/asomiyapratidin/media/media_files/2025/07/07/new-ap-web-1-8-2025-07-07-18-12-43.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। একে সময়তে ভাৰতত আৰবপতিৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ফ’ৰ্বছ আলোচনীয়ে ভাৰতৰ শীৰ্ষ ১০ জন ধনী লোকৰ তালিকা প্ৰকাশ কৰিছে। আলোচনীখনৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান ২০৫ আৰবপতি আছে।
সৰ্বাধিক আৰবপতিৰ থকা দেশৰ তালিকাত ভাৰতৰ আগত আমেৰিকা আৰু চীন। গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী ধাৰাবাহিকভাৱে এই তালিকাৰ শীৰ্ষত আছে। তেওঁৰ সম্পত্তি ১১৬ বিলিয়ন ডলাৰ, যি ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৯.৫ লাখ কোটি টকা। মুকেশ আম্বানী কেৱল ভাৰতৰেই নহয় এছিয়াৰো ধনী ব্যক্তি। এই তালিকাৰ দ্বিতীয় স্থানত আছে আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী।
তালিকাত সংযোজিত হৈছে নতুন নাম
ফ’ৰ্বছৰ ভাৰতৰ শীৰ্ষ ১০ ধনী লোকৰ তালিকাত নতুন নামো সংযোজন কৰা হৈছে। ডি এল এফ গ্ৰুপৰ অধ্যক্ষ কুশল পাল সিঙৰ নাম ফ’ৰ্বছৰ তালিকাত দহ নম্বৰত আছে। কুশল পাল সিঙৰ সম্পত্তিৰ পৰিমাণ ১৮.১ বিলিয়ন ডলাৰ বুলি কোৱা হৈছে।
দেশৰ শীৰ্ষ ১০ জন ধনী লোকৰ তালিকা
তালিকাৰ শীৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আছে আৰু তেওঁৰ সম্পত্তি ১১৬ বিলিয়ন ডলাৰ, যি ভাৰতীয় টকাত প্ৰায় ৯.৫ লাখ কোটি টকা। মুকেশ আম্বানী কেৱল ভাৰতৰেই নহয় এছিয়াৰো ধনী ব্যক্তি। বিশ্বৰ ভিতৰতে ধনী ব্যক্তিৰ ভিতৰত তেওঁ আছে ১৫ নম্বৰ স্থানত।
ফৰ্বছৰ তালিকাত দ্বিতীয় স্থানত আছে গৌতম আদানী। গৌতম আদানী আদানী গোটৰ অধ্যক্ষ ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬৭ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। বিশ্বৰ ভিতৰতে ২৪ নম্বৰ স্থানত আছে আদানী।
এই তালিকাত এইছ চি এল এণ্টাৰপ্ৰাইজৰ শিৱ নাদাৰৰ নাম তিনি নম্বৰত অন্তৰ্ভুক্ত। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৮ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। শিৱ নাদৰৰ বিশ্ব ৰেংক ৪৮ নম্বৰ।
তালিকাৰ চতুৰ্থ স্থানত আছে অ’ পি জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দাল আৰু তেওঁৰ পৰিয়াল। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ৩৭.৩ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। তেওঁলোকৰ বিশ্ব ৰেংক ৪৯ নম্বৰ।
এই তালিকাত ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজৰ দিলীপ সংঘৱী পঞ্চম স্থানত আছে আৰু তেওঁৰ বিশ্ব ৰেংকিং ৭৭ নম্বৰ। দিলীপ সংঘৱীৰ সম্পত্তিৰ পৰিমাণ ২৬.৪ বিলিয়ন ডলাৰ।
এই তালিকাত ছয় নম্বৰ স্থানত আছে ভাৰতীয় ছিৰাম ইনষ্টিটিউটৰ চাইৰাছ পুনাৱালা। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫.১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। বিশ্বৰ ভিতৰতে ৮১ নম্বৰ স্থানত আছে চাইৰাছ পুনাৱালা।
তালিকাত সপ্তম স্থানত আছে বিৰলা গ্ৰুপৰ কুমাৰ মংগলম বিৰলা। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২২.২ বিলিয়ন ডলাৰ আৰু তেওঁ বিশ্বৰ ভিতৰতে ৯৫ নম্বৰ স্থানত আছে।
এই তালিকাত অষ্টম স্থানত আছে মিট্টল গ্ৰুপৰ লক্ষ্মী মিত্তল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৮.৭ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। বিশ্ব ৰেংকত ১১৬ নম্বৰ স্থানত আছে মিট্টাল।
ডি-মাৰ্টৰ প্ৰতিষ্ঠাপক ৰাধা কৃষ্ণ দমণি এই তালিকাত ৯ নম্বৰত আছে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৮.৩ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। বিশ্বৰ ভিতৰতে ১২২ নম্বৰ স্থানত আছে দমণি।
এই তালিকাত দহ নম্বৰত আছে কুশল পাল সিং, যি ডি এল এফ গ্ৰুপৰ অধ্যক্ষ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৮.১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে আৰু তেওঁ বিশ্বৰ ভিতৰতে ১২৪ নম্বৰ স্থানত আছে।