/asomiyapratidin/media/media_files/2025/07/31/whatsapp-pm-2025-07-31-12-47-01.jpeg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী গহনা চক্ৰৱৰ্তীয়ে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
শ্রী হৰি
স্থানঃ গুৱাহাটী
তাৰিখঃ ১৮/০৭/২০২৫
মৰমৰ আইতা,
মৰম আৰু সেৱা ল'বা। আশাকৰোঁ তোমালোক কুশলে আছা।
আইতা, আমাৰ মাতৃভাষাটো, কিমান যে শুৱলা, কিমান যে ইয়াৰ বৈশিষ্ট্য! নহয়নে? জতুৱা-ঠাঁচ, খণ্ডবাক্য, যোজনা-পটন্তৰেৰে সমৃদ্ধ কি যে ইয়াৰ কালিকা! মায়ে কয়, তুমি হেনো যোজনা-পটন্তৰ নোহোৱাকৈ কথাই নকৈছিলা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/31/whatsapp-i-2025-07-31-12-49-15.jpeg)
এটা কথাৰ বিবিধ ৰূপ বুজাবলৈ আমাৰ ভাষাত যে কত প্ৰকাৰৰ অভিধা, কত উপমা আছে। বৰষুণৰ কথাটোকে ধৰোঁ- আমাৰ আছে ছাগলী খেদা বৰষুণ, কলহৰ কাণেৰে পানী ঢলা বৰষুণ...।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/31/whatsap-2025-07-31-12-49-45.jpeg)
আইতা, সৰুতে মা আৰু মামাক তুমি হেনো পঢ়ুৱাইছিলা। অসমীয়া বিষয়ৰ বাক্য-ৰচনাবোৰ তুমি হেনো শুৱলাকৈ লিখি দিছিলা। আনে নিলিখা ধৰণৰ, অগতানুগতিক বাক্য ভাবি উলিয়াইছিলা। এবাৰ হেনো অবুজন শব্দটিৰে ভাল বাক্য ৰচনা এটি মনলৈ অহা নাছিল। তেতিয়া ককাই এটা বাক্য কৈছিল- "অর্চনা মহন্তৰ শালিকীজনী বৰ অবুজন।" কেশৱ মহন্তদেৱে লিখা সেই বিশেষ গীতটি ককাৰ বৰ প্রিয় বাবেই চাগে ককাই এই বাক্যটো কৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/31/whatsapp-im-2025-07-31-12-50-13.jpeg)
আইতা, এইবাৰ আমাক পৰীক্ষাত অহা বাক্য ৰচনা এটা মই লিখিব নোৱাৰিলোঁ । সেইটো মই তোমাকে সুধিম বুলি মনতে পাঙি থৈছো।
আজিলে বিশেষ নাই। ককাক মোৰ সেৱা জনাবা।
ইতি,
তোমাৰ মৰমৰ নাতিনী
গহনা চক্রৱর্তী
দশম শ্রেণী
অসম জাতীয় বিদ্যালয়
প্রযত্নে - মনোজ চক্রবর্তী
উপপথ নং-১
(ৱাৰ চিমেত্ৰিৰ বিপৰীতত)
গৃহ নং: ৫ 'এ'
ডাকঘৰ: শিলপুখুৰী, গুৱাহাটী
জিলা: কামৰূপ (মহানগৰ), অসম
পিননং: ৭৮১০০৩
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us