দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ হিতেশ দেৱ শৰ্মাৰ পত্ৰ

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই। ১৯ জুলাইত এই বিশেষ পত্ৰ তেওঁ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB e c i

ডিজিটেল ডেস্ক : দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই। ১৯ জুলাইত এই বিশেষ পত্ৰ তেওঁ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে। 

Advertisment

অসমীয়া প্ৰতিদিন ডিজিটেলক দেৱ শৰ্মাই জানিবলৈ দিয়া মতে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ভোটাৰ তালিকা প্ৰস্তুতৰ সময়ত যাতে কোনো সন্দেহযুক্ত লোক বা বিদেশী নাগৰিকে ভোটাধিকাৰ লাভ নকৰে, তাৰ প্ৰতি দৃষ্টি ৰাখি ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰিছে এই পত্ৰত।

এন আৰ চিত বহু অবৈধ লোকৰ নাম অন্তৰ্ভূক্ত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে দাখিল কৰা প্ৰমাণপত্ৰসমূহৰ উপযুক্ত পৰীক্ষা আৰু সেই লোকসকলৰ বংশবৃক্ষৰ পৰীক্ষাৰ বাবেও আহ্বান জনাইছে এই পত্ৰত।

দেৱ শৰ্মাই জানিবলৈ দিয়া মতে, অসমত এতিয়াও ৭০/৮০ লাখ অবৈধ নাগৰিক আছে। ইয়াৰে এক তৃতীয়ংশ অবৈধ নাগৰিকৰ নামো ভোটাৰ তালিকাত সন্নিৱিষ্ট হ’লে সেই সংখ্যা ৩০ লাখৰো অধিক হ’ব। 

এন আৰ চিৰ প্ৰাক্তন সমন্বয়কৰক্ষীগৰাকীয়ে বিহাৰৰ দৰে অসমতো কঠোৰ ব্যৱস্থা গ্ৰহণেৰে এখন বিদেশীমুক্ত ভোটাৰ তালিকাৰ প্ৰস্তুতিৰে আগন্তুক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এই পত্ৰযোগে অনুৰোধ জনাইছে দেশৰ নিৰ্বাচন আয়োগক।

এন আৰ চি