Advertisment

বাওঁপন্থী নেত্ৰী মাধুৰী দেৱীৰ স্মৃতিচাৰণ সভা

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় নেত্ৰী আৰু অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মাধুৰী দেৱীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত  'সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰগতিশীল নাৰী আন্দোলন' বিষয়ত আলোচনা চক্ৰ এখন অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
বাওঁপন্থী নেত্ৰী মাধুৰী দেৱীৰ স্মৃতিচাৰণ সভা

বাওঁপন্থী নেত্ৰী মাধুৰী দেৱীৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, গুৱাহাটী : নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় নেত্ৰী আৰু অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মাধুৰী দেৱীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত  'সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰগতিশীল নাৰী আন্দোলন' বিষয়ত আলোচনা চক্ৰ এখন অনুষ্ঠিত হৈ যায়। বিষ‌য়বস্ত সম্পৰ্কত আলোচনা আগবঢ়ায় 'সাপ্তাহিক গণশক্তি' কাকতৰ সম্পাদক ইছফাকুৰ ৰহমানে।

Advertisment
স্মৃতিচাৰণ সভা
স্মৃতিচাৰণ সভা

 

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক উপ সভানেত্ৰী সীমা বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম মহিলা সংঘৰ সভানেত্ৰী অসমী গগৈ, বিশিষ্ট বাওঁপন্থী নেতা আৰু প্ৰয়াত মাধুৰী দেৱীৰ জীৱন সংগী উদ্ধৱ বৰ্মন, গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সম্পাদিকা নিয়তি বৰ্মন, বাওঁপন্থী যুৱ নেতা নয়ন ভূঞা, ঋতু ৰঞ্জন দাসকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। ইছফাকুৰ ৰহমানে বৰ্তমান বিশ্ব পৰিস্থিতি আৰু দেশ-ৰাজ্যৰ পৰিস্থিতি ব্যাখ্যা কৰি কিদৰে নাৰীৰ সামগ্ৰিক উন্নয়নৰ বাটত এই পৰিস্থিতি হেঙাৰ হৈছে সেই সম্পৰ্কে উল্লেখ কৰে।

সভাত উপস্থিত থকা একাংশ অভ্যাগত
সভাত উপস্থিত থকা একাংশ অভ্যাগত

 

সভাত উদ্ধৱ বৰ্মনে তেখেতৰ ভাষণত  মাধুৰী দেৱীয়ে বিশেষকৈ দুৰ্গত মহিলা আৰু ডাইনী অপবাদৰ বলি হৈ হত্যা-নিৰ্যাতনৰ মুখামুখি হোৱা মহিলাসকলৰ হকে দৃঢ়ভাৱে থিয় দিয়াৰ কথা উল্লেখ কৰে। অসমী গগৈয়ে তেখেতৰ ভাষণত নাৰী আন্দোলনৰ বিভিন্ন দিশ আৰু অন্তৰায়ৰ কথা উল্লেখ কৰাৰ লগতে মাধুৰী দেৱীৰ বিজ্ঞান মনস্কতাৰ কথা কয়।

লগতে তেখেতে সমাজৰ বিভিন্ন বাধা আঁতৰাই নাৰীয়ে কিদৰে ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিব পাৰে সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি কয়। সভাত জ্যেষ্ঠ সাংবাদিক সবিতা লহকৰে মাধুৰী দেৱীৰ সহজ-সৰল ব্যক্তিত্ব আৰু মানুহৰ প্ৰতি স্থাপন কৰা তেখেতৰ আস্থা আৰু বিশ্বাসৰ কথা উল্লেখ কৰে।

সভাত মিনু চৌধুৰীয়ে এটা কবিতা পাঠ কৰে। সভানেত্ৰীৰ ভাষণত সীমা বিশ্বাসে মাধুৰী দেৱীয়ে নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত যি বিশ্বাসেৰে আগবাঢ়িছিল তাক অনুসৰণ কৰি সংগ্ৰাম অব‌্যাহত ৰখাৰ কথা কয়।

স্মৃতিচাৰণ সভা