মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিট তথা ব্ৰিটিছ কাউন্সিলৰ সহযোগত বুধবাৰে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ‘পাৱাৰ অফ দ্য’ পাৰফৰ্মিং আৰ্টছ টু কমিউনিকেট, কানেক্ট এণ্ড কলাবোৰেট’ বিষয়ক এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হয় ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিট তথা ব্ৰিটিছ কাউন্সিলৰ সহযোগত বুধবাৰে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত পাৱাৰ অফ দ্যপাৰফৰ্মিং আৰ্টছ টু কমিউনিকেট, কানেক্ট এণ্ড কলাবোৰেটবিষয়ক এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হয় ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে স্কটলেণ্ডৰ ডাণ্ডী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শ্বাৰণ টনাৰ শ্বনদ্ৰচ ৷

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে । বক্তাগৰাকীক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই।

° শ্বাৰনে তেওঁৰ বক্তৃতাত সংগীত, শিল্প আৰু নাটকক পাঠদানৰ অনুশীলনত অন্তৰ্ভুক্ত কৰি চিন্তা-ধাৰণা প্ৰকাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ দৃশ্য আৰু শ্ৰৱণ মঞ্চৰ প্ৰয়োজনীয়তাৰ ওপৰতগুৰুত্ব প্ৰদান কৰে ৷ এই মঞ্চই এক সমতাপূৰ্ণ শিক্ষণ পৰিৱেশ নিশ্চিত কৰিব বুলিও তেওঁ মতামত আগবঢ়াই । বিভিন্ন কলাত্মক সজাগতাৰ সংযোগকৰণৰে কিদৰে শিক্ষাৰ্থীসকলে সাংস্কৃতিক সংবেদনশীলতা গঢ়ি তুলিবলৈ সক্ষম হব পাৰে তেওঁ এই সম্পৰ্কেও মতামত আগবঢ়াই ।

অনুষ্ঠানত অংশ লৈ পৰিৱেশ্য কলা বিভাগৰ মুৰব্বী ড° নিৰঞ্জন কলিতাইও যুৱ প্ৰজন্মৰ মাজত সামগ্ৰিক ব্যক্তিত্ব গঢ়ি তোলাত সংগীতৰ গুৰুত্ব তথা প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ত ভাৰতৰ হায়াৰ এড্যুকেশ্যন মবিলিটিৰ জ্যেষ্ঠ প্ৰবন্ধক জয়দীপ বৰদলৈ উপস্থিত থাকে।

বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ সহকাৰী অধ্যাপক ড° দিবাকৰ শৰ্মাই আঁতধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী আৰুছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়