সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জীৱনজোৰা সাধনা বঁটা

ভাষাতত্ববিদ তথা সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ আজি ৮৫ সংখ্যক ওপজা দিন ৷ আজিৰ এই দিনটোত মিচিং আগম কৌবাঙে সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
নাহেন্দ্ৰ পাদুনলৈ জীৱনজোৰা সাধনা বঁটা

ডিজিটেল সংবাদ, শিৱসাগৰ : ভাষাতত্ববিদ তথা সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ আজি ৮৫ সংখ্যক ওপজা দিন ৷ আজিৰ এই দিনটোত মিচিং আগম কৌবাঙে সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

Advertisment

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জীৱনজোৰা সাধনা বঁটা

উল্লেখযোগ্য যে চহৰৰ বৰ্ডিং খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত গম্ভীৰ্যপূর্ণ অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা° ৰণোজ পেগুৰ উপস্থিতিত পাদুনক এই বঁটা প্ৰদান কৰা হয়। সাহিত্যকগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত কেক কাটি ৮৫ সংখ্যক জন্মদিনো উদযাপন কৰা হয়।

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জীৱনজোৰা সাধনা বঁটা

আনহাতে এই অনুষ্ঠানতে নাহেন্দ্ৰ পাদুনৰ জীৱন আৰু কৰ্মক সামৰি প্ৰকাশ কৰা এখন অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বীৰাংগনা সতী সাধনী বিশ্ব বিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।

dr ranoj pegu