Advertisment

কঠীয়াতলী শিক্ষা খণ্ডত খণ্ড পৰ্যায়ত শিকণ শিক্ষণ সজুঁলিৰ মেলা…

শনিবাৰে কঠীয়াতলী শিক্ষা খণ্ডত খণ্ড পৰ্যায়ত শিকণ শিক্ষণ সজুঁলিৰ মেলা আৰু প্ৰতিযোগিতা মুঠ ৩০ খন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ শনিবাৰে কঠীয়াতলী শিক্ষা খণ্ডত খণ্ড পৰ্যায়ত শিকণ শিক্ষণ সজুঁলিৰ মেলা আৰু প্ৰতিযোগিতা মুঠ ৩০ খন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়। বিচাৰক সকলৰ দৃষ্টিত সাক্ষৰতা শিতানত প্ৰথম স্থান লাভ কৰে উৰিয়া গাঁও মজলীয়া, দ্বিতীয় ধেনু চোচা মজলীয়া আৰু তৃতীয় স্থান লাভ কৰে ৰজাআলি মুক্তাব স্কুলে।

Advertisment

সাংক্ষিকতা শিতানত প্ৰথম মিনাপাম এল পি, ৰজাআলি মুক্তাব আৰু তৃতীয় স্থান লাভ কৰে ঘিলানী অনুসূচিত জাতি আদৰ্শ এল পি স্কুলে। প্ৰথম স্থান লাভ কৰা স্কুল দুখনে কাইলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব লাগিব। বঁটা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শংকৰ চেত্ৰীয়ে।

সমগ্ৰ শিক্ষা অভিযান মিছনৰ দ্বাৰা শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত শিক্ষণ সজুঁলিৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ দিয়ে বিচাৰক সন্ধা বেজবৰা, সহ-পৰিদৰ্শক নুৰ মহম্মদ,ঘনকান্ত বৰা, চি আৰ চি চি হিমাংশু বৰ্মন আৰু ডিম্বেশ্বৰ বৰা। উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড সমল ব্যক্তি ৰতন দাসে। অনুষ্ঠানত মুখ্য গাণনিক মুস্তাকিন আলমৰ লগতে কেইবাজনো চি আৰ চি চি আৰু বহু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

কামপুৰ