Advertisment

সন্দিকৈ মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বক্তৃতানুষ্ঠান সম্পন্ন

সন্দিকৈ ছোৱালী মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ বাৰ্ষিক বক্তৃতা প্ৰদান অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হৈ যায়। বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভৰম্ভ কৰা এই বক্তৃতা অনুষ্ঠানত এইবাৰ বিষয় আছিল “The Assamese: A longing for luminosity'' |

author-image
Asomiya Pratidin
New Update
সন্দিকৈ কলেজত বক্তৃতা অনুষ্ঠান সম্পন্ন

ডিজিটেল ডেস্কঃ সন্দিকৈ ছোৱালী মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ বাৰ্ষিক বক্তৃতা প্ৰদান অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হৈ যায়। বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভৰম্ভ কৰা এই বক্তৃতা অনুষ্ঠানত এইবাৰ বিষয় আছিল “The Assamese: A longing for luminosity'' |

Advertisment

নিৰ্ধাৰিত এই বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক, সমালোচক, চিন্তাবিদ ময়ূৰ বৰাই। বৰাই তেওঁৰ বক্তৃতাক অসমীয়া জাতি সত্তা, ভাষা বিকাশৰ ক্ষেত্ৰত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা লোকসকল, অসমজীয়ৰী অমৃতপ্ৰভাৰ পৰা আৰু শ্রীমন্ত শংকৰ দেৱ, মাধৱ দেৱকে ধৰি সাম্প্ৰতিক সময়ৰ আনন্দ ৰাম ঢেকিয়াল ফুকন, অমল প্ৰভা দাস, চন্দ্ৰপ্ৰভা শইকীয়া, ভূপেন হাজৰিকা আদিয়ে দি থৈ যোৱা জ্ঞানৰ বাণীসমূহ আৰু বিশ্বদৰবাৰত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত তেখেতসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰে।

লগতে তেওঁ ভাষণত বৰ্তমানৰ অসমীয়া মানুহৰ দায়বদ্ধতা সম্পৰ্কে বিবৰি কয়। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি সুব্ৰতা শৰ্মা ভট্টাচাৰ্য‍্য, উপাধক্ষা মাধুৰিমা হাজৰিকা আৰু মহাবিদ‍্যালয়ৰ বিভাগীয় প্ৰৱক্তাকে ধৰি বিভিন্ন মহাবিদ‍্যালয়ৰ প্ৰৱক্তাসকল উপস্হিত থাকে।

সন্দিকৈ ছোৱালী মহাবিদ্যালয় বক্তৃতানুষ্ঠান