/asomiyapratidin/media/media_files/2025/07/03/300-2025-07-03-16-52-56.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী চহৰৰ সমীপৰ ঝগৰাৰপাৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা এঘৰ লোকৰ ঘৰৰ সন্মুখত নাহৰফুটুকীৰ মুক্ত বিচৰণ চিচিটিভিৰ কেমেৰাত বন্দী হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে আজি পুৱতি নিশা চিচিটিভি কেমেৰাত নাহৰফুটুকীৰ বিচৰণ বন্দী হোৱাৰ লগতে ৰাইজে ৰাজপথত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ ভৰিৰ খোজ।
নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে ধুবুৰী বন বিভাগৰ এটি দলে উক্ত এলেকাত উপস্থিত হৈ নাহৰফুটুকীৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।