ডিজিটেল ডেস্কঃ নামৰূপৰ বিভিএফচিএলৰ ভিতৰত শনিবাৰে পুৱাতে পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ। উল্লেখযোগ্য যে বি ভি এফ চি এলৰ ফেক্টৰিৰ ভিতৰ প্ৰাংগনত হাবি জংঘলেৰে ভৰা এলেকাত বিগত কিছুদিনৰ পৰা বাঘৰ উপদ্ৰৱ চলি আছিল ।
বাঘে উদ্যোগটোৰ ভিতৰত থকা কুকুৰ আদি বধ কৰাৰ লগতে দিনে-ৰাতি ফেক্টৰিৰ ভিতৰত বিচৰণ কৰি এক প্ৰকাৰ ত্রাসৰ সৃষ্টি কৰিছিল। নিশা দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলৰ বাঘৰ ত্ৰাসত দায়িত্ব পালন কৰাত ব্যাঘাত জন্মিছিল।
উপায়ন্তৰ হৈ বি ভি এফ চি এল কৰ্তৃপক্ষই পিঞ্জৰা স্থাপন কৰে কাৰখানাৰ ভিতৰত। অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই শনিবাৰে পুৱা নাহৰফুটুকীটো পিঞ্জৰাত আবদ্ধ হয়। ইয়াৰ পিছতে সাৰ কাৰখানা কৰ্তৃপক্ষই নেতৃত্বলৈ বন বিভাগৰ সহযোগত বাঘটো জয়পুৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে ।