/asomiyapratidin/media/media_files/2025/08/14/101-2025-08-14-15-48-21.jpg)
ডিজিটেল ডেস্ক : সাদিন- প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ পাছতে গা লৰিল গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ। ৰোগীৰ পৰা লোৱা বৰ্ধিত মাচুল ঘূৰাই দিবলৈ বাধ্য হ’ল কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষ।
প্ৰতিষ্ঠানখনৰ শেহতীয়া কৰ্মকাণ্ড সন্দৰ্ভত প্ৰতিদিন টাইমৰ সাংবাদিকে ধাৰাবাহিক বাতৰি পৰিৱেশ কৰি সকলো তথ্য ৰাজহুৱা কৰে। কিদৰে ৰোগীৰ পৰা প্ৰতিষ্ঠানখনে বৰ্ধিত মাচুল আদায় কৰিছিল, কেম’ থেৰাপিৰ নামত আদায় লোৱা বৰ্ধিত মাচুল আদি সম্পৰ্কত বৃহস্পতিবাৰে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ পাছতে প্ৰতিষ্ঠানখনে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়।
উল্লেখযোগ্য যে, কৰ্কট প্ৰতিষ্ঠানখনে শেহতীয়াকৈ মাচুল বৃদ্ধি কৰা বাতৰি সবিস্তাৰে প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ লগতে সচেতন মহলে। কাৰ্যতঃ প্ৰতিদিন গোষ্ঠীৰ ধাৰাবাহিক বাতৰি আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে প্ৰতিষ্ঠানখনে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়।
উল্লেখযোগ্য যে, কৰ্কট প্ৰতিষ্ঠানখনে হঠাতে গ্ৰহণ কৰা এই বৰ্ধিত মাচুলৰ প্ৰসংত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে কেতবোৰ কথা ৰাজহুৱা কৰে। তেওঁ ১০হাজাৰ টকা আগধন লোৱাৰ নিৰ্দেশ পোনচাতেই বাতিল কৰে।
লগতে সংবাদমেলত তেওঁ কয় যে, মাচুল বৃদ্ধি কেৱল কাৰ্ডৰ ৰোগীৰ ক্ষেত্রতহে কৰা হৈছিল। মেডি ক্লেইম আৰু কৰ্প’ৰেট খণ্ডৰে জড়িত সকলৰহে বৃদ্ধি কৰা হৈছিল। সাধাৰণ লোকৰ বাবে মাচুল বৃদ্ধি হোৱা নাই। বাতৰি কাকতত ওলোৱা খবৰ তথ্যৰ ওপৰত সন্নিবিষ্ট নহয় বুলি কৈ ৯৮% ৰোগী কাৰ্ড লৈ আহে চিকিৎসাৰ বাবে গতিকে মাচুল লোৱা–নোলোৱাটো কৰ্কট প্রতিষ্ঠান আৰু চৰকাৰৰ মাজত বুলি মন্তব্য কৰে।
তেওঁ আৰু কয়- দাম বৃদ্ধি হ’লে অসম চৰকাৰ অথবা কেন্দ্রই দিব লাগিব। কাৰ্ড নথকা সকলে পূৰ্বৰ দৰেই মাচুল দিব লাগিব।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে গ্ৰহণ কৰা এক পদক্ষেপে ৰোগী তথা অভিভাৱকৰ উপৰি সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছিল। ৰোগীক কোঁকোৰা চেঁপা দি এই কৰ্কট প্ৰতিষ্ঠানখনে পূৰ্বৰ তুলনাত ব্যাপক হাৰত মাচুল বৃদ্ধি কৰা কাণ্ডক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
উল্লেখযোগ্য যে, টাটা গ্ৰুপৰ সহযোগত বিভিন্ন চহৰৰ লগতে গুৱাহাটীত স্থাপন কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি কৰিছিল মাচুল। প্ৰতিষ্ঠানখনে জেনেৰেল বেডৰ মাচুল ২০০ টকাৰ পৰা ১,৫০০ টকা, পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকা বৃদ্ধি কৰিছিল। একেদৰে আউ চি ইউ বেডৰ মাচুল ১,৫০০ টকাৰ পৰা ৪,০০ টকা, চিটি স্কেন ৪,৫০০ টকাৰ পৰা ৬,৫০০ টকা, কেবিনৰ মাচুল ৩,০০০ টকাৰ পৰা একেকোবে ৪,৫০০ টকালৈ বৃদ্ধি কৰিছিল।
আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডচনে হঠাতে গুৱাহাটীৰ কৰ্কট প্ৰতিষ্ঠানখনৰ মাচুল বৃদ্ধি কৰাৰ কথা সাদিন- প্ৰতিদিন গোষ্ঠীয়ে সবিস্তাৰে ৰাজহুৱা কৰাৰ পাছতে ৰোগী আৰু অভিভাৱকৰ লগতে সচতেন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কেৱল মাচুল বৃদ্ধিতে ক্ষান্ত নথকা প্ৰতিষ্ঠানখনে ৰোগীক ভৰ্তি কৰাৰ সময়ত অভিভাৱকে ১০ হাজাৰ টকা জমা দিয়াৰ কথাও সদৰী কৰিছিল। তাৰোপৰি তেজ পৰীক্ষাৰ মাচুল পূৰ্বৰ ১,২০০ টকাৰ পৰা একেকোবে ২,৪০০ টকালৈ বৃদ্ধি কৰা কাৰ্যই স্তম্ভিত কৰিছিল সচেতন মহলক।
কৰ্কট প্ৰতিষ্ঠানখনৰ এই সকলো কথা প্ৰতিদিন গোষ্ঠীয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰ্কট প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হৈছিল বুধবাৰে। এই বৈঠকৰ পাছতে ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, এইটোৰ মাজত এটা ভুল বুজাবুজি আছে। কেন্সাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। প্ৰতিষ্ঠানখনে উল্লেখ কৰা ধৰণে সেই মাচুল ৰাইজে দিব নালাগে, এই মাচুল কাৰ্ডৰ পৰাহে আদায় দিয়া যাব। এই পইচাটো দিল্লীৰ পৰাহে যাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।