/asomiyapratidin/media/media_files/2025/01/23/SYKUnGzkTIGS48jVy6za.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট ভাষাবিদ,সাহিত্যিক ড০ উপেন ৰাভা হাকাচামলৈ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা বঁটা । সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে সাহিত্যিকগৰাকীলৈ আগবঢ়োৱা হ’ব এই বঁটা ।
উল্লেখযোগ্য যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে সাহিত্যিকগৰাকীক আগবঢ়াব উক্ত সন্মান । ২৮ জানুৱাৰীত বিশ্ববিদ্যালয়খনৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠিত হ’ব । উক্ত অনুষ্ঠানতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষাবিদগৰাকীক প্ৰদান কৰিব এই বঁটা ।
হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়খনে পোন প্ৰথমবাৰৰ বাবে সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us