Advertisment

পুৰণিগুদামত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বক্তৃতানুষ্ঠান

অনুষ্ঠানত মুখ্য বক্তা হিচাপে নিবন্ধকাৰ ধ্ৰুৱজ্যোতি বৰাই " আধুনিক বিজ্ঞান আৰু কৃষ্ণ গহ্বৰ" আৰু ডা: বিকাশ হাজৰিকাই " প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা" শীৰ্ষক বক্তব্য দাঙি ধৰে...

author-image
Asomiya Pratidin
New Update
পুৰণিগুদামত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বক্তৃতানুষ্ঠান

পুৰণিগুদামত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও :  ইলোৰা বিজ্ঞান মঞ্চ, পুৰণিগুদাম আৰু নগাঁও শাখাৰ উদ্যোগত তথা পুৰণিগুদাম ড০ বি কে বি মহাবিদ্যালয়ৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদাযাপন উপলক্ষে শুকুৰবাৰে পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে নিবন্ধকাৰ ধ্ৰুৱজ্যোতি বৰাই " আধুনিক বিজ্ঞান আৰু কৃষ্ণ গহ্বৰ" আৰু ডা: বিকাশ হাজৰিকাই " প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা" শীৰ্ষক বক্তব্য দাঙি ধৰে।

Advertisment

বক্তৃতা অনুষ্ঠানখনি যুটীয়াভাবে সঞ্চালনা কৰে ইলোৰা বিজ্ঞান মঞ্চ নগাঁও শাখাৰ সভাপতি অমৰেন্দ্ৰ নাথ শৰ্মা আৰু পুৰণিগুদাম শাখাৰ কাৰ্যকৰী সভাপতি প্ৰেমানন্দ বৈৰাগীয়ে। সভাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাস, আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক পল্লবী কলিতা, সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, সাহিত্যিক,যোগানন্দ ভূঞা, বিপুল মজিন্দাৰ, কবি প্ৰফুল্ল কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ শইকীয়া উপস্থিত থাকে।

একেদৰে প্ৰলয় শৰ্মা, জ্যোতিময় গোস্বামী, বিৰিঞ্চি বৰা, সাহিত্যিক চিত্তৰঞ্জন বৰা, উৎপল বৰা, গুনন্দ্ৰ চক্ৰৱতী, কুইজ মাস্টৰ চন্দ্ৰজিৎ দাস, আজিত কুমাৰ ভট্টাচাৰ্য, দীপিকা খাউণ্ড,  সুমন বৰা, নিয়ড় ফুকন, নিলম বৰা, হেমন্ত শইকীয়া, প্ৰদীপ শইকীয়া,  মিনা বৈৰাগী শইকীয়া, শিশু বন্ধু দুলাল বৰা, কনিস্ক দাস, কুলদ্বীপ বৰকাকতি, মৃঙ্গাক বৰা, মনশ্ৰী হাজৰিকা, অনামিল বেনজিৰ উপস্থিত থাকে । বক্তৃতাষ্ঠানৰ আলোকপাত কৰে ইলোৰা বিজ্ঞান মঞ্চ নগাঁও শাখাৰ উপ-সভাপতি যজ্ঞেশ্বৰ শৰ্মাই আৰু সম্পাদক সত্যজিৎ ৰয়ে।ইলোৰা বিজ্ঞান মঞ্চ পুৰণিগুদাম শাখাৰ সম্পাদক মেঘালী গায়নে অনুষ্ঠানটি  আঁত ধৰে।

puranigudam national science day