বলিউডৰ প্ৰথমগৰাকী ৰকষ্টাৰ বাপ্পী লাহিড়ী আৰু নাই…

বলিউডৰ প্ৰথমগৰাকী ৰকষ্টাৰ বাপ্পী লাহিড়ী আৰু নাই…

author-image
asomiyapratidin
New Update
বলিউডৰ প্ৰথমগৰাকী ৰকষ্টাৰ বাপ্পী লাহিড়ী আৰু নাই…

ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত গায়ক তথা সুৰকাৰ বাপ্পি লাহিড়ী আৰু নাই। বুধবাৰে পুৱাই মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হস্পিটেলত মৃত্যু হয় শিল্পী গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। আনহাতে আন এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি মঙ্গলবাৰে নিশা ১১ বজাতেই মৃত্যু হৈছিল তেওঁৰ।

উল্লেখ্য যে বাপ্পি লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। বিগত বছৰত তেওঁৰ দেহত ধৰা পৰিছিল কোৰোনাৰ উপস্থিতি। বাপ্পী লাহিড়ীয়ে সদায়েই সোণৰ অলংকাৰ পৰিধান কৰি ভাল পাইছিল। সোণৰ অলংকাৰ আৰু ক'লা চশমা আছিল তেওঁৰ আন এক পৰিচয়। ডিঙিত ডাঠ সোণৰ চেইন আৰু হাতত ডাঙৰ সোণৰ আঙুঠিসহ বহুতো সোণৰ অলংকাৰ পৰিধান কৰাটো তেওঁৰ পৰিচয় আছিল।

বলীউডৰ প্ৰথম ৰক ষ্টাৰ গায়ক বাপ্পী লাহিড়ীৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে দেশজুৰি শোকৰ ছাঁ পৰিছে। মাত্ৰ কিছুদিন পূৰ্বে যোৱা ৬ ফেব্ৰুৱাৰীত কুকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত সমগ্ৰ দেশ ম্ৰিয়মান হৈ থকাৰ সময়তে বাপ্পী লাহিড়ীয়েও এইদৰে বিদায় লোৱাত এতিয়া সংগীত জগতত শোকৰ ছাঁ পৰিছে।

bollywood indian music bappi lahiri music