Advertisment

LIVE UPDATES- বাজেট সাৰাংশ (১মিনিটতে পঢ়ক বাজেটৰ সবিশেষ)

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিছে।বিত্তমন্ত্ৰীগৰাকীয়ে আজি দাখিল কৰা বাজেটত মূলতঃ মধ্যবিত্ত শ্ৰেণীক লক্ষ্য কৰি লোৱা হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বাজেট

বাজেট Photograph: (বাজেট)

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিছে।বিত্তমন্ত্ৰীগৰাকীয়ে আজি দাখিল কৰা বাজেটত মূলতঃ মধ্যবিত্ত শ্ৰেণীক লক্ষ্য কৰি লোৱা হৈছে। বিৰোধীৰ হুলস্থুলীয়া পৰিবেশৰ মাজতে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, সকলোৰে উন্নয়নেই আমাৰ লক্ষ্য। বিশ্বত দ্ৰুতগতিত আগবাঢ়ি গৈছে ভাৰতৰ অৰ্থনীতি।

  • Feb 01, 2025 12:48 IST

    আয়কৰ ৰেহাইঃ ২০০৫চনত আছিল ১লাখ, ২০২৫ত ১২লাখলৈ বৃদ্ধি...

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰিছে যে, বাৰ্ষিক ১২লাখ টকা পৰ্যন্ত আয় কৰা লোকে এতিয়াৰে পৰা দিব নালাগে আয় কৰ। এতিয়া জানো আহক কোন বছৰত কিমান টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল। 

    ২০০৫চনত ১লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল বাজেটত। ইয়াৰ পিছতে ২০১২চনত ২লাখ টকা পৰ্যন্ত আয় কৰা লোকৰ ক্ষেত্ৰত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল। ২০১৪চনত এই সীমা আছিল ২.৫লাখ, ২০১৯চনত ৫লাখ আৰু ২০২৩চনত এই সীমা বৃদ্ধি কৰি কৰা হৈছিল ৭লাখলৈ। 

    ইয়াৰ পিছতে এতিয়া ২০২৫-২৬বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, ১২লাখ টকা পৰ্যন্ত দিব নালাগে কোনো আয়কৰ। ইয়াৰ বিপৰীতে এইবেলি বাজেটত আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে।



  • Feb 01, 2025 12:38 IST

    AI ৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে ৫০০ কোটি ব্যয় কৰিব কেন্দ্ৰই...

    কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱ ৰখা হৈছে দেশৰ সাধাৰণ বাজেটত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰা মতে এই চেণ্টাৰটোৰ নাম হব চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এ আই। ইয়াৰ বাবে বাজেটত ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।

    আনহাতে সমগ্ৰ দেশত ৫ টা নেচনেল চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ স্কিলিং স্থাপন কৰা হব বুলিও ঘোষণা কৰা হৈছে বিত্তমন্ত্ৰীগৰাকীয়ে। বিশ্ব পৰ্যায়ৰ স্কিল পাৰ্টনাৰ্শ্বিপৰ জৰিয়তে নিৰ্মাণ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ ৰখা হৈছে বাজেটত।

    আন্তঃগাঁথনিৰ বাবে আই আই টিত আসন বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে বাজেটত। বাজেট ঘোষণাত উল্লেখ কৰা মতে আই আই টি সমূহত ৬৫০০ আসন বৃদ্ধি পাব।

    মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনৰ বাবেও বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। সেই অনুসৰি অহা ৫ বছৰত দেশত মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনত ৬৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। ২০২৫ বৰ্ষত বৃদ্ধি কৰা হব ১০ হাজাৰ মেডিকেল আসন।



  • Advertisment
  • Feb 01, 2025 12:30 IST

    বাজেটৰ ডাঙৰ ঘোষণাঃ ১২লাখ টকালৈকে আয় কৰ ৰেহাই...

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬বৰ্ষৰ বাজেটত এক ডাঙৰ ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ১২লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰে। অৰ্থাত এতিয়া ১২ লাখ টকা আয় কৰা লোকে কোনোধৰণৰ আয়কৰ দিব নালাগে।  আনফালে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰলৈ বৃদ্ধি কৰাৰ কথাও বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 



  • Feb 01, 2025 12:15 IST

    বীমা খণ্ডত  প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৭৪শতাংশৰ পৰা ১০০শতাংশলৈ বৃদ্ধি...

    • বীমা খণ্ডত  প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৭৪শতাংশৰ পৰা ১০০শতাংশলৈ বৃদ্ধি।
    • ৰাজ্য চৰকাৰৰ সহযোগত দেশৰ ৫০খন পৰ্যটন ক্ষেত্ৰ উন্নীতকৰণৰ প্ৰদক্ষেপ
    • জীৱনদায়িনী ৩৭বিধ ঔষধ আৰু ১৩টা এচিচেন্ট প্ৰগেমক সম্পূৰ্ণ কৰমুক্ত ঘোষণা।
    • ৫টা নেচনেল চেন্টাৰছ অফ এক্সচিলেন্স ফৰ স্কীল স্থাপনৰ প্ৰস্তাৱ। 



  • Feb 01, 2025 11:56 IST

    মেডিকেল কলেজত ৫ বছৰত বাঢ়িব ৭৫ হাজাৰ আসনঃ জিলা হাস্পতালসমূহত নিৰ্মাণ হ'ব কৰ্কট প্ৰতিষ্ঠান....

    নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে কৃষকৰ বাবে ভাল খবৰ কঢ়িয়াই অনাৰ বাৰ্তা দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ সংসদত বাজেট পাঠ কৰাৰ সময়ত ধনধান্য যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

    তাৰোপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ পৰিমাণ বৃদ্ধি কৰা হব বুলিও জনাইছে। বৰ্তমান কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ লাখ পৰ্যন্ত ঋণ লোৱাৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকে ৫ লাখ পৰ্যন্ত ঋণ লব পাৰিব।

    তাৰোপৰি মৎস্য পালকসকলৰ বাবেও বিশেষ অৰ্থনৈতিক অঞ্চল গঢ়ি তোলা হব বুলিও জনাইছে।

    তেওঁ মহিলা উদ্যোগপতিৰ বাবে ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলা উদ্যোগীৰ বাবে ২ কোটি টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে।  

    তাৰোপৰি তেওঁ ৮ কোটি মহিলা, এক কোটি সদ্য মাতৃত্ব প্ৰাপ্ত মহিলা,  ১৮ লাখ ছাত্ৰীৰ বাবে বিশেষ পুষ্টিকৰ প্ৰকল্পৰ কথাও ঘোষণা কৰিছে। 

    চৰকাৰী ছেকেণ্ডেৰী স্কুলসমূহত ব্ৰবব্ৰেণ্ড পৰিসেৱা সংযোগ কৰিবৰ বাবে আৰু আই আই টিৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 

    তাৰোপৰি আজিৰ বাজেটত তেওঁ মেডিকেল কলেজসমূহত আগন্তুক ৫ বছৰত ৭৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণৰ কথা ঘোষণা কৰিছে। আগন্তুক বছৰতে মেডিকেল কলেজ সমূহত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ'ব। 

    জিলা হাস্পতালসমূহত কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে। তেওঁ জনোৱা মতে অহা ৩ বছৰত ২ হাজাৰ কৰ্কট প্ৰতিষ্ঠান তৈয়াৰ কৰা হ'ব। 



  • Feb 01, 2025 11:55 IST

    চহৰ উন্নয়নৰ বাবে ব্যয় কৰিব ১ লাখ কোটিঃ দেশত নিৰ্মাণ হ'ব ১২০ টা নতুন বিমান বন্দৰ...

    নিৰ্মলা সীতাৰমণে বাজেট ঘোষণাত উল্লেখ কৰিছে, হকাৰসকলৰ বাবে ইউ পি আই লিংক কৰা ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হব। চহৰ পুনৰ নিৰ্মাণৰ বাবে ব্যয় কৰা হব এক লাখ কোটি টকা।

    তাৰোপৰি ক্ষুদ্ৰ মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰৰ বাবে ব্যয় কৰা হব ২০ হাজাৰ কোটি টকা। ২০৩০ চনৰ ভিতৰত এই নিউক্লিয়াৰ ৰিয়েক্টৰসমূহ তৈয়াৰ হৈ উঠিব।

    বিহাৰৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নেচনেল ইনষ্টিটিউট অফ ফুড টেকনলজী। তাৰোপৰি ৰাজ্যখনৰ পাটনা বিমান বন্দৰক নতুনকৈ সম্প্ৰসাৰণৰ কথাও ঘোষণা কৰা হৈছে। এই বিমান বন্দৰৰ উন্নয়নৰ বাবেও ধন নিৰ্ধাৰণ কৰিলে বাজেটত।

    উল্লেখ্য যে, কেৱল বিহাৰতে নহয়, দেশত দেশত নতুনকৈ মুঠ ১২০ টা বিমান বন্দৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত ৩ টা বিমান বন্দৰ নিৰ্মাণ হব বিহাৰত।

    বহু চৰ্চিত প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছন আঁচনিখন ২০২৮ চনলৈ বৃদ্ধি কৰাৰ কথাও নিৰ্মলী সীতাৰমণে ঘোষণা কৰিছে। তাৰোপৰি অহা সপ্তাহত নতুন আয়কৰ বিল পাছ কৰিব বুলিও জনাইছে।



  • Feb 01, 2025 11:49 IST

    অষ্টমবাৰৰ বাবে বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ..

    • অষ্টমবাৰৰ বাবে বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
    • নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প। 
    • নতুনকৈ স্থাপন হব লগা এই প্ৰকল্পত ১২.৭লাখ মেট্ৰিক টন ইউৰিয়া উতপাদনৰ লক্ষ্য। 
    • দেশৰ প্ৰতিখন চিকিতসালয়ত থাকিব কৰ্কট কেন্দ্ৰ।
    • ১০০শতাংশ অঞ্চল সামৰি ল'ব জলজীৱন মিছনে।
    • জলজীৱন মিছনৰ ম্যাদ ২০২৮লৈ বৃদ্ধি। 
    • কিষাণ ক্ৰেডিট কাৰ্ড ৫লাখলৈ বৃদ্ধি। 
    • ৭.৭কোটি কৃষক উপকৃত হব এই কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে।
    • গ্ৰামাঞ্চলৰ যুৱকৰ বাবে বাট মুকলিৰ ব্যৱস্থা। 
    • ২০২৫চনৰ ভিতৰত ২০০০খন কেন্সাৰ কেন্দ্ৰ স্থাপনৰ লক্ষ্য
    • বিহাৰৰ পাটনা গ্ৰীণ ফিল্ড বিমান বন্দৰ স্থাপনৰ প্ৰস্তাৱ।
    • কপাহ খেতিৰ ওপৰত বাজেটত বিশেষ গুৰুত্ব।
    • মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ঘোষণা।
    • নিম্ন উৎপাদনশীল দেশৰ ১০০খন জিলাত উৎপাদন বৃদ্ধিৰ লক্ষ্য। 
    • দেশৰ চিকিৎসা মহাবিদ্যালয়ত সমূহত ১০হাজাৰ অতিৰিক্ত আসন সংযোগৰ ব্যৱস্থা 
    • অহা ৫বছৰত সেই আসনৰ সংখ্যা ৭৫হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য়। 



নিৰ্মলা সীতাৰমণ