LIVE UPDATES- নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৭৭.০৬%

LIVE UPDATES- অসমত ৬৩.০৮ ৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত মাত্ৰ ৫০.৭১ শতাংশ ভোটদান...
LIVE UPDATES- অসমত ৬৩.০৮ ৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত মাত্ৰ ৫০.৭১ শতাংশ ভোটদান...

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ

  • গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭০.১০ শতাংশ।

  • বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৮.৮৩ শতাংশ।

  • ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৮১.৯৩ শতাংশ।

  • কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৫.৫৫ শতাংশ।

সন্ধিয়া ৫ বজালৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভোটদানৰ হাৰ ৬০.১৯ শতাংশ

অসমত ৭৪.৮৬ শতাংশ, বিহাৰত ৫৬.০১ শতাংশ, ছত্তিশগড়ত ৬৬.৮৭ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৬৫.২৩ শতাংশ, গোৱাত ৭২.৫২ শতাংশ, গুজৰাটত ৫৫.২২ শতাংশ কৰ্ণাটকত ৬৬.০৫ শতাংশ, মধ্যপ্ৰদেশত ৬২.২৮ শতাংশ, মহাৰাষ্ট্ৰত ৫৩.৪০ শতাংশ, উত্তৰ প্ৰদেশত ৫৫.১৩ শতাংশ আৰু পশ্চিম বংগত ৭৩.৯৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

সন্ধিয়া ৫ বজালৈকে অসমত ভোট দিলে ৭৪.৮৬ শতাংশ লোকে

  • গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৬৭.৬৮ শতাংশ।

  • বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৬.২০ শতাংশ।

  • ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.৭০ শতাংশ।

  • কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৪.২৪ শতাংশ।

পত্নী, জীয়ৰীৰ সৈতে ভোট দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

ৰাষ্ট্ৰীয় পৰ্যায়ত ভোটদানৰ হাৰে স্পৰ্শ কৰিলে অৰ্ধশতক ঘৰ 

অসমত ৬৩.০৮ শতাংশ, বিহাৰত ৪৬.৬৯ শতাংশ, ছত্তিশগড়ত ৫৮.১৯ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৫২.৪৩ শতাংশ, গোৱাত ৬১.৩৯ শতাংশ, গুজৰাটত ৪৭.০৩ শতাংশ কৰ্ণাটকত ৫৪.২০ শতাংশ, মধ্যপ্ৰদেশত ৫৪.০৯ শতাংশ, মহাৰাষ্ট্ৰত ৪২.৬৩ শতাংশ, উত্তৰ প্ৰদেশত ৪৬.৭৮ শতাংশ আৰু পশ্চিম বংগত ৬৩.১১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

দিনৰ ৩ বজালৈকে অসমত ভোট দিলে ৬৩.০৮শতাংশ লোক

  • গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৫৭.৪৬ শতাংশ।

  • বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৬৫.২০ শতাংশ।

  • ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৬৫.৫১ শতাংশ।

  • কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৬৩.৬৪ শতাংশ।

১ বজালৈকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভোটদানৰ হাৰ ৫০.৭১ শতাংশ

অসমত ৪৫.৮৮ শতাংশ, বিহাৰত ৩৬.৬৯ শতাংশ, ছত্তিশগড়ত ৪৬.১৪ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৩৯.৯৪ শতাংশ, গোৱাত ৪৯.০৪ শতাংশ, গুজৰাটত ৩৭.৮৩ শতাংশ কৰ্ণাটকত ৪১.৫৯ শতাংশ, মধ্যপ্ৰদেশত ৪৪.৬৭ শতাংশ, মহাৰাষ্ট্ৰত ৩১.৫৫ শতাংশ, উত্তৰ প্ৰদেশত ৩৮.১২ শতাংশ আৰু পশ্চিম বংগত ৪৯.২৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

১ বজালৈকে অসমৰ ৪ সমষ্টিত ভোটদানৰ হাৰ ৪৫.৮৮ শতাংশ

  • গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪২.১৩ শতাংশ।

  • বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪৬.৮৩ শতাংশ।

  • ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪৭.৭৩ শতাংশ।

  • কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪৬.৪৩ শতাংশ।

বিজেপিত যোগদান অভিনেতা শেখৰ চুমনৰ 

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আজি দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদিলে অভিনেতা শেখৰ চুমনে। তেওঁৰ সৈতে একেলগে বিজেপিত চামিল হ'ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মিডিয়া কোঅৰ্ডিনেটৰ ৰাধিকা খেৰা

