/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/908b799e-4fd4-4cb2-a4e8-a88e1eaee97e/ukil.jpg)
সত্ৰ ন্যায়াধীশৰ বিৰুদ্ধে সৰৱ অধিবক্তা সন্থা
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ বিৰুদ্ধে সৰৱ মহকুমা আদালতৰ অধিবক্তা সন্থা। মঙলবাৰৰ পৰা বিলাসীপাৰা মহকুমা আদালতৰ অধিবক্তা সন্থা সত্ৰ আদালত বৰ্জন কাৰ্যসূচী পালন কৰে।
জানিব পৰা মতে, অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুজিত কুমাৰ ঘোষৰ মইমতালিত অতিষ্ঠ হৈ অধিবক্তা সন্থাই ৰাজহুৱাভাৱে একত্ৰিত হৈ চহৰখনৰ গৌৰাং নগৰস্থিত মহকুমা আদালতৰ অধিবক্তা সন্থাৰ কাৰ্যলয়ত সকলোৱে মিলি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজিৰে পৰা আদালত বৰ্জন কাৰ্যসূচী পালন কৰে।
উল্লেখ্য যে, অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুজিত কুমাৰ ঘোষে গোচৰীয়া,সাক্ষীবাদীক আনাহকত হাৰাশাস্তি কৰি অহাৰ লগতে,অনৈতিকভাৱে আৰু নিজ খেয়ালখুচি মতে কাম- কাজ সম্পাদন কৰি থকা বুলি অধিবক্তা সন্থাৰ আন আন অভিবক্তাৰ লগতে বিলাসীপাৰা মহকুমা অধিবক্তা সন্থাৰ সভাপতি দ্বীপন কুমাৰ নাথে সাংবাদিকৰ আগত উল্লেখ কৰে।
ন্যায়াধীশ ঘোষৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে অভিযোগ দাখিল কৰা বুলিও সভাপতি নাথে সাংবাদিকৰ আগত কয়। উল্লেখ্য যে, সমস্যাৰ নিষ্পত্তি নহোৱালৈকে সত্ৰ আদালতখন বৰ্জন কৰা হ'ব বুলি অধিবক্তা সন্থাই উল্লেখ কৰে।