LIVE UPDATES- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল, সবিশেষ...

৩০এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে কৰে এই ঘোষণা। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃ্ত্তিমুখী শাখাৰ ফলাফল পুৱা ৯.০০বজাৰ লগে লগে উপলদ্ধ হব ৱেবচাইটত।  

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
web ap results (1)

ডিজিটেল ডেস্কঃ  ৩০এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে কৰে এই ঘোষণা। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃ্ত্তিমুখী শাখাৰ ফলাফল পুৱা ৯.০০বজাৰ লগে লগে উপলদ্ধ হব ৱেবচাইটত।  

Advertisment

পৰ্যায়ক্ৰমে জানি লওঁক আপুনি কেনেকৈ চাব এই ফলাফলঃ-

  1. ahsec.assam.gov.in, resultsassam.nic.in, or sebaonline.orgত গৈ ক্লিক কৰক
  2. হোমপেজত গৈ "AHSEC Result 2025" লিংকত ক্লিক কৰক
  3. ইয়াৰ পাছতে আপোনাৰ হোমপেজত নিৰ্দিষ্ট নিৰ্দেশনা আহিব
  4. আপোনাৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু শাখা নিৰ্বাচন কৰক
  5. HS Result 2025ৰ ফলাফল আপোনাৰ স্কীণত আহিব
  6. Download অপশ্যনত গৈ আপুনি আপোনাৰ ফোনত সংৰক্ষণ কৰিব পাৰিব এই ফলাফল। 

তলৰ ১২টা ৱেবচাইটত মাৰ্কশ্বিটৰ সৈতে লাভ কৰিব পাৰিব ফলাফলঃ-

  1. AHSEC Official Website: ahsec.assam.gov.in

  2. Assam Result: assamresult.in

  3. Assam Job Alerts: assamjobalerts.com

  4. India Results: indiaresults.com

  5. Schools9: schools9.com

  6. Shiksha Results: results.shiksha

  7. iResults (I): iresults.in

  8. iResults (Net): iresults.net

  9. Vidya Vision: vidyavision.com

  10. Jagran Josh: jagranjosh.com

  11. NDTV Education: ndtv.com

  12. The Indian Express: indianexpress.com

মেছেজৰ জৰিয়তে কেনেকৈ লাভ কৰিব ফলাফলঃ-

  1. আপোনাৰ ফোনত মেচেঞ্জাৰ খোলক
  2. এটা নতুন মেছেজ টাইপ কৰক, এনেকৈ-  ASSAM12 <space> Your-Roll-Number     
  3. প্ৰেৰণ কৰক 56263 নম্বৰলৈ
  4. ইয়াৰ পাছতে আপুনি লাভ কৰিব আপোনাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল এছ এম এছৰ জৰিয়তে।

Upolobdha এপৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফলঃ-

  1. গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰক Upolobdha এপ।
  2. অপেন কৰক আৰু টাইপ কৰক “AHSEC Result 2025.”
  3. আপোনাৰ পৰীক্ষাৰ ৰোল নং আৰু সবিশেষ টাইপ কৰক
  4. ইয়াৰ পাছতে স্কীণত দিয়া নিৰ্দেশনা অনুসৰি আপুনি লাভ কৰিব ফলাফল। 



  • Apr 30, 2025 11:01 IST

    কোন শাখাত, কোন জিলাত, কিমানে পাইছে প্ৰথম বিভাগ...

    উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত একপ্ৰকাৰৰ অভিলেখ গঢ়িলে পশ্চিম কাৰ্বি আংলং জিলাই। বিজ্ঞান শাখাত জিলাখনত উৰ্ত্তীণৰ হাৰ ১০০শতাংশই নহয়, উৰ্ত্তীণ প্ৰতিজন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে প্ৰথম বিভাগ। মুঠ ৪০গৰাকী পৰীক্ষাৰ্থী এইবাৰ জিলাখনৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল আৰু প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হবলৈ সক্ষম হৈছে। 