এইবাৰৰ নিৰ্বাচন অতি জটিল আৰু গুৰুত্বপূৰ্ণ- অখিল গগৈ

গুৱাহাটীৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ভোটদান কৰি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, এইবাৰৰ নিৰ্বাচন আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি তেওঁ সকলো সচেতন লোককে ভাবি চিন্তি ভোটদান কৰিবলৈও আহ্বান জনাইছে।

পুৱা ১১.০০ বজালৈকে অসমৰ ৪টা সমষ্টিত ভোটদানৰ হাৰ...

পুৱা ১১.০০ বজালৈকে অসমৰ ৪টা সমষ্টিত ভোটদানৰ হাৰ

·         গুৱাহাটী- ২৬.২৫শতাংশ

·         বৰপেটা- ২৭.১৯শতাংশ

·         ধুবুৰী- ২৭.৭৭শতাংশ

·         কোকৰাঝাৰ- ২৮.২৮শতাংশ

অসমৰ ৪সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ- ২৭.৩৪শতাংশ

আজি সৰ্বভাৰতীয় ভোটদানৰ হাৰ- ২৫.৪১

সুস্থিৰভাৱে বিবেচনা কৰি ভোট দিয়ক, এই সুযোগ আৰু ৫বছৰলৈ নাহেঃ ড০ হীৰেন গোহাঁই...

পুৱাই পত্নী ৰাণী গোহাঁইৰ সৈতে ভোটদান সাব্যস্ত কৰিলে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। ভোটাধিকাৰ সাব্যস্ত কৰি চিন্তাবিদ গৰাকীয়ে কয়- আজিৰ দিনটোত আমাৰ দেশৰ জনতাই অনুভৱ কৰে যে এই ৰাষ্ট্ৰখন তেওঁলোকৰ ৰাষ্ট্ৰ আৰু সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে। ধনী-দুখীয়া, ক্ষমতাশালী-ক্ষমতাহীন সকলো ৰাইজে আহি ভোট প্ৰদান কৰিছে আৰু সকলোৱে অনুভৱ কৰিছে যে গণতন্ত্ৰৰ দেশত সকলো সমান। যোৱা দুটা নিৰ্বাচনত যিমান মানুহ দেখিছিলো, এইবাৰ এইটো ভোটকেন্দ্ৰত সিমান মানুহ দেখা নাই।

পুৱা ৯.৩০বজালৈকে ধুবুৰীত সৰ্বাধিক ভোটদান...

পুৱা ৯.৩০ বজালৈকে অসমৰ ৪টা সমষ্টিত ভোটদানৰ হাৰ

  • গুৱাহাটী- ১০.৩৮শতাংশ

  • বৰপেটা- ৯.২৬শতাংশ

  • ধুবুৰী- ১০.৭৭শতাংশ

  • কোকৰাঝাৰ- ৯.৭৭শতাংশ

অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ ১০.১২শতাংশ

নলবাৰীৰ এটা ভোটকেন্দ্ৰত বিকল ই ভি এম

নলবাৰীৰ এটা ভোটকেন্দ্ৰত বিকল ই ভি এম। মাত্ৰ ৩টা ভোটগ্ৰহণ কৰোতেই বিকল হৈ পৰে ই ভি এম।

পুৱা ৮-০০ বজাত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ

পুৱা ৮-০০ বজাত মিত্ৰজোঁট তথা অগপৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ...

আহমেদাবাদৰ নিচান উঃমাঃ বিদ্যালয়ত ভোটদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। পুৱাই অমিত শ্বাহৰ সৈতে বিদ্যালয়খনত থকা ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পুৱা ৭-১৮বজাত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে সাব্যস্ত কৰে ভোটাধিকাৰ

ইতিমধ্যে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭-১৮বজাত গুৱাহাটী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰ বৰঠাকুৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

পুৱা ৭বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ...

পুৱা ৭বজাৰে পৰা ৰাজ্যৰ প্ৰায় ৯সহস্ৰাধিক ভোটকেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ। অসমৰ ৮১.৭৭লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ, ইয়াৰে ২.১০লাখ নতুন ভোটাৰ।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in