/asomiyapratidin/media/media_files/2025/03/08/mzpGC3gSk5vqnYg262MO.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ ৰাইজৰ ভোটেৰে তিনিবাৰকৈ সাংসদ হোৱাৰ সুবিধা পোৱা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ নিৰ্লিপ্ততাৰ বাবে লখিমপুৰৰ লগতে উত্তৰ অসমৰ জনতাই আকাশী পথেৰে যাত্ৰাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে। সংসদত মৌন ব্ৰত পালন কৰা সাংসদ গৰাকীৰ অকৰ্মণ্যতাৰ পৰিচয় দিছে শেহতীয়াকৈ লখিমপুৰক কেন্দ্ৰীয় অসামৰিক বিমান সেৱা মন্ত্ৰালয়ে আকাশী পথেৰে এলাগী কৰি লখিমপুৰক উড়ান আচঁনিৰ পৰা বঞ্চিত কৰা ঘটনাত।
প্ৰাপ্ত তথ্য মতে কেৱল আত্মসহায়ক গোটৰ সভা সমিতি আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সভাক গুৰুত্ব দি ধেমাজি লখিমপুৰত ব্যস্ত থকা সাংসদ গৰাকীৰ জ্ঞাতসাৰেই গুৱাহাটী আৰু শ্বিলঙৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমান কোঠলৈ নিয়মিত ভাৱে চলাচল কৰা এলায়েন্স এয়াৰৰ উড়ান আঁচনিৰ বিমান খন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ অনুৰোধত লীলাবাৰীৰ নিয়মীয়া ৰুটিন বাতিল কৰি অৰুণাচলৰ তেজুক সংযোগ কৰে অসামৰিক বিমান সেৱা মন্ত্ৰালয়ে ৷
স্মৰ্তব্য যে, অৰুণাচল প্ৰদেশৰ তেজুত উন্নত মানৰ বিমান কোঠ নহ'লেও অতি উন্নত মানৰ এ এল জি অথাৎ ঐচ্ছিক অৱতৰণ স্থানলৈ নিয়মিত বিমান সেৱা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ দাবীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুৱে অনুমোদন জনায় ৷ ফলত সংশ্লিষ্ট মন্ত্ৰালয়ৰ উড়ান আঁচনিৰ আওতাৰ পৰা বাদ পৰে লীলাবাৰী আৰু শালনি ৷
উল্লেখ্য যে ২০২২ চনৰ ৩১ অক্টোবৰত লীলাবাৰী বিমান কোঠক উড়ান আঁচনিৰ নক্সাত অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় অসামৰিক বিমান সেৱা মন্ত্ৰালয়ে এলায়েন্স এয়াৰ বিমানেৰে গুৱাহাটী শ্বিলং আৰু তেজপুৰৰ শালনি হৈ আকাশী পথেৰে সংযোগ কৰিছিল। উড়ান আঁচনিত অন্তৰ্ভুক্ত বিমানৰ যাত্ৰাৰ নিৰিখ সস্তীয়া বাবে উত্তৰ অসমত জোনাইৰ পৰা তেজপুৰলৈ এই বিমান সেৱাই বিশেষ সমাদৰ লাভ কৰিছিল।
এই সন্দৰ্ভত লখিমপুৰৰ লীলাবাৰী বিমান কোঠ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত তেওঁলোকে আশ্বৰ্য প্ৰকাশ কৰে ৷ তেওঁলোকে কয় “আমাৰ যাত্ৰী যথেষ্ট আছিল ৷ যাত্ৰীৰ অভাৱ কোনো দিনে নাছিল ৷ বিমান যাত্ৰাৰ নিৰিখ উড়ানে সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰাসাম্য ৰূপত বহনৰ অৰ্থত ধাৰ্য কৰিছিল ৷ যোৱা ২৫ ডিচেম্বৰতে এয়াৰ পৰ্ট এডভাইজেৰি কমিটিৰ বৈঠক হৈছিল। তাৰ পাছত সাংসদে কি কৰিছে আমি নাজানো ? কিন্তু অনাকাংক্ষিত ভাৱে উড়ানৰ পৰা বৰ্হিভূত কৰা হৈছে লীলাবাৰীক ৷”
উল্লেখ্য যে, ২০১৪ চনত লখিমপুৰৰ সাংসদ হোৱাৰ পাছতেই প্ৰাক্তন সাংসদ সৰ্বানন্দ সোনোৱালে লীলাবাৰীলৈ নিয়মিতভাৱে এয়াৰ ইণ্ডিয়াৰ বিমান চলাচল কৰোৱাইছিল ৷ কিন্তু প্ৰদান বৰুৱা ২০১৬ ত উপ নিৰ্বাচনত জয়ী হৈ সাংসদ হোৱাৰ পাছতে গুৱাহাটীৰ পৰা সেই বিমান সেৱা বাতিল হ’ল ৷ একে সময়তে স্পাইট জেট বিমান সেৱাও বাতিল হ’ল ৷
২০২২ ৰ ৩১ অক্টোবৰত লীলাবাৰীত কেক কাটি এলায়েন্স এয়াৰ বিমান সেৱা মুকলি কৰা সাংসদ প্ৰদান বৰুৱাই উড়ান আঁচনিৰ পৰা লীলাবাৰী বাতিল হোৱাৰ পাছত পুনৰ প্ৰৱৰ্তনৰ উদ্যোগ নোলোৱাৰ অভিযোগ উঠিছে ৷ উড়ান আঁচনিত লীলাবাৰীক অন্তৰ্ভুক্ত কৰি পুনৰ সস্তীয়া বিমান যাত্ৰা অব্যাহত ৰাখিবলৈ লখিমপুৰৰ কেইবাটাও দল সংগঠনে কেন্দ্ৰীয় অসামৰিক বিমান সেৱা মন্ত্ৰালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ বৰ্তমান এলায়েন্স এয়াৰৰ মাত্ৰ এখন বিমানেৰে কেৱল কলকতা সংযোগ হৈছে সপ্তাহত তিনি দিন ৷যাত্ৰীৰ অভাৱত সেই বিমান সেৱাও বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷
উল্লেখ্য যে আজিৰ তাৰিখত সাংসদ প্ৰদান বৰুৱাই লখিমপুৰ নাওবৈচা আৰু নৱগঠিত ৰঙানদী সমষ্টিত বিধায়কৰ দৰে স্ব ইচ্ছাৰ সেৱা সুলভ কৰি সাংসদ হিচাপে কৰণীয় কাৰ্যক অৱহেলা কৰাৰ অভিযোগ উঠিছে কেতবোৰ স্ব দলীয় কৰ্মীৰ মাজত৷ অনস্বীকাৰ্য যে ২৬০০ বৰ্গফুট ৰ নাইট লেণ্ডিং গ্ৰাউণ্ডৰে লীলাবাৰী এক অত্যাধুনিক বিমান কোঠ ৷ প্ৰদান বৰুৱাৰ অমনোযোগিতা বা বিফলতাত দেশৰ আকাশী পথৰ মেপত এলাগী লীলাবাৰী ৷