    বিজ্ঞান শাখাত অৱশ্যে সৰ্বাধিক সংখ্যক কামৰূপ জিলাৰ পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। জিলাখনৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল- ৪৪৫৩গৰাকী। ইয়াৰে ২০৮৬গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। আনহাতে বিজ্ঞান শাখাত বৰপেটাৰ ১৭৬২গৰাকীয়ে, ধেমাজিৰ ১১৩৯গৰাকীয়ে, কামৰূপ মেট্ৰৰ ১১২২গৰাকীয়ে, নগাঁৱত ২০০৭গৰাকীয়ে, লখিমপুৰত ১০১০গৰাকীয়ে, শোণিতপুৰত  ১০২৩গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে।

    কলা শাখাত সৰ্বাধিক প্ৰথম বিভাগ লাভ কৰা জিলাখন হৈছে- দৰং জিলা। মুঠ ৭৮৭৪গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দৰঙত ৩৩৮৬গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে। গোলাঘাটৰ ১৯৮২গৰাকীয়ে, যোৰহাটৰ ২০৭৩গৰাকীয়ে, কামৰূপৰ ২০৩৫গৰাকীয়ে, লখিমপুৰত ৩১৫২গৰাকীয়ে, নগাঁৱত ৩২৩৬গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।

    বাণিজ্য শাখাত প্ৰথম বিভাগ লাভ কৰা সৰ্বাধিক শিক্ষাৰ্থী আছে কামৰূপ মহানগৰত। মুঠ ৩১৯৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১৩৭গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে কামৰূম মেট্ৰত। কাছাৰত ৪৯৩গৰাকী, দৰঙত ২০৩,  ডিব্ৰুগড়ত ৪৬৫, নগাঁৱত ৪৪৪গৰাকী, তিনিচুকীয়াত ৩৬০গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। 



  • Apr 30, 2025 10:30 IST

    উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ ছাত্ৰ নে ছাত্ৰী আগত...

    উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। এইবাৰ কলা শাখাত মুঠ ২২৬৭৫৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ৯৬৪০৫গৰাকী। ছাত্ৰীৰ সংখ্যা আছিল- ১৩০৩৫১গৰাকী। ইয়াৰে ১৬১৫৮গৰাকী ছাত্ৰই আৰু ৩৩৪১৯গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।

    কলা শাখাত উৰ্ত্তীণৰ হাৰত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। এই শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৭৮.৪২শতাংশ। ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮২.৯৫শতাংশ। বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী ১৭৭৪৬গৰাকীৰ ভিতৰত ১২৪৫৪গৰাকী ছাত্ৰ আৰু ৫২৯২গৰাকী ছাত্ৰী।

    বাণিজ্য শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮২.০৮ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮২.৪০। বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৬৯০৯গৰাকী। ইয়াৰে ৩২৪০১গৰাকী ছাত্ৰ আৰু ২৪৫০৮গৰাকী ছাত্ৰী। বিজ্ঞান শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮৪.৩৯ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮৫.৫৪শতাংশ। 

    বহুমুখী শিক্ষা শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৬৫.৫৩ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৭৪.৩৯শতাংশ। এই শাখাত মুঠ ১২০২গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৭৯২গৰাকী ছাত্ৰ আৰু ৪১০গৰাকী ছাত্ৰী। 



  • Apr 30, 2025 10:03 IST

    তিনিওটা শাখাত ২০২৪বৰ্ষৰ তুলনাত ২০২৫ত হ্ৰাস পালে উৰ্ত্তীণৰ হাৰ...

    সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হল। এইবাৰ ফলাফলত দেখা পোৱা গল ২০২৪বৰ্ষৰ তুলনাত তিনিওটা শাখাতে উৰ্ত্তীণৰ হাৰ ২০২৫বৰ্ষত হ্ৰাস পাইছে।

    কলা শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.৩৬শতাংশ। ২০২৫বৰ্ষত সেই উৰ্ত্তীণৰ হাৰ ৭.৩৩শতাংশ হ্ৰাস পালে। ২০২৫বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ।

    বিজ্ঞান শাখাতো ২৪তুলনাত ২০২৫বৰ্ষত উৰ্ত্তীণৰ হাৰ ৫শতাংশ হ্ৰাস পাইছে। ২০২৪বৰ্ষত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৮৯.৮৮শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয়গৈ ৮৪.৮৮শতাংশ।

    বাণিজ্য শাখাতো ৬শতাংশ অধিক উৰ্ত্তীণৰ হাৰ ২০২৪বৰ্ষৰ তুলনাত হ্ৰাস পাইছে। বাণিজ্য শাখাত ২০২৫বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৭.৬৬শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয় ৮২.১৮শতাংশ। 



  • Apr 30, 2025 09:55 IST

    ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে উজ্বলিল ৬ জিলা...

