২৫ বিত্তীয় বৰ্ষত ১৯,০১৩ কোটি টকা লাভেৰে পিএছইউৰ তালিকাত শীৰ্ষস্থান দখল এলআইচিৰ

২০২৪-২৫ বিত্তীয় বৰ্ষৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত পি এছ ইউৰ ভিতৰত এল আই চি আটাইতকৈ লাভজনক কোম্পানী হিচাপে পৰিগণিত হৈছে। Q4FY25 ত এল আই চিৰ অভিলেখ আছিল ১৯,০১৩ কোটি টকা।

author-image
Asomiya Pratidin
New Update
ীা

ডিজিটেল ডেস্কঃ  দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমে এক নতুন অভিলেখ সৃষ্টি কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত পি এছ ইউৰ ভিতৰত এল আই চি আটাইতকৈ লাভজনক কোম্পানী হিচাপে পৰিগণিত হৈছে।

Q4FY25 ত এল আই চিৰ অভিলেখ আছিল ১৯,০১৩ কোটি টকা। এবছৰৰ পূৰ্বে একেটা ত্ৰৈমাসিকত লাভৰ পৰিমাণ আছিল ১৩,৭৬৩ কোটি টকা। বীমা প্ৰতিষ্ঠানটোৰ পিছতে চতুৰ্থ ত্ৰৈমাসিকৰ ভিতৰত ১৮,৬৪৩ কোটি টকা লাভ কৰি দেশৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেংক অৱ ইণ্ডিয়াই (এছ বি আই)লাভ কৰে। 

শ্বেয়াৰ বজাৰত উপলব্ধ তথ্য অনুসৰি মাৰ্চ ত্ৰৈমাসিকত আন পি এছ ইউ কয়লা ইণ্ডিয়াই ৯,৬০৪ কোটি টকা লাভ কৰাৰ বিপৰীতে পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন (পি এফ চি)ৰ ৮,৩৫৮ কোটি আৰু এন টি পি চিয়ে ৭,৮৯৭ কোটি টকা লাভ কৰে।

তেল খণ্ডত চতুৰ্থ ত্ৰৈমাসিকত ভাৰতীয় তেল নিগমে ৭,২৬৫ কোটি টকা লাভ কৰাৰ বিপৰীতে অ’এনজিচিয়ে ৬,৪৪৮ কোটি টকা লাভ কৰে।

এল আই চি