যুদ্ধংদেহি ৰূপত ইজৰাইল! লেবাননত নিহত ৫৯২জন...

যুদ্ধংদেহি ৰূপত ইজৰাইল! লেবাননত নিহত ৫৯২জন...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিভীষিকা শাম কটা নাই মধ্যপ্ৰাচ্যৰ মণি লেবাননত। সোমবাৰে দেশখনত পুনৰ সংঘটিত ইজৰাইলৰ আক্ৰমণত এদিনতে প্ৰাণ হেৰুৱাবলগীয়া হয় প্ৰায় পাঁচ শতাধিক লোকে। অৱশ্যে ইজৰাইলৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি লেবাননৰ শাসকীয় পক্ষৰে জড়িত হিজবুল্লাহেও আক্ৰমণ চলায়। বাতৰি অনুসৰি হিজবুল্লাহে ইজৰাইলৰ সামৰিক ঘাটিত দুশটা ৰকেট নিক্ষেপ কৰে।

কিন্তু এই এই ৰকেট আক্ৰমণত হতাহতৰ খবৰ স্পষ্ট নহয়, আনহাতে ইজৰাইলেও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, সোমবাৰে ইজৰাইলৰ আক্ৰমণত দেশখনত মহিলা আৰু শিশুসহ ৫৯২ জন লোকৰ মৃত্যু ঘটে। ইফালে এই আক্ৰমণত আহত লোকৰ সংখ্যা হৈছে ১৬৪৫ জন। সোমবাৰে নিশা হাইফা, আফুলা, নাচৰত আদি ঠাইত এই আক্ৰমণ সংঘটিত হয়। ইফালে ইজৰাইলে দাবী কৰা মতে, হিজবুল্লাহে নিক্ষেপ কৰা অধিক সংখ্যক ৰকেট তেওঁলোকৰ 'আইৰণ ড’মে’ আকাশতে ধ্বংস কৰি পেলায়। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সকীয়াই দিছে যে যদিহে হিজবুল্লাহে এই আক্ৰমণ বন্ধ নকৰে তেন্তে অনাগত দিনত অধিক শক্তিৰে আক্ৰমণ কৰা হ’ব।

ইজৰাইলৰ সেনাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে কয় যে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে যুঁজৰ পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। কিন্তু পৰৱৰ্তী পদক্ষেপটো অধিক ভয়ংকৰ হ’ব বুলিও তেওঁ ইংগিত দিয়ে। অন্যহাতে এই আক্ৰমণৰ পূৰ্বে সোমবাৰে ইজৰাইলৰ সেনাই লেবাননৰ ৰাজধানী বেইৰুটৰ বাসিন্দাসকলক অতি সোনকালে চহৰ এৰি আন ঠাইত আশ্ৰয় ল’বলৈ সকীয়াই দিয়ে। ইয়াৰোপৰি হিজবুল্লাহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈও সকীয়াই দিয়া হয়।

এই বাৰ্তা পোৱাৰ পিছত বেইৰুটৰ বাসিন্দাসকলে আন ঠাইলৈ পলায়ন কৰিবলৈ আৰম্ভ কৰে আৰু সতৰ্কবাণীৰ পিছতে ইজৰাইলে লেবাননৰ মাটিত সংঘটিত কৰে ধাৰাবাহিক বোমাক্ৰমণ। উল্লেখ্য যে, ইজৰাইলে বিগত ১১ মাহ ধৰি হিজবুল্লাহৰ সৈতে যুঁজ দি আহিছে। সেই দেশখনক আক্ৰমণ কৰিছিল পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে। হিজবুল্লাহেও তেওঁলোকক সমৰ্থন কৰিছিল। তেতিয়াৰ পৰাই আৰম্ভ হয় এই দুই ৰাষ্ট্ৰৰ সংঘাত। কিন্তু দুই ৰাষ্ট্ৰৰ নেতৃত্বৰ এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পৰিণাম ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই।

যুদ্ধংদেহি ৰূপত ইজৰাইল! লেবাননত নিহত ৫৯২জন...
কাইলৈ আছুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি গুৰুত্বপূৰ্ণ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in