LIVE UPDATE: পলকতে কোকৰাঝাৰ বাজেট অধিৱেশনৰ প্ৰতিটো খবৰ...

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু কোকৰাঝাৰৰ বি টি চি সচিবালয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ঐতিহাসিক

ঐতিহাসিক

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু  কোকৰাঝাৰৰ বি টি চি সচিবালয়। দেওবাৰে মাজনিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষ উপস্থিত হয় কোকৰাঝাৰত।

Advertisment

আজিৰ আৰম্ভণিৰ দিনটো ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব । মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ভিৰ বাঢ়িব কোকৰাঝাৰত । অৱশ্যে ভি আই পিৰ ভিৰ বাঢ়িলেও কোৰাঝাৰত বিলাসী গাড়ীৰ ভিৰ বৃদ্ধি নাপায় ।

কাৰণ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিসকলে ব্যৱহাৰ কৰা বিলাসী গাড়ীৰে কোকৰাঝাৰলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে তেওঁলোক আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰহে যাত্ৰী হ'ব । সোমবাৰে পুৱা ৫বজাতে কোকৰাঝাৰলৈ বুলি ৰাওনা হৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কসকল। 

পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰিয়ে অনুষ্ঠিত হ'ব । কালি ৰাতিয়েই কোকৰাঝাৰত উপস্থিত হৈছে ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী। 

মুখ্যমন্ত্ৰী আৰু বিধায়কসকল পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে । 

  • Feb 17, 2025 12:45 IST

    ডেৰ ঘন্টাৰ বাবে স্থগিত সদন...

    ৰাজ্যপালৰ ভাষণৰ মাজতে অখিল গগৈয়ে বি টি আৰ চুক্তিক লৈ সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ বাবে সদন ডেৰ ঘন্টাৰ বাবে স্থগিত। 



  • Feb 17, 2025 12:14 IST

    ৰাজ্যপালৰ ভাষণে আৰম্ভ কোকৰাঝাৰ বাজেট অধিৱেশন...

    ৰাজ্যপালৰ বাজেট ভাষণেৰে আৰম্ভ কোকৰাঝাৰ বাজেট অধিৱেশন। অসম উন্নতিৰ দিশত আগুৱাই যোৱা বুলি উল্লেখ ৰাজ্যপালৰ। চেমি কণ্ডাক্টৰ উদ্যোগৰ কথাও উল্লেখ ৰাজ্যপালৰ। 



  • Feb 17, 2025 10:56 IST

    বাজেট অধিৱেশনৰ পূৰ্বে কোকৰাঝাৰত কি কামত ব্যস্ত মুখ্যমন্ত্ৰী...

    কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে। 

    তেওঁ সংবাদমাধ্যমৰ আগত কয় যে,  ভূটান সীমান্তলৈ নিৰ্মাণ হ'ব পথ । বিছমুৰী দীঘলীৰ পৰা ভূটান সীমান্তলৈ যোৱা পথ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ । পথ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- অতি শীঘ্ৰেই নিৰ্মান কৰা হ'ব পথৰ কামকাজ । ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব পথ নিৰ্মানৰ কাম । প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ'ব পথ ।



  • Feb 17, 2025 10:21 IST

    কোকৰাঝাৰৰ চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানত মুখ্যমন্ত্ৰী

    যোৱা দেওবাৰে মাজনিশা কোকৰাঝাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ পথ পৰিদৰ্শন কৰে। 



  • Feb 17, 2025 10:17 IST

    ৬বজাত কেইবাখনো বিলাসী বাছত দিছপুৰৰ পৰা ৰাওনা মন্ত্ৰী বিধায়কসকল...

    কেবিনেট মন্ত্ৰীসকলকে ধৰি সকলো বিধায়ক সোমবাৰে পুৱা ৬বজাতে ৰাওনা হয় কোকৰাঝাৰলৈ। সকলোৱে একেলগে বজালীত পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ ৰাওনা হৈছে গন্তব্য স্থলীলৈ। 

    বাছত মন্ত্ৰীসকল
    বাছত মন্ত্ৰীসকল Photograph: (বাছত মন্ত্ৰীসকল)

     



কোকৰাঝাৰ