/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/452b5f6c-f9e8-4918-8aa8-d59098df022b/bokakhat_16.jpg)
bokakhat
ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ দুসুঁতীমুখত শনিবাৰে বিয়লী গাঁওবাসীৰ আক্ৰমণত এটা নাহৰফুটুৰীৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে দুসুঁতীমুখৰ চেঙেলি সুঁতি থানৰ ওচৰত শনিবাৰে বিয়লী এটা নাহৰফুটুকী বাঘে তিনিগৰাকী ব্যক্তিক আক্ৰমণ কৰি আহত কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত তিনিজন লোক ক্ৰমে বিতোপন দলে (১৫),ললিত দলে (৪৫) আৰু মলয় মেদক(২০) গুৰুতৰ ভাৱে আহত হৈছিল।
বৰ্তমানত তিনিওজন লোক চিকিৎসাধিন অৱস্থাত আছে। ঘটনাৰ পাছতেই উত্তেজিত গাঁওবাসীয়ে নাহৰফুটুকিটোক বিছাৰি উলিয়াই মৰিয়াই মৰিয়াই হত্যা কৰে। উল্লেখযোগ্য যে নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত দেৰগাঁৱৰ পৰা বন বিভাগৰ লোক ঘটনাস্থলিত উপস্থিত হৈছিল যদিও ঘটনাটো নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়।
বৰ্তমান মৃত নাহফুটুকীটো পানবাৰীস্থিত CWRC ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে ।