অৱসান ঘটিল এক যুগৰ, পৰলোক প্ৰাপ্তি হ’ল অভিজিৎ সেনৰ…

অৱসান ঘটিল এক যুগৰ, পৰলোক প্ৰাপ্তি হ’ল অভিজিৎ সেনৰ…

author-image
asomiyapratidin
New Update
অৱসান ঘটিল এক যুগৰ, পৰলোক প্ৰাপ্তি হ’ল অভিজিৎ সেনৰ…

ডিজিটেল ডেস্ক : দেশৰ অগ্ৰণী কৃষি অৰ্থনীতিবিদ তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য অভিজিৎ সেনৰ সোমবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত জ্যেষ্ঠ অৰ্থনীতিবিদগৰাকীৰ বয়স আছিল ৭২ বছৰ ।
প্ৰায় চাৰি দশকতকৈও অধিক কাল পেচাগত ভাৱে অৰ্থনীতিৰ সৈতে জড়িত অভিজিৎ সেন আছিল নতুন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক । ইয়াৰ ওপৰিও কৃষিভিত্তিক ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষৰ দৰে পদৰ সৈতে আন আন চৰকাৰী পদবীত কাৰ্যনিৰ্বাহ কৰিছিল সেনে ।

Advertisment

উল্লেখ্য যে, ২০০৪ ৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ কাৰ্য্যকালত পৰিকল্পনা আয়োগৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগৰ সদস্য আছিল অভিজিৎ সেন ।

আৰু পঢ়ক : অসমৰ অম্লান বৰগোহাঁই হৈ ৰওক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ 'অম্লান'…

india