চিকিৎসালয়ত ঠাইৰ অভাৱ! লেবাননত হাঁহাকাৰ পৰিৱেশ...

চিকিৎসালয়ত ঠাইৰ অভাৱ! লেবাননত হাঁহাকাৰ পৰিৱেশ...
Published on
Updated on

ডিজিটেল ডেস্কঃ যোগাযোগৰ মাধ্যম পেজাৰ বিস্ফোৰকলৈ ৰূপান্তৰিত হৈ বিভীষিকা নমাইছে লেবাননত। পশ্চিম এছিয়াৰ দেশ লেবাননৰ লগতে ছিৰিয়াৰ বিভিন্ন প্ৰান্তত সংঘটিত হাজাৰোধিক পেজাৰ বিস্ফোৰণত এতিয়ালৈকে কমেও ২০ জন লোকৰ মৃত্যু ঘটাৰ লগতে চাৰি সহস্ৰাধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। দেশখনত পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে আহতসকলৰ চিকিৎসাৰ বাবে হাস্পতালত ঠাইৰ অভাৱ ঘটিছে।

লেবাননত শাসন কৰা সশস্ত্ৰ সংগঠন হিজবুল্লাহে এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি এই আক্ৰমণত হিজবুল্লাহৰ কেইবাজনো সদস্যও নিহত হয়। আনহাতে ইৰাণৰ এজন ৰাষ্ট্ৰদূতো এই আক্ৰমণত আহত হৈছে। এই আক্ৰমণৰ পিছতে ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ সকিয়নী প্ৰদান কৰে হিজবুল্লাহে।

উল্লেখ্য যে, পেজাৰ হৈছে এক যোগাযোগ যন্ত্ৰ। মোবাইলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা পেজাৰৰ জৰিয়তে ভয়চ মেছেজ বা মেছেজ প্ৰেৰণ কৰিব পাৰি। লক্ষণীয় যে, নব্বৈৰ দশকৰ অতি জনপ্ৰিয় এই পেজাৰ ট্ৰেচ কৰিব নোৱাৰি বাবে বহু উগ্ৰপন্থী সংগঠনে যোগাযোগৰ বাবে পেজাৰ ব্যৱহাৰ কৰে। আমেৰিকান বাতৰি কাকত দ্য’ নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা এক বাতৰি অনুসৰি লেবাননত বিস্ফোৰিত হোৱা পেজাৰসমূহ টাইৱানৰ পৰা আমদানি কৰা হৈছিল।

টাইৱানৰ গ’ল্ড এপ’ল’ নামৰ এটা প্ৰতিষ্ঠানে পেজাৰসমূহ লেবাননলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ইজৰাইলী এজেণ্টে পেজাৰসমূহৰ ভিতৰত সন্দেহ কৰিব নোৱাৰা ধৰণে আৰু দূৰৈৰ পৰাই সক্ৰিয় কৰিব পৰা বিস্ফোৰক সংস্থাপিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। বাতৰি অনুসৰি, গ’ল্ড এপ’ল’ই প্ৰায় ৩ হাজাৰ পেজাৰ লেবাননলৈ প্ৰেৰণ কৰিছিল আৰু ইয়াৰে বেছিভাগেই আছিল এ আৰ-৯২৪ মডেলৰ।

ইফালে লেবাননৰ এই পেজাৰ বিস্ফোৰণৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। লেবাননৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংঘটিত বিস্ফোৰণৰ ফলত শ শ লোক ৰাজপথৰ ওপৰতে উফৰি পৰিছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত হামাছৰ নেতা ইছমাইল হানিয়েহ আৰু হিজবুল্লাহৰ শীৰ্ষ অধিনায়ক নামে নাছেৰৰ মৃত্যুৰ ফলত পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। তেতিয়াৰ পৰাই ইজৰাইল আৰু হিজবুল্লাহৰ মাজত ক্ষুদ্ৰ সংঘাত চলি আহিছে। কেতিয়াবা ৰকেট আক্ৰমণ, কেতিয়াবা ড্ৰোন আক্ৰমণে উত্তপ্ত কৰি ৰাখিছে দুয়োখন ৰাষ্ট্ৰক। তাৰ সমান্তৰালভাৱে ইৰাণেও ইজৰাইলক আক্ৰমণৰ বাবে বিভিন্ন পৰিকল্পনা কৰিছে। এনে সময়তে লেবাননত সংঘটিত ঘটনাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in