/asomiyapratidin/media/media_files/2025/05/16/DuVSGnSdahUbcSHc7nkF.jpg)
লিনটো বৰা ঢকুৱাখনা সমজিলাৰ আৰক্ষী অধীক্ষক নিযুক্তি
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাযোগে ৰাজ্যৰ মুঠ ৩৮ গৰাকী অসম আৰক্ষী সেৱাৰ বিষয়াক ৰদ-বদল কৰিছে । সেই অনুক্ৰমে ঢকুৱাখনা সমজিলাত প্ৰথমগৰাকী সমজিলা আৰক্ষী অধীক্ষকক নিযুক্তি প্ৰদান কৰিছে ।
গৃহ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগু স্বাক্ষৰিত এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাত লিনটো বৰাক সমজিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে। বৰাই ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
উল্লেখযোগ্য যে, ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নিযুক্তি দিয়াৰ পাছতো মুঠ ১১গৰাকী বিষয়াই কাৰ্যনিৰ্বাহ কৰি গ’ল । অথচ আজিকোপতি এটা চৰকাৰী কাৰ্য্যালয় আৰু এটা বিভাগীয় আৱাস স্থাপিত নহ’ল ।
শেহতীয়াভাৱে সমজিলা আৰক্ষী অধীক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি প্ৰদান কৰা হৈছে যদিও এই গুৰুত্বপূৰ্ণ বিভাগটো পৰিচালিত কৰিবলৈ এটা নিজস্ব কাৰ্য্যালয়ৰ অভাৱ পুনৰ আৰম্ভ হ’ল । এটা ব্যক্তিগত ভাড়া ঘৰৰ চৌহদৰ পৰাই বছৰ বছৰ ধৰি পৰিচালিত হৈ অহা এই শীর্ষ বিভাগটোৰ বাবে সুকীয়া গৃহৰ ব্যৱস্থা কৰিবলৈ লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক দাবী জনাইছে ঢকুৱাখনাবাসী ৰাইজ আৰু সংগঠনে ।