‘লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাপ্ৰাপক’ বিন্দেশ্বৰী হাজোৱাৰীৰ পৰলোকপ্ৰাপ্তি

লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাপ্ৰাপক, লেখিকা, শিল্পী তথা পদ্মশ্ৰী মংগলসিং হাজোৱাৰীৰ সহধৰ্মিনী বিন্দেশ্বৰী হাজোৱাৰী(৭৪)ৰ মৃত্যুত বৌদ্ধিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে

author-image
Asomiya Pratidin
New Update
‘লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাপ্ৰাপক’ বিন্দেশ্বৰী হাজোৱাৰীৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, কোকৰাঝাৰ : লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাপ্ৰাপক, লেখিকা, শিল্পী তথা পদ্মশ্ৰী মংগলসিং হাজোৱাৰীৰ সহধৰ্মিনী বিন্দেশ্বৰী হাজোৱাৰী(৭৪)ৰ মৃত্যুত বৌদ্ধিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে । কোকৰাঝাৰ বাগানশালী নিৱাসী বিন্দেশ্বৰী হাজোৱাৰীয়ে মৃত্যুৰ পূৰ্বে স্বামী পদ্মশ্ৰী মংগলসিং হাজোৱাৰী, দুগৰাকী পুত্ৰ সন্তান , চাৰি গৰাকী কন্যা , নাতি- নাতিনী , জোঁৱাই , বোৱাৰী আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। 

Advertisment

উল্লেখ্য যে চিৰাং জিলাৰ বেটনাবাৰী ফসলাবাৰীত জন্মগ্ৰহণ কৰা বিন্দেশ্বৰী হাজোৱাৰী এগৰাকী বিদুষী মহিলা আছিল । ১৯৭৬ চনত চিৰাং জিলাৰ ভাওঁৰাগুৰী গাঁও পঞ্চায়তৰ শিলবাৰী গাঁৱত প্ৰাপ্তবয়স্ক শিক্ষাৰ শিক্ষয়িত্ৰীৰে কৰ্মজীৱন আৰম্ভ কৰা বিন্দেশ্বৰী হাজোৱাৰী পিছলৈ অৰ্থাৎ ১৯৮৩ চনৰ পৰা স্বাস্থ্যকৰ্মী হিচাপে নিয়োজিত হৈছিল । 

সামাজিক জীৱনৰ অংশস্বৰূপে ১৯৭৬ চনত বাম্বুৰবাৰী হিৰিম্বা আফাট নামৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা, ১৯৮৫ চনত বঙাইগাঁও জিলা আবৌফৰ উপ-সভানেত্ৰী , ২০১৫ চনত কোকৰাঝাৰ বাথৌ মাইনাও আফাদৰ সভানেত্ৰী হিচাপে কাম কৰিছিল । একেদৰে ২০১৭ চনৰ পৰা মৃত্যুৰ আগমুহুৰ্তলৈকে দুলাৰায় বাথৌ মাইনাও আফাদৰ উপ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  

২০১২ চনৰ পৰা সাহিত্য একাডেমীৰ সাংস্কৃতিক বিভাগৰ সৈতে জড়িত গৈ ইণ্ডোনেচিয়া, নেপাল , ভূটান আদি দেশ পৰিভ্ৰমণ কৰিছিল । প্ৰয়াত বিন্দেশ্বৰী হাজোৱাৰীয়ে ২০০৩ চনত ৰেডিঅ' শিল্পী হিচাপে চাৰ্টিফিকেট লাভ কৰিছিল । 

ইয়াৰোপৰি বিভিন্ন আলোচনীত শিশু সাহিত্য , কবিতা , প্ৰৱন্ধ লিখা বিন্দেশ্বৰী হাজোৱাৰীয়ে "জিউনি মৌনদাংখী " নামৰ বড়ো কবিতা পুথি আৰু "মাননানী সলো " বুলি অনুবাদ গ্ৰন্থ ৰচনা কৰিছিল । ৰোমান লিপি আন্দোলনত ওতপ্ৰোতভাৱে জড়িত থকা বিন্দেশ্বৰী হাজোৱাৰী এগৰাকী সুগৃহিণী হোৱাৰ উপৰিও এগৰাকী আদৰ্শ মাতৃ আছিল । 

তেওঁৰ স্বামী ড° মংগলসিং হাজোৱাৰী পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু এগৰাকী শিক্ষাবিদ । ইয়াৰোপৰি তেওঁলোকৰ দুই সন্তান আৰু চাৰি কন্যাক বড়ো মাধ্যমৰ বিদ্যালয়তে পঢ়ুৱাই অতি উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছিল বিন্দেশ্বৰী হাজোৱাৰীয়ে । 

উল্লেখ্য যে ২০১৯ চনত অসম লেখিকা সংস্থাই বিন্দেশ্বৰী হাজোৱাৰীক "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা"ৰে বিভূষিত কৰি সন্মানিত কৰিছিল । অতি দুৰ্ভাগ্যজনকভাৱে বিন্দেশ্বৰী হাজোৱাৰী যোৱা ১ এপ্ৰিলত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত হঠাতেই শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত বৌদ্ধিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে ।

kokrajhar