ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাক বিদ্যাঞ্জলি ২.০ জৰিয়তে নিৰ্ব্বাচিত শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ বঁটা প্ৰদানেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ তেজপুৰৰ জিলা সমন্বয়ক কক্ষত বৃহস্পতিবাৰে আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অসম সৰ্ব শিক্ষা অভিযানৰ জিলা সমন্বয়ক কবিতা কাকতি কোঁৱৰে সমাজকৰ্মীগৰাকীক এই বঁটা প্ৰদান কৰে ৷
অনুষ্ঠানটিত জিলা আঁচনি বিষয়া কৃষ্ণ কান্ত ডেকা, গাভৰু শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নিলোতজ্বল শৰ্মা, বি আৰ পি পংকজ দেৱ ৰয়, বালিপাৰা শিক্ষা খণ্ডৰ বি আৰ পি গায়ত্ৰী বেজবৰুৱা, নদুৱাৰ শিক্ষা খণ্ডৰ চি আৰ চি চি হীৰেন নাথ, বালিপাৰা শিক্ষা খণ্ডৰ চি আৰ চি চি বিজিত শইকীয়া আদিকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে । উল্লেখ্য যে শ্ৰেষ্ঠ স্বেচ্ছাসেৱককৰ বঁটাপ্ৰাপক লীলা বৰুৱাই দান সূত্ৰে নদুৱাৰ শিক্ষা খণ্ডৰ অধীনস্থ ৰঙাচকুৱা মণ্ডল সমলকেন্দ্ৰ এলেকাৰ ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়খনিৰ মূল তোৰণখন নিৰ্ম্মান কৰি দিয়াৰ লগতে বিদ্যালয়খনলৈ বহু আচবাব আদি দান কৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰতে বিশেষ বৰঙণি আগবাঢ়াই আহিছিল ৷
ইয়াৰ স্বীকৃতি স্বৰূপেই শিক্ষা বিভাগৰ তৰফৰ পৰা বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