মৰমৰ ককা,

মৰম ল’বা। তুমি ঢুকুৱাৰ আজি ১০ বছৰেই হ’ল। মায়ে কয়- তুমি হেনো মোক গুৱাহাটীৰ পৰা আহি তিনিআলিলৈ চাইকেলত তুলি লৈ যোৱা, মোৰ তেতিয়া ২ বছৰ আছিল। মোৰ কিন্তু এতিয়াও মনত আছে। তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে।

author-image
Asomiya Pratidin
New Update
চিঠি 5

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত  বকতা দিহিঙীয়া গাঁৱৰ ছাত্ৰী প্ৰজ্ঞা দিহিঙীয়াই লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

মৰমৰ ককা,
মৰম ল’বা। তুমি ঢুকুৱাৰ আজি ১০ বছৰেই হ’ল। মায়ে কয়- তুমি হেনো মোক গুৱাহাটীৰ পৰা আহি তিনিআলিলৈ চাইকেলত তুলি লৈ যোৱা, মোৰ তেতিয়া ২ বছৰ আছিল। মোৰ কিন্তু এতিয়াও মনত আছে। তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে।

আইতাই কয়- তুমি হেনো আকাশত থকা তৰাবোৰৰ মাজৰে এজন, মই জোনাক ৰাতি আইতাৰ কোলাত বহি তোমাক আকাশত বিচাৰি ফুৰো কাকা। তোমাকচোন বিচাৰিয়েই নাপাঁও। তোমালৈ বৰকৈ মনত পৰে ককা।

WhatsApp Image 2025-07-28 at 8.14.21 AM

যদি তুমি মোৰ ওচৰত এতিয়াও থাকিলেহেতেঁন, তুমি মোক বৰ মৰম কৰিলাহেতেঁন ন ককা ? তুমি হেনো মই সৰু হৈ থাকোতে গুৱাহাটীৰ পৰা আহোতে এগালমান কাপোৰ আনিছিলা। ককা- তুমি যদি এতিয়াও মোৰ ওচৰত থাকিলাহেতেঁন !

মোৰ লগৰ ছোৱালী সকলোৰে ককাক আছে, কেৱল মোৰহে নাই। ককা তুমি ইমান সোনকালে আমাক- পেহী, আইতা, দেউতা, মা, মোক এৰি থৈ গ’লা ? তুমি থকা হ’লে আমাৰ ঘৰখন সম্পূৰ্ণ হৈ থাকিলে হয় ! ককা আজিও তুমি য’তে আছা ভালে থাকা আৰু আমাক আশীৰ্বাদ দি থাকিবা।

ইতি,
তোমাৰ মৰমৰ ধুনমানু
প্ৰজ্ঞা দিহিঙীয়া
৬ষ্ঠ শ্ৰেণী
ঠিকনা- বকতা দিহিঙীয়া গাঁও
ডাকঘৰ- চৰুভঙা, শিৱসাগৰ
পিন- ৭৮৫৬৭৪

চিঠি লিখা প্ৰতিযোগিতা চিঠি