    এইবাৰ ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে কেইবাখনো জিলাই অভিলেখ গঢ়িছে। বিজ্ঞান শাখাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থান লাভ কৰে পশ্চিম কাৰ্বি আংলং জিলাই। 

    জিলাখনৰ পৰা মুঠ ৪০গৰাকী পৰীক্ষাৰ্থী বিজ্ঞান শাখাৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল। এই আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উৰ্ত্তীণ হোৱাই নহয়, ৪০জন শিক্ষাৰ্থীয়েই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ জিলাখনলৈ সুখ্যাতি কঢ়িয়াই আনিছে।

    ইফালে বাণিজ্য শাখাত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থান লাভ কৰিছে দক্ষিণ শালমৰাই। বাণিজ্য শাখাত জিলাখনৰ পৰা মুঠ ১১গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে দুগৰাকীয়ে প্ৰথম বিভাগ আৰু ৯গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে।

    বহুমুখী শিক্ষা বিভাগত ১০০শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষ স্থানত আছে ক্ৰমে- বিশ্বনাথ, লখিমপুৰ, শ্ৰীভূমি আৰু নলবাৰী। বিশ্বনাথৰ পৰা এই বিভাগত মুঠ ১৩গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। তাৰেই ৮গৰাকীয়ে দ্বিতীয় আৰু ৫গৰাকী তৃতীয় বিভাগ লাভ কৰিছে।

    লখিমপুৰ জিলাৰ পৰা বহুমুখী শিক্ষা বিভাগত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১৫গৰাকী।তাৰেই ৩গৰাকীয়ে প্ৰথম আৰু ১২গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে। নলবাৰী জিলাত ৩৪গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১গৰাকীয়ে প্ৰথম, ২৬গৰাকীয়ে দ্বিতীয় আৰু ৭গৰাকীয়ে তৃতীয় স্থান লাভ কৰে।

    শ্ৰীভূমিৰ মুঠ ৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭গৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হয়। বহুমুখী শিক্ষা বিভাগত উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন স্থান আছে- কাৰ্বি আংলং জিলা। 



  • Apr 30, 2025 09:47 IST

    ১০০শতাংশ উৰ্ত্তীণৰে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং...

    • বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং
    • জিলাখনত উৰ্ত্তীণৰ হাৰ ১০০শতাংশ। 
    • বিজ্ঞান শাখাত দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা
    • জিলাখনত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৭.১৩শতাংশ।
    • বিজ্ঞান শাখাত তৃতীয় স্থানত আছে বাক্সা জিলা
    • জিলাখনৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৫.৬৬শতাংশ।
    • বজালী জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯০.১২শতাংশ। 
    • বৰপেটা জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮০.৮৯ শতাংশ। 
    • দৰং জিলাৰ জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯২.৩৮শতাংশ। 
    • ধেমাজিত জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৪.২৪শতাংশ। 
    • ডিব্ৰুগড় জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.৯১ শতাংশ। 
    • গোলাঘাট জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.৭০শতাংশ। 
    • যোৰহাটত জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯৩.৪৮ শতাংশ। 
    • কামৰূপ মেট্ৰৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮১.৪১শতাংশ। 
    • নলবাৰী জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯২.৫৮শতাংশ। 
    • নগাওঁ জিলাৰ বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৬৭শতাংশ। 
    • বিজ্ঞান শাখাৰ উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন স্থানত আছে ডিমা হাচাও ।
    • জিলাখনত উৰ্ত্তীণৰ হাৰ ৫৬.২৭শতাংশ। 



  • Apr 30, 2025 09:23 IST

    বাণিজ্য শাখাত ৬,৫১৯গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ...

    • উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭৭৪৬গৰাকী।
    • ইয়াৰে  ৬,৫১৯গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।
    • দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৭৬০গৰাকী পৰীক্ষাৰ্থী।
    • তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ২৩০৫গৰাকী পৰাক্ষাৰ্থী। 
    • বাণিজ্য শাখাত মুঠ উৰ্ত্তীণ পৰীক্ষাৰ্থীৰ সংখ্যা ১৪৫৮৪গৰাকী। 
    • উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ। 



  • Apr 30, 2025 09:23 IST

    বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ...

    • ২০২৫বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হৈছিল মুঠ- ৫৬৯০৯গৰাকী পৰীক্ষাৰ্থী।
    • ইয়াৰে প্ৰথম বিভাগ লাভ কৰিছে ২৫৮২৭গৰাকী পৰীক্ষাৰ্থীয়ে।
    • দ্বিতীয় বিভাগ লাভ কৰিছে ১৯২৮৬গৰাগকী পৰীক্ষাৰ্থীয়ে।
    • তৃতীয় বিভাগ লাভ কৰিছে ৩১৯৬গৰাকী পৰীক্ষাৰ্থীয়ে।
    • মুঠ উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৮৩০৯গৰাকী।
    • বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ- ৮৪.৮৮শতাংশ। 



  • Apr 30, 2025 09:22 IST

    কলা শাখাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ৪৯৫৭৭গৰাকী পৰীক্ষাৰ্থী...

    • এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ঘোষণা কৰা হোৱা নাই কোনো শীৰ্ষ স্থান।
    • কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ২২৬৭৫৬গৰাকী শিক্ষাৰ্থী। 
    • ইয়াৰে ৪৯৫৭৭গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ।
    • দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৮০৬৫০গৰাকী পৰীক্ষাৰ্থী
    • তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৩৫১৮গৰাকী পৰীক্ষাৰ্থী।
    • মুঠ উৰ্ত্তীণ হৈছে-  ১৮৪৭৪৫গৰাকী পৰীক্ষাৰ্থী
    • কলা শাখাত উৰ্ত্তীণৰ হাৰ-  ৮১.০৩শতাংশ।



  • Apr 30, 2025 09:22 IST

    উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা...

    • উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা।
    • কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ
    • বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৪.৮৮শতাংশ
    • বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ



  • Apr 30, 2025 08:35 IST

    পুৱা ৯বজাৰ লগে লগে লাভ কৰিব ফলাফল...

    পুৱা ৯বজাৰ লগে লগে শিক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল। ইয়াৰ বাবে ১২টাকৈ ৱেবচাইট মুকলি কৰিছে শিক্ষা বিভাগে। 



  • Apr 29, 2025 17:43 IST

    ২০২৪বৰ্ষত কিমান ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল এই পৰীক্ষাত...

    ২০২৪বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.৬৪শতাংশ। ২৪বৰ্ষত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৯০.২৯শতাংশ। উক্ত বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.২৪ আৰু বাণিজ্য শাখাত ৮৮.২৮শতাংশ শিক্ষাৰ্থী উৰ্ত্তীণ হৈছিল।২০২৪বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল ২,৭৩,৯০৮গৰাকী শিক্ষাৰ্থী। ইয়াৰে ১,৩৯,৪৮৬গৰাকী ছাত্ৰ আৰু ১,৪২,৭৩২গৰাকী আছিল ছাত্ৰী। 



  • Apr 29, 2025 17:42 IST

    ২০২৫ বৰ্ষত কিমান ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছে এই পৰীক্ষাত...

    এই বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩০,২৪২০গৰাকী ছাত্ৰ-ছাত্ৰী। এই বৰ্ষৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল ২লাখ ৩০হাজাৰ ৯১গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত ৫৭হাজাৰ ৭২৪গৰাকী আৰু বাণিজ্য শাখাত ১৭হাজাৰ ৮৬৯গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱৰ্তীণ হৈছে।



  • Apr 29, 2025 17:01 IST

    কোন বৰ্ষত কেতিয়া ঘোষণা কৰা হৈছিল ফলাফল...

     

     ২০২৫বৰ্ষত ৩০এপ্ৰিল  ২০২৪বৰ্ষত ৯মে'
    ২০২৩বৰ্ষত  ৬জুন  ২০২২বৰ্ষত ২৭জুন 

     

     

     



উচ্চতৰ মাধ্যমিক পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা