/asomiyapratidin/media/media_files/2025/04/27/F0dao1C7etaifptalPNi.jpg)
মিত্ৰজোঁটত মেলিছে ফাঁট!
ডিজিটেল সংবাদ,কলিয়াবৰঃ সমাগত পঞ্চায়ত নিৰ্বাচন। কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত কলিয়াবৰত ফাঁট মেলিছে অগপ-বিজেপিৰ মিত্ৰতাত। শীৰ্ষ পৰ্যায়ত দলীয় মিত্ৰতা আছে যদিও অগপ-বিজেপিৰ তৃণমূল কৰ্মীৰ এই মিত্ৰতা দেখিবলৈ পোৱা নাযায়। পঞ্চায়ত নিৰ্বাচনত পৰস্পৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত থিয় দিছে দুই মিত্ৰ দলৰ কৰ্মী। আনুষ্ঠানিকভাৱে নহ'লেও দলীয় নেতৃত্বই ভিতৰুৱাকৈ সমৰ্থন জনাইছে নিজ নিজ দলৰ প্ৰাৰ্থীক। কলিয়াবৰৰ কেইবাটাও পঞ্চায়তত যুঁযুধান ৰূপত সমুখ সমৰত নামিছে অগপ-বিজেপিৰ প্ৰাৰ্থী।
কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং সৰিয়হবাৰীত পৰস্পৰ প্ৰতিদ্বন্দ্বিতাত নামিছে দুই মিত্ৰদলৰ প্ৰাৰ্থী। আনুষ্ঠানিক ভাৱে ঘোষণা নহ'লেও ৱাৰ্ড সদস্য পদত দুই মিত্ৰ দলে পৃথকে পৃথকে সমৰ্থন আগবঢ়াইছে দুগৰাকী প্ৰাৰ্থীক। অগপ দলে দীপামনি দাস চন্দক সমৰ্থন কৰাৰ বিপৰীতে বিজেপি দলে সমৰ্থন কৰিছে ঝৰ্ণা চৰকাৰ দাসক। একেখন গাঁৱতে একেলগে পৰস্পৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নামিছে দুই মিত্ৰদলৰ সমৰ্থিত প্ৰাৰ্থীয়ে। ফলত জমি উঠিছে নিৰ্বাচনী যুঁজখন। পৰস্পৰ বিৰোধী অভিযোগ-প্ৰতি অভিযোগৰে উত্তাল গাঁৱৰ ৰাজনীতি।
একেদৰে ৬২ নং মাজপূৱথৰীয়া গাঁও পঞ্চায়তৰ ৬ নং নলতলি ৱাৰ্ডত অগপৰ সমৰ্থিত প্ৰাৰ্থী ভাৰ্গৱী গগৈ বৰাৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী ৰজিতা দেৱী ৷ ৱাৰ্ডটোত ভাৰ্গবী গগৈ বৰাই ব্যতিক্ৰমী কাৰ্যপন্থাৰে সকলো পক্ষৰে দৃষ্টি আকৰ্ষণেৰে প্ৰচাৰ অভিযান তুংগত উঠাৰ বিপৰীতে ৰজিতা দেৱীৰ প্ৰচাৰ অভিযান স্তিমিত পৰিলক্ষিত হৈছে। এফালে মিত্ৰতা, আনফালে সংঘাত। দলীয় নেতৃত্বৰ এনে সিদ্ধান্তত এতিয়া বিতুষ্ট হৈ পৰিছে তৃণমূল দলীয় কৰ্মী।
মিত্ৰ দল দুটাৰ নেতৃত্বৰ এনে সিদ্ধান্তত ক্ষুণ্ণ হৈ দলত্যাগ কৰাৰ লগতে অগপ-বিজেপিৰ বিৰুদ্ধে নিজাববীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই পঞ্চায়ত নিৰ্বাচনৰ যুঁজত নামিছে সৰিয়হবাৰী অঞ্চলৰ একাংশ ৰাইজ। চম্পা নাগক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰাই অগপ-বিজেপিক প্ৰত্যাহ্বান জনাইছে সৰিয়হবাৰী গাঁৱৰ ৰাইজে। লগতে বিগত সময়ত অগপ-বিজেপিৰ দখলত থকা পঞ্চায়তটোৰ বিভিন্ন আঁচনিত দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰিছে তৃণমূল কৰ্মীসকলে। জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদত দুই মিত্ৰদল অগপ-বিজেপিয়ে আসন বুজাবুজিৰে নিৰ্বাচনী যুঁজত নামিছে যদিও গাঁও সভাত একেটা ৱাৰ্ডতে দুই দলৰ কৰ্মীৰ মাজত হৈছে নিৰ্বাচনী যুঁজ। তৃণমূল কৰ্মীৰ মাজত অনুষ্ঠিত এনে নিৰ্বাচনে যুঁজে অদুৰ ভবিষ্যতে দুই দলৰ মিত্ৰতাত যে প্ৰভাৱ পেলাব সেয়া একপ্ৰকাৰ নিশ্চিত।
ইফালে, কলিয়াবৰত গৰিষ্ঠ সংখ্যক পঞ্চায়তৰ ৱাৰ্ডত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীৰ অভাৱত মূল যুঁজখন মিত্ৰজোঁট অগপ আৰু বিজেপিৰ মাজতেই আবদ্ধ থাকিব। এক কথাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ অৱস্থা বিপদাপন্ন।