লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শিৱসাগৰত নৃত্যশিল্পী ষঢ়ানন বৰঠাকুৰ সোঁৱৰণী সুসংগঠক বঁটা প্ৰদান...

২২ জুন ২০২৫ তাৰিখে পুৱা ৮.৩০ বজাত ৰাজ্যিক সভানেত্ৰী সুবর্ণ শইকীয়া বৰদলৈ আৰু শিৱসাগৰ জিলাৰ সভানেত্ৰী ড০ অৰুন্ধতী মহন্তৰ দ্বাৰা পতাকা উত্তোলন কৰা কাৰ্যসূচীত জননীৰ সন্তান শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-23 at 5.52.59 PM

ডিজিটেল সংবাদ,শিৱসাগৰঃ   যোৱা ২১ আৰু ২২ জুনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পদ্মশ্ৰী ডo শীলা বৰঠাকুৰ আৰু নৃত্যশিল্পী ষঢ়ানন বৰঠাকুৰ সোঁৱৰণী সুসংগঠক বঁটা ২০২৫, প্ৰদান অনুষ্ঠানটি শিৱসাগৰৰ মিলন মন্দিৰত অনুষ্ঠিত হৈ যায়।

Advertisment

WhatsApp Image 2025-06-23 at 4.26.56 PM

শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে আঢ়ম্বৰপূৰ্ণভাৱে উক্ত অনুষ্ঠানটো আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ, শদিয়াৰ পৰা ধুবুৰীলৈ লেখিকা সমাৰোহৰ প্ৰায় দুই শতাধিক লেখিকাৰ সমাবেশ ঘটা অনুষ্ঠানটোৰ প্ৰথম দিনা বিয়লি ৪ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ডo শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা হয়।

 সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে আঁত ধৰা আৰু সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে সভানেত্ৰীত্ব কৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনিত আমগুৰি বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাই পদ্মপ্ৰিয়াৰ আৰু মহিলাৰ অধিকাৰ সম্পৰ্কত ডo শীলা বৰঠাকুৰে লোৱা উদ্যোগৰ আঁত ধৰি ৰাজ্যিক সভানেত্ৰী আৰু শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভানেত্ৰী দিপালি শইকীয়া বৰুৱাই কৰা যোগাযোগ সূত্ৰে উপস্থিত থাকি লেখিকা সকলক উৎসাহ জনায়।

WhatsApp Image 2025-06-23 at 4.26.57 PM (1)

লগতে অসম সত্ৰ আয়োগৰ তেখেতে যি দায়িত্ব বহন কৰি আহিছে সেই সন্দৰ্ভত অৱগত কৰে। লেখিকা সকলক সত্ৰসমূহৰ তথ্য আৰু বিষয় সমূহ অধ্যয়ন কৰি লেখাৰ জৰিয়তে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে বক্তব্য প্ৰদানেৰে অনুপ্ৰেৰণা যোগায়।

২২ জুন ২০২৫ তাৰিখে পুৱা ৮.৩০ বজাত ৰাজ্যিক সভানেত্ৰী সুবর্ণ শইকীয়া বৰদলৈ আৰু শিৱসাগৰ জিলাৰ সভানেত্ৰী ড০ অৰুন্ধতী মহন্তৰ দ্বাৰা পতাকা উত্তোলন কৰা কাৰ্যসূচীত জননীৰ সন্তান শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰা হয়।

WhatsApp Image 2025-06-23 at 4.26.57 PM

পুৱা ৯ বজাত নৃত্যশিল্পী ষঢ়ানন বৰঠাকুৰ আৰু পদ্মশ্ৰী ডo শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে ক্ৰমে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী শ্ৰীযুতা পুস্পা গগৈ , শ্ৰীযুতা স্নিগ্ধা ৰাণী গগৈ, প্ৰাক্তন প্ৰধান সম্পাদিকা ড০ থুনু কলিতাই আৰু দ্বীপ মন্ত্ৰ পৰিবেশন কৰে ৰাণী শৰ্মাই।

