/asomiyapratidin/media/media_files/2025/08/01/fhgj-2025-08-01-09-11-54.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ শুভাংকৰ শইকীয়াই লিখা এই চিঠিখন আগবঢ়োৱা হৈছে...
পৰম পূজনীয়/পূজনীয়া
ককা আৰু আইতা
পোন প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। আশা ৰাখিছো ঈশ্বৰৰ কৃপাত আপোনালোক কুশলে আছে। মোৰ বৰ্তমান ভালেই। মোৰ মা- দেউতা, বাইদেউ আৰু ককা- আইতাসকলোৰে ভাল। বাইদেউৰ পঢ়া- শুনা ভালদৰে চলি আছে।
মোৰ আজি স্কুলৰ প্ৰথম গোট পৰীক্ষা শেষ হ’ল। পৰীক্ষাবোৰ ভালেই হৈছে। জুলাই মাহত আমাৰ গ্ৰীষ্ম বন্ধ হ’ব। তেতিয়া মই মা- দেউতাৰ লগত আপোনালোকৰ ঘৰলৈ যাম।
ককা, এতিয়া আমাৰ ইয়াত কেইদিনমানৰ পৰা বৰষুণ দি আছে। মোৰ বৰষুণৰ পানীত খেলিব বহুত মন যায়, কিন্তু মাই বেমাৰ হ’ব বুলি খেলিব নিদিয়ে।
আইতা, আপুনি বনোৱা পিঠা আৰু লাড়ু, ককাই কোৱা সাধুবোৰ মোৰ বৰকৈ মনত পৰে। মই বন্ধত গ’লে বহুত সাধু শুনিম আৰু খেলিম। আইতা মায়ে আপোনাক ঔষধবোৰ সময় মতে খোৱাৰ কথা কৈছে। ককা আপোনালোকৰ আশীৰ্বাদত মই ডাঙৰ হ’লে আপোনাৰ দৰে এজন আদৰ্শ শিক্ষক হ’ব বিচাৰো। আইতা মামা- মামীৰ খবৰ জনাব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/01/whatsapp-image-2025-08-01-09-11-39.jpeg)
আপোনালোক আটাইকে প্ৰণাম জনাই আজিলৈ ইয়াতে মোৰ চিঠিৰ সামৰণি মাৰিলো। আপোনালোকৰ উত্তৰৰ বাবে অপেক্ষা কৰিলোঁ।
ইতি,
আপোনালোকৰ মৰমৰ নাতি,
শুভাংকৰ শইকীয়া।
ঠিকনা- অসম জাতীয় বিদ্যালয়, নুনমাটি
শ্ৰেণী- ৬ষ্ঠ (ক) শাখা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us