'বিকৃত লভিতা'ৰ বিৰুদ্ধে বৃহৎ সাংস্কৃতিক প্ৰতিৰোধ সংগ্ৰামৰ হুংকাৰ ভাৰতীয় গণ নাট্য সংঘৰ...

lavita
lavita

ডিজিটেল সংবাদ বোকাখাতঃ গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক 'লভিতা'ক বিকৃতভাবে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। বিকৃত ভাৱে নাটকখন মঞ্চস্থ কৰা কাৰ্য বন্ধ কৰা আৰু জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ ওপৰত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত অসম প্ৰকাশন পৰিষদৰ হাতত থকা সৰ্বস্বত্ব সংৰক্ষণ বিধি উলংঘা কৰা লভিতাক বিকৃত ৰূপ দিয়া অভিজিৎ ভট্টাচাৰ্যৰ ওপৰত চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰি শাস্তিৰ দাবী জনাইছে ভাৰতীয় গণ নাট্য সংঘই।

ইয়াৰ উপৰিও অসমৰ পুৰোধা ব্যক্তিসকলৰ ৰচনাৰাজী সংৰক্ষণ আইন বলবৎ কৰাৰ দাবীত মঙলবাৰে বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে ভাৰতীয় গণ নাট্য সংঘই।

এই সন্দৰ্ভত ভাৰতীয় গণ নাট্য সংঘৰ আহ্বায়ক সোনেশ্বৰ নৰহে কয়-"এই স্মাৰকপত্ৰ দিবলৈ বাধ্য হৈছো। অতি পৰিতাপৰ কথা যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কালত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত 'অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষণ থকা জ্যোতিপ্ৰসাদৰ ৰচনাৱলীৰ অন্তর্ভুক্ত 'লভিতা' নাটখনি বিকৃত কৰি সস্তিয়া জনপ্রিয় নাটকলৈ অৱনমিত কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰিছে তথাকথিত নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্য আৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। এনে নিন্দনীয় কাম অন্ততঃ জ্যোতিপ্ৰসাদৰ দৰে পুৰুধা ব্যক্তিগৰাকীৰ ৰচনাৰাজীৰ ওপৰত আমি ভাৰতীয় গণনাট্য সংঘ তথা অসমৰ বৌদ্ধিক-সাংস্কৃতিক সমাজে কেতিয়াও সহ্য নকৰো।"

উল্লেখযোগ্য যে, ভাৰতীয় গণ নাট্য সংঘই ৬ টা দাবী সম্বলিত স্মাৰক পত্ৰখনৰ যোগেদি অসমৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আদি মনিষীসকলৰ ৰচনাৰাজী বিকৃত কৰিব নোৱাৰাকৈ এখন সংৰক্ষণ আইন বলবৎ কৰাৰ দাবী জনাইছে।

ইয়াৰ উপৰিও সকলো জিলাৰ উপায়ুক্তৰ যোগেদি আৱাহন থিয়েটাৰৰ আয়োজক সমিতিসমূহৰ অনুমোদন পত্ৰত বিকৃত ‘লভিতা' নাটখনি উপস্থাপন কৰিব নোৱাৰাৰ চৰ্ততহে অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰা, আৱাহন থিয়েটাৰৰ হৰ্ডিং, পোষ্টাৰ, গোহাৰি, টিকট আদিত জ্যোতিপ্ৰসাদৰ সেই বিকৃত নাটকৰ নাম উল্লেখ বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে জ্যোতিপ্ৰসাদ আৰু ‘লভিতা' এই নাম ব্যৱহাৰ কৰি উক্ত বিকৃত 'লভিতা'ক 'অন্য এক লভিতা' জাতীয় কোনো নামেৰেই অসমবাসীয়ে গ্ৰহণ নকৰে বুলি উল্লেখ কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কঠোৰ দৃষ্টি আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ইয়াৰ অন্যথা ভাৰতীয় গণনাট্যই বৃহৎ সাংস্কৃতিক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিছে ভাৰতীয় গণ নাট্য সংঘৰ আহ্বায়ক সোনেশ্বৰ নৰহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in