অনুষ্ঠানৰ কাৰ্যকৰী সদস্যা সকলে স্মৃতি তৰ্পণ কৰে। পুৱা ১০ বজাত সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈৰ পৌৰহিত্যত আৰম্ভ হোৱা মুকলি সভাখন শিৱসাগৰ জিলাৰ সদস্যা সকলে পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী" গীতেৰে আৰম্ভ কৰে। সভাখন উদ্বোধন কৰে প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে , আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলাৰ সভানেত্ৰী ড০ অৰুন্ধতী মহন্তই ।

WhatsApp Image 2025-06-23 at 4.42.40 PM

সভাত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই মহিলা সকলৰ কৰ্মোদ্যোমৰ প্ৰশংসা  কৰাৰ লগতে সমাজৰ অগ্ৰগতিত নাৰীৰ অবদান লগতে লেখিকা সমাৰোহৰ কৰ্মসূচীৰ প্ৰেৰণাৰে মহিলা সকল আগবাঢ়ি যাবৰ বাবে সুন্দৰ সাৱলীল বক্তব্য আগবঢ়ায় । শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি শ্ৰীযুত প্ৰেম গগৈয়ে শিৱসাগৰৰ বৰ্ণনাসূচক কবিতাৰে অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় ।

সভাত প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱা গগৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জয়শ্ৰী চলিহা, পৌৰপতি মৃদুস্মিতা সিনহা, প্ৰাক্তন পৌৰপতি মীৰা বৰুৱা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সন্তোষ দত্ত আদি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। 

নৃত্যশিল্পী ষঢ়ানন বৰঠাকুৰ সোঁৱৰণী সুসংগঠক  বঁটা ২০২৫ বৰ্ষৰ বাবে ডুমডুমা লেখিকা সমাৰোহ সমিতিৰ বিশিষ্ট সমাজ সেৱিকা  শ্ৰীযুতা কিৰণময়ী হাজৰিকা বৰুৱা আৰু বঙাইগাওঁ  জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শ্ৰীযুতা জ্যোতস্না প্ৰিয়া দেৱীক প্ৰদান কৰা হয়। এই বঁটাত এখন চেলেং, জাপি, স্মাৰক, সম্বৰ্ধনা পত্ৰ দিয়া হয়।

1

উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে কস্তুৰিকা নামৰ এখনি স্মৃতিগ্ৰন্থ সভানেত্ৰী ড০ অৰুন্ধতী মহন্তৰ পৰিকল্পনাৰে, ড০ মিন্তি গগৈ আৰু নৱনীতা গগৈৰ সম্পাদনাৰে প্ৰধান সম্পাদিকা মনোমতী কুৰ্মিয়ে উন্মোচন কৰে। উক্ত অনুষ্ঠানতে ৱাহিদা তাজৰ সাধুকথাৰ পুথি, ড০ মিন্তি গগৈৰ বটবৃক্ষৰ ছাঁত , আইমনি ভূঞাৰ ৰৌদ্ৰস্নাতা শেৱালি নামৰ গ্ৰন্থ কেইখন উন্মোচন কৰা হয়।

লেখিকা সমাৰোহৰ প্ৰতি অনুপ্ৰাণিত পৰশমণি বৰদলৈ আৰু সান্তনা বৰদলৈয়ে এই অনুষ্ঠানতে আহমেদাবাদত এটি শাখা খোলাৰ প্ৰস্তাৱ আগবঢ়ায়। সান্তনা বৰদলৈয়ে এটি বিষ্ণু ৰাভাৰ সুন্দৰ গীত পৰিৱেশন কৰি সকলোকে মোহাচ্ছন্ন কৰে। অনুষ্ঠানটিত সভানেত্ৰী সম্পাদিকা,বঁটা প্ৰাপক , জিলা প্ৰতিনিধি সকলোকে সম্বৰ্ধনা জনোৱা হয়। জাতীয় সংগীতেৰে সভাৰ সফল সামৰণি পৰে।

লেখিকা সমাৰোহ সমিতি