংশ ভোটদান...
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ।পুৱা ৭ বজাৰ পৰা ১৩,৭৬৬ টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পুৱা ৯ বজালৈ ৮.১০ শতাংশ ভোটদান সম্পন্ন হৈছে ।
-
Feb 05, 2025 09:37 IST
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভোটদান...
দিল্লী বিধানসভা নিৰ্বাচনত শাসক-বিৰোধীৰ বহু নেতা-পালিনেতাই ভোটদান কৰাৰ সমান্তৰালকৈ ভোটদান কৰিলে দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতিগৰাকীয়ে ড° ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত ভোটদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰে ।
-
Feb 05, 2025 09:32 IST
কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ ভোটদান...
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ ব্যস্ত শাসক-বিৰোধীৰ লোক । সমান্তৰালভাৱে আজি নতুন দিল্লীৰ নিৰ্মান ভৱনৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীয়ে ।
-
Feb 05, 2025 09:09 IST
পত্নীসহ ভোটদান আপ নেতা মনীষ চিছ’দিয়াৰ
বহু প্ৰত্যাশিত দিল্লীৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিছ’দিয়াই । পত্নীসহ লেডী আৰউইন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ভোটদান কৰে জাংপুৰা সমষ্টিৰ বিধায়ক প্ৰাৰ্থী মনীষ চিছ’দিয়াই ।