Advertisment

গহপুৰত মুক্ত পুথিভঁৰালৰ শুভ উদ্বোধনী অনুষ্ঠান

"প্ৰজ্ঞান" নামৰ এই মুক্ত পুথিভঁৰালতো উদ্বোধন কৰি দিয়া ভাষণত অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণে সমজিলা আয়ুক্ত লুকুমণি বৰাৰ এই মহৎ পদক্ষেপক শলাগ লয়

author-image
Asomiya Pratidin
New Update
fg

ডিজিটেল সংবাদ,ছয়দুৱাৰ:  প্ৰশাসনিক কামৰ সীমাহীন ব্যস্ততাৰ মাজত প্ৰজ্ঞাৰ বন্তি জ্বলাই জ্ঞানৰ অন্বেষণৰ যাত্ৰা অব্যাহত ৰখা গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাৰ তৎপৰতাত গহপুৰ নগৰৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ পাৰত আজি আয়তীৰ উৰুলি আৰু গায়ন-বায়নৰ মংগলময় ধ্বনিৰ মাজত পুনৰ আন এটা মুক্ত পুথিভঁৰালৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা হয়।

Advertisment

"প্ৰজ্ঞান" নামৰ এই মুক্ত পুথিভঁৰালতো উদ্বোধন কৰি দিয়া ভাষণত অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণে সমজিলা আয়ুক্ত লুকুমণি বৰাৰ এই মহৎ পদক্ষেপক শলাগ লৈ কয় যে অসমত এতিয়ালৈকে বহুত বিপ্লৱ হৈছে।বিপ্লৱে এতিয়া অসম নধৰা হৈছে।কিন্তু জ্ঞান আৰু প্ৰজ্ঞাৰ বিপ্লৱ যেন পিছ পৰি ৰৈছে অসমত।যি বিপ্লৱ মহাপুৰুষ শংকৰদেৱে অসমত আৰম্ভ কৰি সত্ৰ,নামঘৰত পুথিভঁৰাল সাজি মানুহক শিক্ষিত কৰি তুলি সুন্দৰ সমাজ গঢ়িছিল,সেইগৰাকী শংকৰদেৱৰ আদৰ্শ আৰু জ্ঞানৰ বিপ্লৱৰ অংশীদাৰ হ'ব পৰা নাই আজিৰ প্ৰজন্ম।

ংম

লগতে কয় যে, সন্তানক এচিএছ কিম্বা ডাক্তৰ, ইঞ্জিনীয়াৰ গঢ়ি তুলিম বুলি ভবা আজিৰ বহু অভিভাৱকে বাহিৰা কিতাপ পঢ়িলে সময় নষ্ট হ'ব বুলি ভাবি সন্তানক বাহিৰা কিতাপৰ জগত খনৰ পৰা আঁতৰাই ৰখাৰ প্ৰবণতাই নৱ প্ৰজন্মক বাহিৰা কিতাপৰ প্ৰতি ধাউতি হ্ৰাস কৰি তোলা বুলি ভাষণত উল্লেখ কৰে কবি প্ৰণৱ কুমাৰ বৰ্মণে। 

যুৱ সাংবাদিক, কবি, সাহিত্যিক বিপুল কুমাৰ দিহিঙীয়াই আঁত ধৰা সভাখনত প্ৰণৱ কুমাৰ বৰ্মণে তাৎপৰ্যপূৰ্ণভাবে কয় যে কিতাপৰ পৰা যেতিয়া এটা জাতি আঁতৰি যাব,তেতিয়া সেই জাতিটোৱে মৃত্যুকো মাতি আনিবলৈ কুণ্ঠাবোধ নকৰিব।গহপুৰত সমজিলা আয়ুক্ত লুকমণি বৰাৰ তৎপৰতাত আৰম্ভ হোৱা এই মুক্ত পুথিভঁৰালৰ যাত্ৰা আন আন প্ৰান্তলৈ সম্প্ৰসাৰিত হ'লে নৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰে কবি প্ৰণৱ কুমাৰ বৰ্মণে।

ম

আদৰণি ভাষণত গহপুৰ সমজিলাৰ আয়ুক্ত লুকমণি বৰাই পুথিভঁৰাল সদায় মুক্ত অৱস্থাত থকাৰ পোষকতা কৰি কিতাপৰ আড্ডা গাঁৱে-ভূঞে,অলিয়ে গলিয়ে গঢ়ি উঠিব লাগে বুলি উল্লেখ কৰে। অনুষ্ঠানটোত উপস্থিত থাকি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্তই লুকমণি বৰাৰ এই পদক্ষেপক শলাগ লয়।

এই মুক্ত পুথিভঁৰালটোৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীয়ে এনেধৰনৰ মুক্ত পুথিভঁৰাল প্ৰতিটো তিনিআলি,চাৰিআলিয়ে গঢ়ি উঠাৰ বাবে আশা প্ৰকাশ কৰে।অনুষ্ঠানটোত গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষ ভড়ালী, সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ, গহপুৰৰ বিশিষ্ট কবি, সাহিত্যিক,প্ৰবীণ সাংবাদিক নগেন কোঁৱৰ,শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মা,অনিল বৰুৱা,বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালা,নিকুঞ্জ কোঁৱৰ মহন্ত,বীৰেণ কাথ হাজৰিকা,তৰুণ বৰুৱা,সবিতা কোঁৱৰ, বৈজয়ন্তী বৰা,ভাস্কৰজ্যোতি গগৈ,গহপুৰ পৌৰসভাৰ পোৰপতি অতুল বৰা প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে।

ং

উল্লেখযোগ্য ইয়াৰ পূৰ্বে লুকমণি বৰাই হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয় আৰু গহপুৰ মহকুমাধিপতি কাৰ্য্যলয়ত স্থাপন কৰিছিল মুক্ত পুথিভঁৰাল।আজি শুভ উদ্বোধন কৰা গহপুৰ বৰপুখুৰী পাৰৰ মুক্ত পুথিভঁৰালটোলৈ বহু লোকে মুক্ত মণে কিতাপ আগবঢ়ায়।

পুথিভঁৰাল