মণিপুৰত বুজন পৰিমাণৰ দেশীয় সুৰা জব্দ

চুবুৰীয়া ৰাজ্য মণিপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। বিশেষ খবৰৰ ভিত্তিত মণিপুৰৰ ননৈ জিলাৰ টুপুল এলেকাত অভিযান চলাই অসম ৰাইফলছে ১৯৬ টা হেৰ'ইনৰ পেকেট জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
372

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। বিশেষ খবৰৰ ভিত্তিত মণিপুৰৰ ননৈ জিলাৰ টুপুল এলেকাত অভিযান চলাই অসম ৰাইফলছে ১৯৬ টা হেৰ'ইনৰ পেকেট জব্দ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, ১৯৬ টা চাবোনৰ বাকচৰ জব্দ কৰা হয় হেৰ'ইনখিনি। জব্দ কৰা হেৰ'ইনখিনিৰ ওজন ২.১৯৩ কেজি বুলি সদৰী কৰিছে অসম ৰাইফলছে।

জব্দকৃত হেৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য কেইবাকোটি টকা হ'ব বুলিও জানিবলৈ দিয়ে অসম ৰাইফলছৰ সূত্ৰটোৱে। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসম ৰাইফলছে দুজন সৰবৰাহকাৰীক আটক কৰি স্থানীয় থানাত চমজাই দিয়ে।

আনহাতে, মণিপুৰৰ জিৰিবাম জিলাৰ লেইনাংপোকপি এলেকাত অভিযান চলাই অসম ৰাইফলছে ১.৮০০ বাকচ দেশীয় সুৰা জব্দ কৰিছে। জব্দ কৰা সুৰাখিনিৰ মূল্য ১৫ লাখ টকা। অবৈধ সুৰা সৰবৰাহৰ অভিযোগত অসম ৰাইফলছে দুজন লোকক আটক কৰিছে।

শিলচৰ