/asomiyapratidin/media/media_files/2025/01/29/Qw2ShfTBgDJXJGE7xwxn.jpg)
বটদ্ৰৱা নৰোৱা সত্রৰ মুক্তিয়াৰ-সমাজকৰ্মী পোনা হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা নৰোৱা সত্রৰ মুক্তিয়াৰ, সমাজকৰ্মী তথা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পোনা হাজৰিকাৰ যোৱা ১৮ জানুৱাৰীত নিজ বাসগৃহত বিয়োগ ঘটে। ৭৬ বছৰীয়া ধৰ্মপ্ৰাণ, মৰমীয়াল, সৰবৰহী, শিল্পপ্ৰাণ, গুৰুজনাৰ একান্ত সেৱক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে বুধবাৰে বটদ্ৰৱা বৰহিছা গাঁৱৰ তেখেতৰ বাসগৃহত শ্ৰাদ্ধস্থলীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
বটদ্ৰৱা থানৰ ভকত ক্ৰমে পদৰাম বৰা, বনমালী কলিতা, ভদ্ৰ গায়ন, প্ৰদীপ গোস্বামী, বদন কলিতা, বিৰেন্দ্ৰ বৰা, বাপ গায়ন, ভোগেশ্বৰ বৰা, বাপাৰাম দেউৰী, ডিম্বেশ্বৰ বৰা, সুৰেন্দ্ৰ দেউৰীকে আদি কৰি ভকত বৈষ্ণৱ, আই-মাতৃৰ লগতে প্ৰয়াত হাজৰিকাৰ পত্নী চুনু প্ৰভা হাজৰিকা, প্ৰাঞ্জল হাজৰিকা, ত্ৰৈলোক্য বৰুৱা, কাশ্যপ হাজৰিকাকে আদি কৰি পৰিয়াল, ইষ্ট কুটুম্বৰ উপস্থিতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত "পূৰ্ণাঞ্জলি" শীৰ্ষক এখনি স্মৰনিকা উন্মোচন কৰা হয়।