/asomiyapratidin/media/media_files/2025/03/10/DoCfsy3pdXNajSKIPRwO.jpg)
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওঁগে ২০২৫-২৬বৰ্ষৰ প্ৰায় ডেৰ লাখ কোটি টকাৰ বাজেট দাখিলৰ সম্ভাৱনা আছে। ২০২৬ৰ পূৰ্বে নিৰ্বাচনমুখী হোৱা পূৰ্ণ সম্ভাৱনা আছে অসমৰ এই পূৰ্ণাংগ বাজেটখন। লক্ষ্যণীয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন হৈছে অন্তিমখন পূৰ্ণাংগ বাজেট।
-
Mar 10, 2025 11:01 IST
বাজেট লৈ সদনত উপস্থিত বিত্তমন্ত্ৰী...
১১.৩০বজাত অসম বিধান সভাত দাখিল কৰা হব ২০২৫-২৬বৰ্ষৰ বাজেট। ইতিমধ্যে বাজেটৰ প্ৰতিলিপি লৈ অসম বিধানসভাৰ চৌহদত উপস্থিত হৈছে বিত্তমন্ত্ৰী অজন্তা নেওঁগ...
-
Mar 10, 2025 10:36 IST
মহিলা, যুৱক-যুৱতী, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক সমানে বাজেটত গুৰুত্ব দিয়া হ’বঃ অজন্তা নেওঁগ
বিত্তমন্ত্ৰী বিত্তমন্ত্ৰী অজন্তা নেওগে- মহিলা, যুৱক-যুৱতী, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক সমানে গুৰুত্ব দিয়া হ’ব বুলি মতপোষণ কৰে।
-
Mar 10, 2025 10:35 IST
বাজেটত কিহৰ ওপৰত গুৰুত্ব দিয়া হ'ব, কলে মুখ্যমন্ত্ৰীয়ে...
ইফালে বাজেট দাখিলৰ পূৰ্বে দেওবাৰে নিশা বাজেটক লৈ অনুষ্ঠিত হোৱা বিশেষ সমীক্ষামূলক বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰে, দাখিল কৰিবলগীয়া বাজেটত সমাজৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক উন্নীত কৰাৰ লক্ষ্যৰে কেইবাখনো কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰা হ’ব । ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক উপকৃত কৰা পদক্ষেপসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব ।
-
Mar 10, 2025 10:20 IST
আজি বাজেট, কাইলৈ আকৌ ঋণ ল'ব অসম চৰকাৰে...
১০মাৰ্চত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেষৰখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে যে, ১০মাৰ্চত বাজেট দাখিল কৰি ১১মাৰ্চত ৯০০কোটি টকাৰ ঋণ লব অসম চৰকাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ মাৰ্চ মাহত এয়া দ্বিতীয়বাৰৰ বাবে ঋণ লব অসম চৰকাৰে। চলিত মাহৰ বিগত ৪ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ ১১ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
প্ৰাপ্ত খবৰ অনুসৰি, ২০ বছৰৰ বাবে চৰকাৰী ষ্টক নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এই ঋণ ল'ব । ইতিমধ্যে ৰিৰ্জাভ বেংকৰ সৈতে সকলো যাৱতীয় কাম সম্পন্ন হৈছে। এইখিনিতে পুনৰ উল্লেখ কৰিব লাগিব যে, জানুৱাৰীত দুটা পৰ্যায়ত মুঠ ১,০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে ফেব্ৰুৱাৰীত ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল ।
-
Mar 10, 2025 09:47 IST
৬০০-৭০০কোটি টকাৰ ঘাটি বাজেট...
বিত্তমন্ত্ৰী অজন্তা নেওঁগে শেষৰখন পূৰ্ণাংগ বাজেটৰ জৰিয়তে ভোটাৰক আকৰ্ষণৰ বাবে মহিলা, যুৱক, হিতাধিকাৰী, কৃষক আৰু দুখীয়া লোকৰ কল্যাণৰ বাবে পুঁজি বৃদ্ধি প্ৰস্তাৱ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে এক সূত্ৰৰ খবৰ অনুসৰি, ২০২৫-২৬বিত্তীয় বৰ্ষত প্ৰায় ৬০০-৭০০কোটি টকা ঘাটিৰে ১,৫৩,৮৪৪কোটিৰ বাজেট দাখিলৰ প্ৰস্তুতি চলাইছে বিত্তীয় বিভাগে।